ETV Bharat / state

অসমত প্ৰহসনত পৰিণত সকলোৰে বাবে ঘৰ শ্লোগান

author img

By

Published : Aug 25, 2022, 2:20 PM IST

অতি লেহেম গতিত চলিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম (Pradhan Mantri Awas Yojana)। ২০২৪ চনৰ ভিতৰত ২০ লাখ ৮৪ হাজাৰ ৭০ টা গৃহ নিৰ্মাণৰ লক্ষ্য । নিৰ্ধাৰিত লক্ষ্যৰ মাত্ৰ ২৮.৫ শতাংশ ঘৰ নিৰ্মাণ কৰা হৈছে। সাত বছৰত অনুমোদন হিচাপত আঁচনিখনৰ গ্ৰামীণত ৪৬ শতাংশ আৰু নগৰত ৩০ শতাংশ কাম সম্পূর্ণ হৈছে । ডেৰ বছৰত লক্ষ্য পূৰণৰ বাবে নির্মাণ কৰিব লাগিব ১৪ লাখ ৮৮ হাজাৰ ২০১টা গৃহ ।

work-of-pradhan-mantri-awas-yojana-going-very-slow-in-assam
অসমত প্ৰহসনত পৰিণত সকলোৰে বাবে ঘৰ শ্লোগান

গুৱাহাটী, ২৫ আগষ্ট: ঘৰ এটাৰ প্ৰয়োজনীয়ত‍া থকাজনেহে ভালকৈ উপলব্ধি কৰিব পাৰে । এই প্ৰয়োজনীয়ত‍াৰ কথা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে উপলব্ধি কৰি ‘সকলোৰে বাবে গৃহ' - এই লক্ষ্যৰে আৰম্ভ কৰিছিল 'প্ৰধানমন্ত্ৰী আবাস যোজনা' চমুকৈ পি এম এ ৱাই আঁচনি (Pradhan Mantri Awas Yojana)। দেশজুৰি চলি থকা এই জনপ্ৰিয় আঁচনিখনৰ কাম কিন্তু অসমত শামুকীয়া গতিত চলি আছে (Slogan of home for all has become farce in Assam) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে দৰিদ্ৰজনক সেৱা কৰাৰ কথা কয় যদিও দৰিদ্ৰজনৰ বাবে প্ৰয়োজনীয় এই আঁচনিখন অসমত সফল ৰূপায়ণ নোহোৱাটো চৰম পৰিতাপৰ বিষয় । যি সময়ত প্ৰধানমন্ত্ৰীৰ সপোনৰ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ আন আন ৰাজ্যসমূহ বহুদূৰ আগুৱাই গৈছে সেই সময়ত এই নিৰ্দিষ্ট আঁচনিখন ৰূপায়ণত অসম পিছপৰি ৰৈছে ।

Work of Pradhan Mantri Awas Yojana going very slow in Assam
অসমত প্ৰহসনত পৰিণত সকলোৰে বাবে ঘৰ শ্লোগান

খোদ কেন্দ্ৰীয় গ্ৰামোন্নয়ন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমত অনুমোদন দিয়া হিচাপত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ কাম এতিয়ালৈকে মাত্ৰ ৪৬ শতাংশ আৰু প্ৰধানমন্ত্ৰী আবাস যোজনা (নগৰ)ৰ কাম মাত্ৰ ৩০ শতাংশহে সম্পূৰ্ণ হৈছে । কিন্তু নিৰ্ধাৰণ কৰা লক্ষ্য হিচাপত অসমত আঁচনিখনৰ গ্ৰাম্যৰ ক্ষেত্ৰত ২৮.৫৯ শতাংশ কামহে হৈছে । এনে পৰিস্থিতিত অসমত আঁচনিখনৰ ৰূপায়ণক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ (Work of PMAY going very slow in Assam)।

তথ্য অনুসৰি, ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা এতিয়ালৈকে অসমৰ বাবে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ২০ লাখ ৮৪ হাজাৰ ৭০ টা আবাস গৃহ নিৰ্মাণৰ লক্ষ্য লৈছিল। তাৰ ভিতৰত নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা ১২ লাখ ৯১ হাজাৰ ২১৭ টা আৱাস গৃহৰ ভিতৰত এতিয়ালৈকে নির্মাণ সম্পূৰ্ণ হৈ উঠিছে মাত্ৰ ৫ লাখ ৯৫ হাজাৰ ৮৬৯ টা আবাস গৃহহে ।

Work of Pradhan Mantri Awas Yojana going very slow in Assam
অসমত প্ৰহসনত পৰিণত সকলোৰে বাবে ঘৰ শ্লোগান

অৰ্থাৎ লক্ষ্য হিচাপত গ্ৰাম্যত মাত্ৰ ২৮.৫৯ শত‍াংশ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে । আনহাতে অনুমোদন দিয়া হিচাপত ৪৬ শতাংশ আৱাস গৃহৰ কামহে সম্পূৰ্ণ হৈছে । গ্ৰামাঞ্চলৰ দৰেই নগৰ অঞ্চলতো আঁচনিখনৰ কাম লেহেম গতিত চলি আছে । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত বিগত জুলাই মাহলৈকে মুঠ ১ লাখ ৬১ হাজাৰ ৩০৯ টা আৱাস গৃহৰ অনুমোদন জনাইছিল যদিও এতিয়ালৈকে নির্মাণ সম্পূৰ্ণ হৈ উঠিছে মাত্ৰ ৪৮ হাজাৰ ৫০৩টা আৱাস গৃহ ।

ইফালে গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ বাবে অসম চৰকাৰে অনুমোদন জনোৱা ৪,৮৮৪টা গৃহৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ২,৬২৪টা গৃহহে নিৰ্মাণ কৰা হৈছে । অৰ্থাৎ ৰাজধানী মহানগৰতে লক্ষ্যত উপনীত হ'বলৈ এতিয়াও ৪৬ শতাংশ গৃহ নির্মাণ কৰিবলৈ বাকী আছে । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনত কি গতিত প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিখনৰ কাম চলি আছে।

Work of Pradhan Mantri Awas Yojana going very slow in Assam
অসমত প্ৰহসনত পৰিণত সকলোৰে বাবে ঘৰ শ্লোগান

উল্লেখ যে, প্ৰতিটো পৰিয়ালেই থাকিবলৈ যাতে এটা ঘৰ লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫ চনত এই আঁচনিখন আৰম্ভ কৰিছিল । আঁচনিখনৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ চনৰ ভিতৰত দেশৰ গ্ৰাম্য আৰু চহৰ অঞ্চলত বাস কৰা প্ৰতিটো দুখীয়া পৰিয়ালকে আৱাস গৃহ প্ৰদানৰ লক্ষ্য হাতত লৈছিল । কিন্তু অসমৰ দৰে আন বহুকেইখন ৰাজ্যই আঁচনিখনৰ কাম সঠিকভাৱে ৰূপায়ণ নকৰাত এতিয়া চৰকাৰে আঁচনিৰ ম্যাদ ২০২৪ চনলৈ বৃদ্ধি কৰিছে ।

ইফালে অসমত এই আঁচনিখন ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । বহু অঞ্চলত যোগ্যজনে এই আঁচনিখনৰ সুফল লাভ কৰা নাই । বহু অঞ্চলত আধৰুৱা হৈয়ে ৰৈছে বহুসংখ্যক আৱাস গৃহ । যাৰ ফলত ৰাজ্যখনত আঁচনিখন সঠিকভাৱে ৰূপায়িত হোৱা নাই ।

Work of Pradhan Mantri Awas Yojana going very slow in Assam
অসমত প্ৰহসনত পৰিণত সকলোৰে বাবে ঘৰ শ্লোগান

জানিব পৰা মতে, আঁচনিখনৰ ৰূপায়ণক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ো । শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কার্যালয়ে এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰি আঁচনিখন ৰূপায়ণৰ কাম ক্ষিপ্ৰ কৰিবৰ বাবে গ্ৰামোন্নয়ন বিভাগক কঠোৰ নিৰ্দেশ দিছে ।

Work of Pradhan Mantri Awas Yojana going very slow in Assam
অসমত প্ৰহসনত পৰিণত সকলোৰে বাবে ঘৰ শ্লোগান

এক কথাত কবলৈ গ'লে অসমত সম্পূর্ণ প্ৰহসনত পৰিণত হৈছে ‘সকলোৰ বাবে ঘৰ'ৰ শ্লোগান (Home for everyone)। উল্লেখ্য যে, সাত বছৰত লক্ষ্যৰ মাত্ৰ ২৮.৫৯ শতাংশ ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা অসম চৰকাৰে আগন্তুক এবছৰ সাত মাহত বাকী থকা ১৪ লাখ ৮৮ হাজাৰ ২০১টা গৃহ নির্মাণ কৰিব লাগিব । অৰ্থাৎ উক্ত সময়ৰ ভিতৰত নিৰ্মাণ কৰিব লাগিব ৭১.৫ শতাংশ গৃহ।

লগতে পঢ়ক: মাজুলীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত বিসংগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.