ETV Bharat / city

শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 25, 2022, 8:28 PM IST

শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত খুমটাই চাহ বাগিচা(Child Death in Khumtai Tea Estate) ৷ বাগান কৰ্তৃপক্ষই চিকিৎসালয়খনত এজন চিকিৎসক ৰাখিব নোৱাৰাত ক্ষোভিত ৰাইজ । পলমকৈ ডিব্ৰুগড় মেডিকেলত উপস্থিত হোৱাত মৃত্যু হয় শিশুটিৰ ৷

warm-situation-at-khumtai-tea-estate-of-moran
শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

মৰাণ, 25 আগষ্ট: এটি নাবালিকাৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় মৰাণৰ সমীপৰ খুমটাই চাহ বাগিচাত(Child Death in Khumtai Tea Estate ) । খুমটাই চাহ বাগিচাৰ সাগৰ তাঁ‌তী আৰু বিদ্যা তাঁ‌তীৰ ৬ বছৰীয়া কন্যা পৰী তাঁ‌তীৰ বুধবাৰে নিশা হঠাৎ অসুস্থ হোৱাত ওচৰৰ খুমটাই চাহ বাগিচাৰ চিকিৎসায়লৈ নিয়ে । চিকিৎসালয়খনত কোনো চিকিৎসক নথকাত নাৰ্চে সামান্য ঔষধ দি তিলৈ ৰাজ্যিক চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে ।

বাগানৰ এম্বুলেঞ্চেৰে তিলৈলৈ শিশুটিক অনা হয় যদিও শিশুটিৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে ডিব্ৰুগড় মেডিকেললৈ(Dibrugarh Medical College and Hospital) নিবলৈ অনুমতি দিয়ে । একেখন এম্বুলেঞ্চতে শিশুটিক মেডিকেললৈ নিয়া হয় যদিও আধাবাটতে এম্বুলেঞ্চখন বিকল হৈ পৰে । ইফালে মেডিকেল পোৱাৰ পিছতে শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে । এই ঘটনাক কেন্দ্ৰ কৰিয়েই আজি খুমটাই বাগানৰ চিকিৎসালয়খনত স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।

বাগান কৰ্তৃপক্ষই চিকিৎসালয়খনত এজন চিকিৎসক ৰাখিব নোৱাৰাত ৰাইজ ক্ষোভিত হৈ পৰে । লগতে চিকিৎসালয়খনত এখন ভাল এম্বুলেঞ্চ নথকাত বাগানৰ কৰ্মচাৰীসকলে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো বাগান কৰ্তৃপক্ষক বাগিচা অঞ্চলৰ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'বলৈ নিৰ্দেশ দি অহাৰ পিছতো একাংশ বাগানৰ পৰিচালকে বাগিচা অঞ্চলৰ লোক সকলৰ স্বাস্থ্য ব্যৱস্থাত অলপো গুৰুত্ব দিয়া নাই ।

লগতে পঢ়ক: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সৰ্বকালৰ ব্যৰ্থ শিক্ষামন্ত্ৰী আখ্যা আপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.