ETV Bharat / bharat

ধৰ্ষণ কৰি হত্যা কৰা হৈছিল নেকি সোণালী ফোগাটক, মৰোণোত্তৰ পৰীক্ষাত বিস্ফোৰক তথ্য

author img

By

Published : Aug 26, 2022, 7:22 AM IST

সোণালী ফোগাটৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতেই ভাতৃ ৰিংকুৰ বিস্ফোৰক মন্তব্য (Postmortem report reveals Sonali death case)৷ হত্যা কৰি ধৰ্ষণ কৰা হৈছিল সোণালীক (Was Sonali Phogat raped and murdered) ৷

Etv Bharatgoa police registers fir sonali phogat death case
Etv Bharatধৰ্ষণ কৰি হত্যা কৰা হৈছিল নেকি সোণালী ফোগাটক

নিউজ ডেস্ক, 26 আগষ্ট: "আমি সন্দেহ কৰা নাই, আমি নিশ্চিত যে ফোগাটৰ ব্যক্তিগত সহায়কে তাইৰ আহাৰত ড্ৰাগছ মিহলি কৰাৰ পিছত তাইক ধৰ্ষণ কৰিছিল (Was Sonali Phogat raped and murdered) ৷" হাৰিয়ানাৰ বিজেপি নেত্ৰী তথা জনপ্ৰিয় টিকটিক ষ্টাৰ সোণালী ফোগাটৰ মৃত্যুৰ নতুন মোৰ (Sonali Phogat death case update)৷ সোণালী ফোগাটৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতেই ভাতৃ ৰিংকুৱে এই বিস্ফোৰক মন্তব্য কৰে (Postmortem report reveals Sonali death case) ৷

শেহতীয়াকৈ গোৱা চিকিৎসা মহাবিদ্যালয়ৰ ( Goa Medical College)ফ'ৰেনছিক মেডিচিন আৰু টক্সিকোলজী বিভাগৰ পৰা প্ৰকাশ হোৱা সোণালীৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ধৰা পৰিছিল যে সোণালীৰ মৃত্যুৰ পূৰ্বে তেওঁৰ শৰীৰত কোনো লোকে বল প্ৰয়োগ কৰিছিল আৰু সেই চিন স্পষ্টকৈ প্ৰকাশ পাইছে (Multiple blunt force injuries all over body)৷

অৱশ্যে প্ৰথমে আৰক্ষীয়ে নেত্ৰীগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জনাইছিল যদিও পৰিয়ালৰ লোকৰ হেঁচাত আৰক্ষীয়ে সোণালী মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছতে ওলাই পৰে প্ৰকৃত সত্য ৷

Read what the postmortem report says
মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

উল্লেখ্য যে যোৱা 23 আগষ্টত গোৱাত 42 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিল এই গৰাকী বিজেপি নেত্ৰীয়ে ৷ সোণালীক মঙলবাৰে পুৱা উত্তৰ গোৱাৰ অঞ্জুনাৰ ছেইণ্ট এন্থনী চিকিৎসালয়লৈ মৃত অৱস্থাত অনা হয় । ইতিমধ্যে মৰোণোত্তৰ পৰীক্ষাৰ পিছতে ফোগাটৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া দিল্লীত উপস্থিত হ'ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

Read what the postmortem report says
মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

ইফালে সোণালীৰ এই আকস্মিক মৃত্যুক সহজে মানি লব পৰা নাছিল পৰিয়ালৰ লোকে ৷ ইয়াৰ পিছতে ৰিংকু ঢাকাই (Phogat brother Rinku) গোৱা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে যে তেওঁৰ ভগ্নীক তেওঁৰ ব্যক্তিগত সহায়ক সুধীৰ চাংৱান আৰু তেওঁৰ বন্ধু সুখৱিন্দৰে ধৰ্ষণ কৰি হত্যা কৰিছিল ৷ ভাতৃয়ে জনোৱা অনুসৰি ফোগাটে 23 আগষ্টত তেওঁৰ মৃত্যুৰ কেইঘণ্টামান পূৰ্বে মাতৃ, ভগ্নী আৰু ভাতৃৰ সৈতে ফোনত কথা পাতিছিল ৷ নেত্ৰীগৰাকীৰ গোৱা ভ্ৰমণৰ কোনো পৰিকল্পনা নাছিল আৰু ষড়যন্ত্ৰ অনুসৰি তেওঁক গোৱালৈ মাতি অনা হৈছিল ৷ হোটেলৰ দুটা কোঠা মাত্ৰ দুদিনৰ বাবে বুক কৰা হৈছিল । ইফালে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ 24 আগষ্টত হোৱাৰ কথা আছিল, কিন্তু 21 আৰু 22 আগষ্ট তাৰিখৰ কাৰণেহে হোটেল বুক কৰা হৈছিল ৷

goa police registers fir sonali phogat death case
ধৰ্ষণ কৰি হত্যা কৰা হৈছিল নেকি সোণালী ফোগাটক

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি আৰু মৰোণোত্তৰ প্ৰতিবেদনৰ তথ্য অনুসৰি গোৱা আৰক্ষীয়ে বৃহস্পতিবাৰে ফোগাটৰ মৃত্যুত জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে ।

আনহাতে সোণালীৰ 15 বছৰীয়া কন্যা যশোধাৰাই তেওঁৰ মাতৃৰ মৃত্যুৰ বাবে ন্যায় বিচাৰিছে ৷ সোনালীয়ে হাৰিয়ানাৰ আদমপুৰ আসনৰ পৰা বিজেপি নেতা কুলদীপ বিষ্ণৈয়ৰ বিৰুদ্ধে যোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল, য’ত তেওঁ পৰাজয় হৈছিল । তেওঁ ২০২০ চনত ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় বিতৰ্কিত টিভি ৰিয়েলিটী শ্ব’ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী আছিল সোনালী ফোগাট ৷

লগতে পঢ়ক: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অভিনেত্ৰী সোনালী ফোগাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.