ETV Bharat / city

লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ হ’ব পাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য

author img

By

Published : Aug 25, 2022, 10:30 PM IST

লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ হ’ব কেন্দ্ৰীয় শাসিত ৰাজ্য(Cooch Behar To Become Union Territory) ! অসম আৰু পশ্চিমবংগৰ চৈধ্যখনকৈ জিলাক সামৰি লৈ কোচবিহাৰ হ’ব কেন্দ্ৰীয় শাসিত ৰাজ্য ৷ কোচবিহাৰৰ মহাৰাজ অনন্ত ৰায়ৰ মহাবিস্ফোৰণৰ পিছতেই বিৰূপ প্ৰতিক্ৰিয়া ৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ হ’ব পাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য
লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ হ’ব পাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য

ধুবুৰী, 25 আগষ্ট : শীঘ্ৰেই কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব পাৰে কোচবিহাৰ । লোকসভা নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰিব কোচবিহাৰক । এইদৰেই গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক মুৰব্বী তথা মহাৰাজ অনন্ত ৰায়ে(Cooch king Ananta Rai Maharaj) মহাবিস্ফোৰণ ঘটোৱাৰ পিছতেই অসম আৰু পশ্চিমবংগৰ বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, অসম আৰু পশ্চিমবংগৰ চৈধ্যখনকৈ জিলাক সামৰি লৈ কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব বুলি মহাৰাজ অনন্ত ৰায়ে সংবাদ মাধ্যমত ঘোষণা কৰে(Cooch Behar will become a separate union territory) ।

মহাৰাজ অনন্ত ৰায়

মহাৰাজ অনন্ত ৰায়ে উল্লেখ কৰা মতে ১৯৯৮ চনত গঠন হোৱা গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছ’চিয়েছনে আৰম্ভণিতেই পৃথক কোচবিহাৰ ৰাজ্য গঠনৰ দাবী কৰি আহিছিল । তেতিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ উপৰিও তদানীন্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু পৰৱৰ্তী কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ৰাজনাথ সিং আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী অমিত শ্বাহৰ সৈতেও কেইবালানি বৈঠক অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰে মহাৰাজ অনন্ত ৰায়ৰ লগতে গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছ’চিয়েছনৰ সভাপতি আৰু সম্পাদকে ।

ইপিনে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ যাৱতীয় কাম প্ৰায় সম্পন্ন কৰি তুলিছে বুলি উল্লেখ কৰি আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰাৰ আশ্বাস প্ৰদান কৰা বুলিও মহাৰাজে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত । মহাৰাজ অনন্ত ৰায়ে উল্লেখ কৰা মতে, পশ্চিমবংগৰ মালদা, দক্ষিণ দিনাজপুৰ, উত্তৰ দিনাজপুৰ, জলপাইগুৰি, দাৰ্জিলিং, কলিংপং, আলিপুৰ দুৱাৰ, কোচবিহাৰক সামৰি লোৱা হৈছে কোচবিহাৰত । আনহাতে অসমক দ্বিখণ্ডিত কৰি নামনি অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁৱক সামৰি লৈ গঠন কৰা হ’ব কোচবিহাৰ ৰাজ্য ।

ইফালে কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য হোৱাৰ লগে লগে ভাষাৰ ক্ষেত্ৰত এক জ্বলন্ত সমস্যা আহিব পৰাটো নিশ্চিত । কাৰণ বৰ্তমান পশ্চিমবংগৰ মাতৃভাষা বাংলা আৰু অসমৰ মাতৃভাষা হৈছে অসমীয়া । এইক্ষেত্ৰত প্ৰশ্ন কৰাত মহাৰাজ অনন্ত ৰায়ে কয়, কোচবিহাৰ ৰাজ্যৰ মাতৃভাষা হ’ব ৰাজবংশী ভাষা, ইয়াত অন্য কোনো ভাষা নচলিব । ইপিনে কামতাপুৰ ৰাজ্য গঠনৰ বাবে দীৰ্ঘদিনে দাবী কৰি অহাসকলে কোচবিহাৰ ৰাজ্য গঠনত সমৰ্থন কৰিব বুলি মহাৰাজ অনন্ত ৰায়ে দাবী কৰিছে ৷

অসমৰ বিভিন্ন দল সংগঠনে এই সিদ্ধান্তৰ সম্পূৰ্ণ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে । আচলতে কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ হৈ পৰাৰ বাবেই মহাৰাজ অনন্ত ৰায়ে এনে মন্তব্য কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ ইয়াৰ বিপৰীতে এয়া বিজেপিৰ ৰাজনৈতিক অংকও হ’ব পাৰে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন মহলত । অৱশ্যে মহাৰাজ অনন্ত ৰায়ে অসম আৰু পশ্চিমবংগক দ্বিখণ্ডিত কৰাৰ এক পৰিকল্পনাৰে মহাবিস্ফোৰণ ঘটোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়াই লক্ষণীয় বিষয় ।

লগতে পঢ়ক : অনন্ত ৰায় মহাৰাজাৰ মন্তব্যত বিটিআৰত তুমুল প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.