ETV Bharat / state

অত্যাধিক গৰমৰ বাবে গোলাঘাটৰ চাৰিখন বিদ্যালয়ৰ প্ৰায় চল্লিশ গৰাকী শিক্ষাৰ্থী অসুস্থ

author img

By

Published : Aug 26, 2022, 8:06 AM IST

Updated : Aug 26, 2022, 8:56 AM IST

অত্যাধিক গৰমে জ্বলাকলা দেখুৱাইছে ৰাজ্যবাসীক ৷ বিশেষকৈ বৃদ্ধ আৰু শিশুসকলৰ বাবে গৰম হৈ পৰিছে অধিক যন্ত্ৰণাদায়ক ৷ শেহতীয়াকৈ অধিক গৰমৰ বাবে গোলাঘাট জিলাৰ ৰঙাগড়াৰ চাৰিখন বিদ্যালয়ৰ প্ৰায় চল্লিশগৰাকী শিক্ষাৰ্থী অসুস্থ হোৱাৰ উদ্বেগজনক খবৰ পোহৰলৈ আহিছে ৷ আগন্তুক 6 দিনলৈ বিদ্যালয় বন্ধ কৰিবৰ বাবে আহ্বান অভিভাৱকৰ (About 40 students of four schools fallen ill at Rangagara )৷

About 40 students of four schools fallen in ill at Rangagara
গোলাঘাট জিলাৰ ৰঙাগড়াৰ চাৰিখন বিদ্যালয়ৰ প্ৰায় চল্লিশ গৰাকী শিক্ষাৰ্থী অসুস্থ

ৰঙাগড়া, 26 আগষ্ট: গোলাঘাট জিলাৰ ৰঙাগড়াত অঘটন (Strange incident in Golaghat)৷ অত্যাধিক গৰমত ত্ৰাহি মধুসূদন সোৱঁৰিছে ৰাজ্যবাসীয়ে ৷ অত্যাধিক গৰমৰ বাবে গোলাঘাট জিলাৰ ৰঙাগড়াৰ চাৰিখন বিদ্যালয়ৰ বহুকেইগৰাকী শিক্ষাৰ্থী অসুস্থ হোৱাৰ উদ্বেগজনত খবৰ পোহৰলৈ আহিছে (About 40 students of four schools fallen ill)৷

বৃহস্পতিবাৰে ৰঙাগড়া প্ৰাথমিক বিদ্যালয়, বৰবাম প্ৰাথমিক বিদ্যালয়, ৰঙাগড়াঘাট হাইস্কুল আৰু আৰবিটি এমি স্কুলৰ প্ৰায় চল্লিশগৰাকী ছাত্ৰ-ছাত্ৰী হঠাৎ অসুস্থ হৈ পৰে (students of four schools fallen ill at Rangagara) ৷ বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ মূৰৰ বিষ, জ্বৰ, পেটৰ বিষ, বমি, উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাত বিদ্যালয়কেইখনত হুৱা-দুৱা লাগে ৷

অত্যাধিক গৰমৰ বাবে গোলাঘাটৰ চাৰিখন বিদ্যালয়ৰ প্ৰায় চল্লিশ গৰাকী শিক্ষাৰ্থী অসুস্থ

আনকি বুধবাৰেও ৰঙাগড়া বাগিচা প্ৰাথমিক বিদ্যালয়ত দহ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত অনুৰূপ দৃশ্যই সংঘটিত হোৱা পৰিলক্ষিত হৈছিল ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে ৰঙাগড়াৰ চাৰিখনকৈ বিদ্যালয়ৰ প্ৰায় 40 গৰাকী ছাত্ৰ-ছাত্ৰী পুনৰ অসুস্থ হৈ পৰে ৷ অৱশ্যে কি কাৰণত ছাত্ৰ-ছাত্ৰীসকল এনেধৰণে অসুস্থ হৈ পৰিছে জানিব পৰা হোৱা নাই যদিও অত্যাধিক গৰমৰ বাবেই এনে ঘটনা হোৱা বুলি সন্দেহ কৰিছে শিক্ষাগুৰু তথা অভিভাৱকসকলে ৷

উল্লেখ্য যে 10 গৰাকী ছাত্ৰ ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ মন কৰিবলগীয়া যে চিকিৎসকেও এতিয়ালৈ এই ৰোগৰ আঁৰৰ প্ৰকৃত কাৰণ ব্যক্ত কৰিব পৰা নাই ৷ শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষাৰ পিছতহে তেওঁলোকৰ অসুস্থ হৈ পৰাৰ কাৰণ ধৰা পৰিব বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে ৷

স্থানীয় লোকৰ অনুসৰি অত্যাধিক গৰমৰ বাবেই ছাত্ৰ-ছাত্ৰীসকল অসুস্থ হৈ পৰিছে ৷ এই ঘটনাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আটছাৰ লগতে অভিভাৱকসকলে আগন্তুক 6 দিনলৈ বিদ্যালয় বন্ধ দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

Last Updated :Aug 26, 2022, 8:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.