ETV Bharat / city

চিকিৎসা সেৱাৰ নামত ধন লুটাৰ দৌৰাত্ম নগাঁৱত

author img

By

Published : Aug 25, 2022, 8:56 PM IST

Updated : Aug 26, 2022, 8:18 PM IST

স্বাস্থ্যমন্ত্ৰীৰ গৃহজিলাত স্বাস্থ্য পৰীক্ষা, চিকিৎসাৰ নামত চলিয়েই আছে ব্যৱসায় (Mediacal terrorism in Nagaon)। ৰোগীৰ জীৱনক লৈ হেতালি ব্যক্তিগত নাৰ্ছিং হোম লেবেৰেটৰীৰ । পৃথক লেবেৰেটৰীত স্বাস্থ্য পৰীক্ষাৰ ৰিপ'ৰ্ট হয় পৃথক (Health report scam in Nagaon) । নীৰৱ নগাঁও স্বাস্থ্য বিভাগ ৷

Mediacal terrorism in Nagaon
চিকিৎসা সেৱাৰ নামত ধন লুটাৰ দৌৰাত্ম নগাঁৱত

নগাঁও, 25 আগষ্ট : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা নগাঁৱত স্বাস্থ্যৰ নামত চলিছে ব্যৱসায় (Mediacal terrorism in Nagaon)। একাংশ ব্যক্তিগত নাৰ্ছিং হোম আৰু লেবৰেটৰীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে চিকিৎসা অথবা স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ (Allegation against private hospital) । ভুল চিকিৎসাৰ বলি হৈ ইতিমধ্যেই মৃত্যুবৰণ কৰিবলগীয়াও হৈছে বহু ৰোগীয়ে (False treatment to Patient)।

শেহতীয়াকৈ নগাঁও চহৰৰে এটা ব্যক্তিগত লেবেৰেটৰীৰ বিৰুদ্ধে উত্থাপন হৈছে স্বাস্থ্য পৰীক্ষাৰ ভুল ৰিপ'ৰ্ট প্ৰদানৰ অভিযোগ (Allegation of false health report)। এজন ৰোগীৰ একেটা স্বাস্থ্য পৰীক্ষাৰে বেলেগ বেলেগ ৰিজাল্ট আহিল নগাঁৱৰ দুটা পৃথক লেবৰেটৰীত ৷ ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ মৈৰাবাৰীৰ বাকিৰুল ইছলাম নামৰ এজন ৰোগীৰ ক্ষেত্ৰত সংঘটিত হ’ল এই আজৱ ঘটনা ৷

এক জটিল ৰোগত আক্ৰান্ত হোৱা বাকিৰুল ইছলামে চিকিৎসকৰ পৰামৰ্শ মতে নগাঁও ভূঞাপট্টিত থকা হায়াত পেথ লেবত কৰাইছিল বুকুত জমা হোৱা পানীৰ ADA Estimation পৰীক্ষা (ADA Estimation test)৷ হায়াত পেথ লেবে দিয়া পৰীক্ষাৰ ৰিপ’ৰ্টত ADA Estimationৰ ৰিজাল্ট ওলায় 38 U/L ৷ কিন্তু হায়াত পেথ লেবে দিয়া পৰীক্ষাৰ ৰিজাল্টত বাকিৰুলক চিকিৎসা কৰা মেডিচিন বিশেষজ্ঞ আছিফ ইকবাল সন্তুষ্ট নোহোৱাত পুনৰ একেটা পৰীক্ষাই আন এটা লেবৰেটৰীত কৰিবলৈ পৰামৰ্শ দিয়ে (Hayat Path Lab in Nagaon) ৷

চিকিৎসা সেৱাৰ নামত ধন লুটাৰ দৌৰাত্ম নগাঁৱত

লগতে পঢ়ক: ৰাজ্যত এতিয়াৰে পৰা জধেমধে স্থাপন কৰিব নোৱাৰিব মাদ্ৰাছা

পিছত ৰোগী বাকিৰুলে নগাঁও চহৰৰ Dr. Bhaskar's Diagnostic & Research Centre ত কৰাই একেটা পৰীক্ষা ৷ দ্বিতীয়বাৰ কৰা পৰীক্ষাত ADA Estimationৰ ৰিজাল্ট ওলায় 86.0 U/L ৷ এনেদৰে এগৰাকী ৰোগীৰ একেটা পৰীক্ষাৰে দুটা লেবৰেটৰীত পৃথকে পৃথকে ৰিজাল্ট ওলোৱাত বাৰুকৈ বিপাঙত পৰে ৰোগী বাকিৰুল ইছলাম ৷ জটিল ৰোগত আক্ৰান্ত ৰোগী বাকিৰুলে প্ৰথমে পৰীক্ষা কৰোৱা হায়াত পেথ লেব নামৰ ব্যক্তিগত লেবৰেটৰীটোয়ে পৰীক্ষা নকৰাকৈ তেওঁক ৰিজাল্ট দিয়া বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৰোগীগৰাকীয়ে ৷

একমাত্ৰ ধন ঘটাৰ বাবেই নগাঁৱত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ লেবৰেটৰীয়ে এনেদৰে ৰোগীৰ জীৱনৰ সৈতে ল’ৰা ধেমালি খেলা কাৰ্যকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যাৰ বাবে সম্পূৰ্ণ অনিয়মৰ মাজেৰে চলি থকা ব্যক্তিগত লেবৰেটৰী সমূহৰ ওপৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী বাকিৰুল ইছলামে ৷ খোদ স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাতে স্বাস্থ্য পৰীক্ষাৰ নামত সংঘটিত হোৱা এনে বিসংগতি আৰু স্বাস্থ্যৰ নামত চলা বৃহৎ ব্যৱসায়ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

Last Updated :Aug 26, 2022, 8:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.