ETV Bharat / city

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সৰ্বকালৰ ব্যৰ্থ শিক্ষামন্ত্ৰী আখ্যা আপৰ

author img

By

Published : Aug 25, 2022, 6:13 PM IST

Delhi model of government schools
Delhi model of government schools

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে দিল্লীৰ চৰকাৰী বিদ্যালয় সমূহক জাকত জিলিকা কৰি গঢ়ি তুলিছে (Delhi model of government schools)। চৰকাৰী বিদ্যালয়ৰ দিল্লী মডেল আন্তঃৰাষ্ট্ৰীয় মহলত প্রশংসিত হোৱাৰ সময়ত অসমত ইখনৰ পিছত সিখন বিদ্যালয় বন্ধ কৰাত নামি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ ।

গুৱাহাটী, 25 আগষ্ট: শিক্ষামন্ত্ৰী ৰণোজ পেগুক অসমৰ সৰ্বকালৰ অকৰ্মন্য শিক্ষা মন্ত্ৰী বুলি অভিহিত কৰিছে আম আদমী পাৰ্টীৰ অসম ৰাজ্যিকৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই (AAP says Ranoj Pegu failed education minister) । বৃহস্পতিবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকা কয় যে, অসমৰ ৰাইজে চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক শিক্ষামন্ত্ৰী পতা নাছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ চৰকাৰী বিদ্যালয়ৰ বাবে এক জটিল সংকত নমাই আনিছে বুলি অভিযোগ উত্থাপন কৰিছে আপৰ নেতাজনে ।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সৰ্বকালৰ ব্যৰ্থ শিক্ষামন্ত্ৰী আখ্যা আপৰ

জিতুল ডেকাই কয় যে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে দিল্লীৰ চৰকাৰী বিদ্যালয় সমূহক জাকত জিলিকা কৰি গঢ়ি তুলিছে (Delhi model of government schools)। চৰকাৰী বিদ্যালয়ৰ দিল্লী মডেল আন্তঃৰাষ্ট্ৰীয় মহলত প্রশংসিত হোৱাৰ সময়ত অসমত ইখনৰ পিছত সিখন বিদ্যালয় বন্ধ কৰাত নামি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ ।

তেওঁ লগতে কয় যে, সৌ সিদিনা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চৰকাৰী বিদ্যালয়ৰ বাবে সাহায্য বিচাৰি বিধায়কসকললৈ পত্ৰ প্ৰেৰণ কৰিছিল (Ranoj Pegu donation letter)। এই পত্ৰত বিদ্যালয় চলাবলৈ আর্থিক সংকটৰ কথা উল্লেখ কৰিছিল । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে কৌশলগতভাৱে শিক্ষামন্ত্ৰীৰ এই আহ্বানক প্রধানমন্ত্ৰীৰ এক আঁচনিৰ অংশ বুলি অভিহিত কৰি দান সম্পর্কে তাত্বিক বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক: এপিডিচিএলৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছ যুৱ নেত্ৰী অংকিতা দত্ত

জিতুল ডেকাই আৰু কয় যে ইতিমধ্যেই শিক্ষা বিভাগত মাধ্যম বিতৰ্কৰ সূত্ৰপাত কৰিছে এইখন চৰকাৰে । দান বিচৰা, মাধ্যম বিতর্ক চলি থকা সময়তে চৰকাৰে ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ নামত চিৰকালৰ বাবে বিলুপ্ত নাইবা বন্ধ কৰাত নামি পৰিছে (Amalgamation of govt school in Assam) । এইক্ষেত্ৰত মুখ্যমন্ত্রী বা শিক্ষামন্ত্ৰীয়ে অজুহাত দেখুৱাইছে যে বন্ধ কৰিব বিচৰা বিদ্যালয় সমূহৰ ফলাফল বেয়া ।

আপ অসমে এই সন্দৰ্ভত কয়, ‘‘অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সুদীৰ্ঘ কাল শিক্ষামন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । শিক্ষামন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মা ব্যর্থ হোৱাৰ পৰিণতিত চৰকাৰৰ বৰ্তমানৰ বিদ্যালয় বন্ধ কৰাৰ দৰে হঠকাৰী সিদ্ধান্তৰ বলি হ’ব লগা হৈছে ছাত্র-ছাত্রী, শিক্ষক আৰু অভিভাৱক সকল । অসমৰ চৰকাৰী বিদ্যালয় সমূহ ধাৰাবাহিকভাৱে বন্ধ কৰা বিষয়ে ৰাষ্ট্ৰীয় প্রেক্ষাপটতো চৰ্চা হৈছে’’ ।

লগতে পঢ়ক: সেনাৰ গুলীত গুলিবিদ্ধ হৈ আলফা স্বাধীনৰ চাৰ্জেণ্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ মৃত্যু

আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰত অসমৰ বিদ্যালয় বন্ধ কৰা সন্দৰ্ভত কৈছে যে, বিদ্যালয় বন্ধ কৰাটো সমাধান হ’ব নোৱাৰে । বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে ইয়াৰ সংস্কাৰ সাধন কৰি শিক্ষাৰ মান উন্নত কৰিব লাগে । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত দেখা গৈছে তেওঁলোকে ওকনিৰ ভয়ত চুলি খুৰোৱাৰ দৰে আচৰণ কৰিছে । এয়া অসমৰ চৰকাৰী শিক্ষাৰ বাবে দুর্ভাগ্যজনক কথা (Kejriwal tweet on Assam education system)।

সংবাদমেলত সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে আমিনগাঁৱত প্ৰায় ৬০ বিঘা মাটিত অভিলাসী বিদ্যালয় খুলিছে (Private school opened by Assam CM wife)। অথচ মুখ্যমন্ত্ৰীয়ে নিজে পঢ়া গান্ধিবস্তি প্রাথমিক বিদ্যালয়খনকেই আজিলৈকে উন্নত কৰি দেখুৱাব নোৱাৰিলে । ডাক্তৰ, ইঞ্জিনিয়াৰ ডিগ্ৰীধাৰীৰ সৈতে শিক্ষকৰ যোগ্যতা পৰীক্ষা উত্তীর্ণসকলক তুলনা কৰি শিক্ষামন্ত্রীয়ে কৰা মন্তব্যক তীব্রভাষাৰে গৰিহণা দিয়ে মামুন ইমদাদুল হক চৌধুৰীয়ে ।

শিক্ষক যোগ্যতা নিৰূপক পৰীক্ষাত উত্তীৰ্ণ হৈও শিক্ষকৰ চাকৰি লাভ নকৰা ৰাজ্যৰ প্রায় ৩০ হাজাৰ প্ৰাৰ্থীক অতি টুলুঙা মন্তব্যৰে অপমান কৰাটো দুর্ভাগ্যজনক বুলি দলটোৱে অভিহিত কৰে । লগতে দলটোৱে ৰাজ্যৰ ২০০০-২৫০০ খন চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ প্রস্তাৱ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ সংবাদ মেলযোগে দাবী জনায় ।

লগতে পঢ়ক: অসমত প্ৰহসনত পৰিণত সকলোৰে বাবে ঘৰ শ্লোগান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.