ETV Bharat / state

ৰাজ্যত এতিয়াৰে পৰা জধেমধে স্থাপন কৰিব নোৱাৰিব মাদ্ৰাছা

author img

By

Published : Aug 25, 2022, 5:05 PM IST

DGP Bhaskar Jyoti Mahanta visit Goalpara
গোৱালপাৰাত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

গোৱালপাৰাত উপস্থিত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত(DGP Bhaskar Jyoti Mahanta visit Goalpara) । জেহাদী আৰু মাদ্ৰাছা সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মন্তব্য ডিজিপিৰ । নীতি-নিৰ্দেশনাৰ মাজতহে এতিয়া ৰাজ্যত স্থাপন কৰিব পাৰিব মাদ্ৰাছা(Jihadi activities from Madrasa) ৷ গোৱালপাৰাত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ আছে আল কায়দাৰে সম্পৰ্ক ।

গোৱালপাৰা, 25 আগষ্ট: ৰাজ্যত এতিয়াৰ পৰা য’তে ত’তে জধে-মধে মাদ্ৰাছা স্থাপন কৰিব নোৱাৰিব । মাদ্ৰাছা স্থাপনৰ ক্ষেত্ৰত কেতবোৰ নিয়ম-নীতি মানিব লাগিব । এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷ বৃহস্পতিবাৰে গোৱালপাৰাত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জেহাদী আৰু মাদ্ৰাছা সম্পৰ্কত মন্তব্য ব্যক্ত কৰি এই তথ্য সদৰী কৰে ৷

গোৱালপাৰাত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই শেহতীয়াকৈ গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ আল কায়দাৰ লগত জড়িত থকাৰ কথা জানিবলৈ দিয়ে । অৱশ্যে মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ লগত অসমত ধৰা পৰা জেহাদীৰ সামঞ্জস্য বিচাৰি আৰক্ষীয়ে পৰীক্ষা কৰি থকাৰ কথাও তেওঁ উল্লেখ কৰে (Jihadi Latest activities in Assam) ৷

তেওঁ লগতে মুছলমান মানুহে জেহাদী কার্যকলাপত ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীক যথেষ্ট সহায় কৰি থকাৰ কথাও জানিবলৈ দিয়ে । তেওঁ আজি গ্ৰেপ্তাৰ কৰা আব্দুছ চৌহানৰ লগত বহিঃৰাজ্যত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ সম্পৰ্ক থকাৰ কথাও উল্লেখ কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আৰু কয় যে অসমত শক্তিশালী ৰূপত খোপনি পুতিছে জেহাদীয়ে(Assam becoming hotbed of jihadi activities) । তেওঁ এই ক্ষেত্ৰত অসম আৰক্ষী যথেষ্ট সক্ৰিয় হোৱাৰ কথা জানিবলৈ দিয়ে(Assam police search operation against jihadi) ৷

মহন্তই ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা জেহাদীৰ পৰা বহু তথ্য লাভ কৰাৰ কথা ব্যক্ত কৰে ৷ ইতিমধ্য়ে গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ তথ্যৰ ভিত্তিত আৰু কেইবাটাও জেহাদী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই(Jihadi activities in Assam) ।

লগতে পঢ়ক: গোৱালপাৰাৰ আটকাধীন দুই জেহাদীৰ সন্দৰ্ভত বিস্ফোৰক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.