ৰাষ্ট্ৰীয় শিক্ষকৰ সন্মানৰে জিলিকিল অসমৰ মিনাক্ষী গোস্বামী

author img

By

Published : Aug 25, 2022, 8:18 PM IST

National Awards to Teachers 2022

অসম তথা তেজপুৰবাসীৰ বাসীৰ বাবে এক সুখবৰ ৷ ৰাষ্ট্ৰীয় শিক্ষকতাৰ বঁটা 2022 লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰ বিহগুৰিৰ স্বৰ্গীয় চন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে (Meenakshi Goswami selected for Teachers award)৷ এই বঁটা লাভ কৰি আনন্দিত হৈ পৰিছে মিনাক্ষী গোস্বামী ৷

তেজপুৰ, 25 আগষ্ট : ঘোষণা হ’ল ৰাষ্ট্ৰীয় শিক্ষকতাৰ বঁটা 2022 (National Awards to Teachers 2022) ৷ এই বঁটাই সমগ্ৰ অসম তথা তেজপুৰবাসীৰ বাবে কঢ়িয়াই আনিছে এক আনন্দৰ বতৰা ৷ কিয়নো তেজপুৰ বিহগুৰিৰ স্বৰ্গীয় চন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে সমগ্ৰ অসমৰ ভিতৰতে ৰাষ্ট্ৰীয় শিক্ষকতাৰ বঁটা 2022 লাভ কৰিবলৈ সক্ষম হৈছে (Meenakshi Goswami selected for Teachers award) ।

ভাৰতবৰ্ষৰ 46 গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ ভিতৰত এই বঁটা লাভ কৰি খুবেই আনন্দিত মিনাক্ষী গোস্বামী ৷ ইটিভি ভাৰতৰ সৈতে হোৱা প্ৰথমটো বাৰ্তালাপত তেওঁ মনৰ আনন্দ ব্যক্ত কৰিছে ৷ উল্লেখ্য যে, অধ্যক্ষা গোস্বামী 1989 চনৰ 22 আগষ্টত চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী ইংৰাজী বিভাগৰ অধ্যাপিকা হিচাবে যোগদান কৰিছিল ৷

পৰৱৰ্তী সময়ত সেই বিদ্যালয়ত 2017 চনৰ 3 মাৰ্চ তাৰিখৰ পৰা বৰ্তমানলৈকে অধ্যক্ষা হিচাবে কাম কৰি আছে ।

তেওঁ প্ৰয়াত ড৹ লোহিত চন্দ্ৰ গোস্বামীৰ কন্যা । প্ৰয়াত গোস্বামী তেজপুৰ চৰকাৰী বি এড মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল । শিক্ষাকেই জীৱনৰ বৃত্তি হিচাবে গ্ৰহণ কৰি অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত প্ৰাৰম্ভিক উত্তীৰ্ণ হোৱাৰ পিছতো মূল পৰীক্ষাত বহা নাছিল গোস্বামীয়ে ৷

1963 চনৰ 10 নৱেম্বৰত জন্ম লাভ কৰা মিনাক্ষী গোস্বামীয়ে শ্বিলঙৰ পৰা উচ্চ শিক্ষা লাভ কৰিছিল । ইটিভি ভাৰতৰ লগত হোৱা বাৰ্তালাপত তেওঁ কয়, ‘‘জীৱনৰ প্ৰধান লক্ষ্য তিনিটা ৷ প্ৰথম, ছোৱালী শিক্ষা, দ্বিতীয়টো হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি আৰু অধিক মাত্ৰাত শিক্ষিত কৰা আৰু তৃতীয়টো হৈছে পৰম্পৰাগত সাজ-পাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা’’ ৷

উল্লেখ্য যে, অহা 5 ছেপ্টেম্বত শিক্ষক দিৱসৰ দিনা নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President of India Draupadi Murmu) মিনাক্ষী গোস্বামীক এই বঁটা প্ৰদান কৰিব । এই বঁটাত আছে নগদ 50 হাজাৰ টকা আৰু এটা ৰূপৰ পদক ৷

লগতে পঢ়ক : চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী সৰলীকৰণত গুৰুত্ব চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.