ETV Bharat / city

মহানগৰীত জল নিষ্কাষণ তথা বৰিঙৰ নিষেধাজ্ঞা উঠাই ল’লে জিলা উপায়ুক্তই

author img

By

Published : Mar 18, 2022, 7:17 AM IST

গুৱাহাটী মহানগৰীত জল নিষ্কাষণ, বৰিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ জাৰী কৰা (Ban on drainage or borewell drilling in Kamrup Metro) কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্তই শেহতীয়াভাৱে বিপৰীত স্থিতি গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত সংবাদমেল আহ্বান কৰি গুৱাহাটী মহানগৰীত জল নিষ্কাষণ, বৰিঙৰ ক্ষেত্ৰত জাৰী কৰা নিষেধাজ্ঞা উঠাই লোৱা বুলি ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

Kamrup Metro DC Lifts ban on drainage or borewell drilling
Kamrup Metro DC Lifts ban on drainage or borewell drilling

গুৱাহাটী, 18 মাৰ্চ : কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত জল নিষ্কাষণ, বৰিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ(Ban on drainage or borewell drilling in Kamrup Metro) জাৰী কৰিছিল কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্তই ৷ কিন্তু শেহতীয়াভাৱে এই ক্ষেত্ৰত বিপৰীত স্থিতি গ্ৰহণ কৰিছে উপায়ুক্তগৰাকীয়ে । জনসাধাৰণৰ সেৱা তথা প্ৰকৃতিৰ জলস্তৰৰ সুৰক্ষাৰ স্বাৰ্থত আৰু লগতে ৰাইজৰ আবেদনৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই যোৱা ১০ মাৰ্চত এক নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় ভূমি জল ব’ৰ্ডৰ আগতীয়া অনুমতি অবিহনে বৰিং আৰু ভূমিৰ তলৰ পৰা জল নিষ্কাষণ বন্ধ কৰাৰ নিষেধাজ্ঞা দিছিল ।

কিন্তু বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেল আহ্বান কৰি গুৱাহাটী মহানগৰীত জল নিষ্কাষণ, বৰিঙৰ ক্ষেত্ৰত জাৰী কৰা নিষেধাজ্ঞা উঠাই লোৱা বুলি ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই (Kamrup Metro DC Lifts ban on drainage or borewell drilling) । সংবাদমেল সম্বোধন কৰি উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে যোৱা ১১ তাৰিখে আন এক আদেশৰ জৰিয়তে জনসাধাৰণ ঘৰুৱা ব্যৱহাৰ (বাণিজ্যিক নহয়) আৰু সৈন্য বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠানসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছিল ।

কিন্তু বৰ্তমানৰ শুকান বতৰ আৰু খোৱা পানীৰ নাটনিৰ (Scarcity of water in Guwahati city) প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ আবেদনৰ ভিত্তিত জনসেৱাৰ স্বাৰ্থত উপৰোক্ত দুয়োটা নিষেধাজ্ঞা সাময়িকভাৱে উঠাই লৈছে জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমে । বুধবাৰে এক আদেশৰ জৰিয়তে তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই সম্পৰ্কত সাংবাদিকক অৱগত কৰে ।

জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সংবাদ মেলখনত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে, জল নিষ্কাষণৰ জৰিয়তে প্ৰকৃতিক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ লগতে বহু সময়ত বৰিঙৰ গাড়ী আদিয়ে জল জীৱন বিপৰ্যস্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক আবেদনৰ স্বাৰ্থত বৰিং, জল নিষ্কাষণ বন্ধ কৰা হৈছিল। কিন্তু বৰ্তমান শুষ্ক বতৰৰ প্ৰতি লক্ষ্য ৰাখি উক্ত নিষেধাজ্ঞা সাময়িকভাৱে উঠাই লোৱা হৈছে ৷

লগতে পঢ়ক : The Kashmir Files : ছুটী লওক আৰু চিনেমা চাওক: চৰকাৰী নিৰ্দেশনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.