ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Mar 18, 2022, 9:03 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

মহানগৰীত জল নিষ্কাষণ তথা বৰিঙৰ নিষেধাজ্ঞা উঠাই ল’লে জিলা উপায়ুক্তই

গুৱাহাটী মহানগৰীত জল নিষ্কাষণ, বৰিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ জাৰী কৰা (Ban on drainage or borewell drilling in Kamrup Metro) কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্তই শেহতীয়াভাৱে বিপৰীত স্থিতি গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত সংবাদমেল আহ্বান কৰি গুৱাহাটী মহানগৰীত জল নিষ্কাষণ, বৰিঙৰ ক্ষেত্ৰত জাৰী কৰা নিষেধাজ্ঞা উঠাই লোৱা বুলি ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

বিশিষ্ট চিন্তাবিদ শংকৰ দাসৰ মৃত্যুঞ্জয় ভাৰত উন্মোচন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ‘আলােক প্রভঞ্জন বেলফেয়াৰ ছচাইটীৰ উদ্যোগত আয়ােজিত এক অনুষ্ঠানত বিশিষ্ট সমাজকর্মী শংকৰ দাসৰ মৃত্যুঞ্জয় ভাৰত’ নামৰ এখন গ্রন্থ আনুষ্ঠানিকভাৱে উন্মােচন কৰে (Cm unveils book of eminent thinker Shankar Das )।

কংগ্ৰেছত খহনীয়া: পাৰ্থপ্ৰতিম বৰাৰ দলত্যাগ

কংগ্ৰেছত ব্যাপক খহনীয়া ৷ নিতৌ দল ত্যাগ কৰিছে ইজনৰ পিছত সিজন নেতাই ৷ এইবাৰ কংগ্ৰেছক চিৰ বিদায় দিলে দলটোৰ এজন অত্যন্ত প্ৰভাৱশালী যুৱ নেতাই ৷

Wild fire in Balipara reserve forest: বালিপৰা সংৰক্ষিত বনাঞ্চলত নিৰ্বাপিত হোৱা নাই জুই

পুনৰ দাওদাওকৈ জ্বলিছে বালিপৰা সংৰক্ষিত বনাঞ্চল । চতুৰ্থ দিনা আকৌ ভয়ংকৰ ৰূপ লৈছে এই অগ্নিকাণ্ডই (Devastating wild fire in Balipara reserve forest)।

Holi celebration in Batadraba: পাঁচদিনীয়া কাৰ্য্যসূচীৰে বটদ্ৰৱাত ফাল্গুৎসৱ

তাল খোলৰ শব্দত মুখৰিত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান । বৃহস্পতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ফাল্গুৎসৱ(Holi festival at Batadrava shrine) । ফাল্গুৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বটদ্ৰৱা থানত । প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুযায়ী বৃহস্পতিবাৰে সন্ধিয়া নাম প্ৰসংগৰ লগতে অনুষ্ঠিত গন্ধ উৎসৱ ।

The Kashmir Files : ছুটী লওক আৰু চিনেমা চাওক: চৰকাৰী নিৰ্দেশনা জাৰি

ৰাজ্য ‌চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে বৃহস্পতিবাৰে জাৰি কৰা এক বিশেষ নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰ্দ্ধছুটি লৈ "দ্য কাশ্মীৰ ফাইল" ছবিখন উপভোগ কৰিব পাৰিব (Assam government grant half day leave for state employees) ৷ কেৱল চিনেমাখন চাই পিছদিনা উৰ্দ্ধতম বিষয়াক প্ৰমাণ হিচাপে জমা দিব লাগিব চিনেমা হলৰ টিকটটো ।

Rajya Sabha election: কংগ্ৰেছে থ্ৰি লাইন হুইপ দিলেও জিকিম আমিয়েই: পীযুষ হাজৰিকা

সমাগত ৰাজ্যসভা নিৰ্বাচনকলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহ(Political parties are gearing up for upcoming Rajya Sabha elections) ৷ ইতিমধ্যে কংগ্ৰেছৰ দুই নেতাই সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ ৷ লগতে জাৰি কৰিব থ্ৰি লাইন হুইপ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika reacts to three line whip) ৷

চৰকাৰী কৰ্মচাৰীলৈ অৰ্ধ ছুটি: অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

বিবেক অগ্নিহোত্ৰীৰ দ্য কাশ্মীৰ ফাইল্ছে (The Kashmir Files) মুক্তিৰ পিছতে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে ৷ ৰাজ্য চৰকাৰে ছবিখন উপভোগ কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৰ্ধ ছুটী ঘোষণা কৰাক লৈ(Half day leave for government staff in Assam) প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নেতা আব্দুল জলিল তালুকদাৰে ৷

হাৰ নামানে: নিজৰ স্থিতিত অচল-অটল জেলেনস্কি

ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইন ৷ যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই কৰা আক্ৰমণৰ পিছৰে পৰা দেশখনৰ শেহতীয়া পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে, এতিয়া সৰ্বসাধাৰণৰ জীৱন কোনো পধ্যেই সুৰক্ষিত বুলিব নোৱাৰি ৷ পিছে অলৰ-অচল-অটল স্থিতিত এতিয়াও আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধান ভলোডিমিৰ জেলেনস্কি (Zelensky giving tough fight to Russia ) ৷

বয়স অনুপাতে মহিলাসকলে কোনবোৰ আহাৰ গ্ৰহণ কৰিব লাগে ?

এগৰাকী মহিলাই কিশোৰী অৱস্থাৰ পৰা বৃদ্ধাৱস্থালৈ প্ৰতিটো সময়তে নিজকে কেনেদৰে সুস্থ, সবল কৰি ৰাখিব পাৰে (How can women optimise their diet according to age )? সুস্থ হৈ থাকিবলৈ কোনোবোৰ আহাৰ গ্ৰহণ কৰিব লাগে ? বয়স হোৱাৰ লগে লগে কেনেদৰে আহাৰ নিয়ন্ত্ৰণ কৰিব লাগে তাৰ কেইটামান পৰামৰ্শ তলত উল্লেখ কৰা হ'ল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.