ETV Bharat / state

The Kashmir Files : ছুটী লওক আৰু চিনেমা চাওক: চৰকাৰী নিৰ্দেশনা জাৰি

author img

By

Published : Mar 17, 2022, 7:25 PM IST

ৰাজ্য ‌চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে বৃহস্পতিবাৰে জাৰি কৰা এক বিশেষ নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰ্দ্ধছুটি লৈ "দ্য কাশ্মীৰ ফাইল" ছবিখন উপভোগ কৰিব পাৰিব (Assam government grant half day leave for state employees) ৷ কেৱল চিনেমাখন চাই পিছদিনা উৰ্দ্ধতম বিষয়াক প্ৰমাণ হিচাপে জমা দিব লাগিব চিনেমা হলৰ টিকটটো ।

ছুটী লওক আৰু চিনেমা চাওকঃ‌ চৰকাৰী নিৰ্দেশনা জাৰি
ছুটী লওক আৰু চিনেমা চাওকঃ‌ চৰকাৰী নিৰ্দেশনা জাৰি

গুৱাহাটী, ১৭ মাৰ্চ : আপুনি চৰকাৰী কৰ্মচাৰী নেকি ? যদি হয় তেন্তে আপোনাৰ আশে পাশে থকা কোনোবা চিনেমা হলত যদি "দ্য কাশ্মীৰ ফাইল" ছবিখন চলি আছে আৰু যদি আপুনি চাব বিচাৰে তেন্তে বিলম্বৰ নাই প্ৰয়োজন (The Kashmir File) । আপোনাৰ কাৰ্যালয়ৰ উৰ্ধতম কৰ্তৃপক্ষক আপোনাৰ সেই আশা ব্যক্ত কৰক আৰু লগে লগে কাৰ্যালয়ৰ পৰা অৰ্দ্ধছুটি লৈ চিনেমাখন উপভোগ কৰকগৈ । এইবাৰ চিনেমা চাবলৈ কৰ্মচাৰীক ছুটি দিবলৈ আপোনাৰ ওপৰৱালা বাধ্য । কাৰণ দিছপুৰৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে ছুটি দিবলৈ । কেৱল চিনেমাখন চাই আহি পিছদিনা আপুনি আপোনাৰ উৰ্দ্ধতম বিষয়াক প্ৰমাণ হিচাপে চিনেমা হলৰ টিকটটো জমা দিব লাগিব ।

ছুটী লওক আৰু চিনেমা চাওকঃ‌ চৰকাৰী নিৰ্দেশনা জাৰি
ছুটী লওক আৰু চিনেমা চাওকঃ‌ চৰকাৰী নিৰ্দেশনা জাৰি

ৰাজ্য ‌চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে বৃহস্পতিবাৰে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে । কাইলৈৰ পৰাই কাৰ্যকৰী হ'ব এই নিৰ্দেশ (Assam government grant half day leave for state employees) । অৱশ্যে শুকুৰবাৰৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে একেলগে লাভ কৰিব তিনিদিনৰ ছুটি । শুকুৰবাৰৰ দিনটো ফাকুৱাৰ বাবে চৰকাৰী বন্ধ, শনিবাৰৰ দিনটো প্ৰায়বোৰ জিলাতে ঘোষণা কৰা হৈছে স্থানীয় বন্ধ । তাৰ পিছদিনা দেওবাৰ । ইচ্ছা কৰিলে সোমবাৰেও অৰ্দ্ধবেলা ছুটি "কাশ্মীৰ ফাইল"ৰ বাবে ।

ছুটী লওক আৰু চিনেমা চাওকঃ‌ চৰকাৰী নিৰ্দেশনা জাৰি
ছুটী লওক আৰু চিনেমা চাওকঃ‌ চৰকাৰী নিৰ্দেশনা জাৰি

১৫ মাৰ্চত স্বয়ং মুখ্যমন্ত্ৰীয়ে তেওঁৰ সতীৰ্থ মন্ত্ৰী, বিধায়ক সকলোকে লগত লৈ গৈ গুৱাহাটীৰ এটা চিনেমা হলত "দ্য কাশ্মীৰ ফাইল" চাইছিল । চিনেমাখন চাই উঠি তেওঁ মন্তব্য কৰিছিল যে, "সকলোৱে এই ছবিখন চোৱা উচিত ।" এই ছবিখন‌ চাবলৈ ৰাজ্যিক কৰ্মচাৰীৰ বাবে অৰ্দ্ধছুটিও দিয়া হব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল । কথামতেই কাম । আজি জাৰি কৰা হ'ল অৰ্দ্ধছুটিৰ বিশেষ নিৰ্দেশনা ।

লগতে পঢ়ক : Rajya Sabha election: কংগ্ৰেছে সংগ্ৰহ কৰিলে মনোনয়ন, জাৰি কৰিব থ্ৰি লাইন হুইপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.