ETV Bharat / state

কংগ্ৰেছত খহনীয়া: পাৰ্থপ্ৰতিম বৰাৰ দলত্যাগ

author img

By

Published : Mar 17, 2022, 10:40 PM IST

কংগ্ৰেছত ব্যাপক খহনীয়া ৷ নিতৌ দল ত্যাগ কৰিছে ইজনৰ পিছত সিজন নেতাই ৷ এইবাৰ কংগ্ৰেছক চিৰ বিদায় দিলে দলটোৰ এজন অত্যন্ত প্ৰভাৱশালী যুৱ নেতাই ৷

Partha pratim Bora resign Congress party
পাৰ্থপ্ৰতিম বৰাৰ কংগ্ৰেছ দল ত্যাগ

গুৱাহাটী, ১৭ মাৰ্চ : ভাৰতবৰ্ষৰ শতিকা প্ৰাচীন এই ৰাজনৈতিক দলটোৰ এদিন এনে এটা দশা হ'বগৈ বুলি হয়তো কোনেও ভবা নাছিল । ইটোৰ পিছত সিটোকৈ নিৰ্বাচনত নিজৰ অস্তিত্ব হেৰুৱাইছে দলটোৱে । নিতৌ দলত্যাগ কৰিছে বহু জ্যেষ্ঠ নেতাই । বৃহস্পতিবাৰৰ দিনটোতো কংগ্ৰেছক চিৰ বিদায় দি আঁতৰি আহিল দলটোৰ এজন অত্যন্ত প্ৰভাৱশালী যুৱ নেতা ।

কংগ্ৰেছক ছাত্ৰ সংগঠন এন এছ ইউ আইৰ এসময়ৰ ৰাজ্যিক সভাপতি তথা বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰৰ পদত অধিষ্ঠিত হৈ থকা পাৰ্থপ্ৰতিম বৰাই বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা ইস্তফা দিয়ে (Partha Pratim Bora Resigns From Congress) ।

Partha pratim Bora resign Congress party
পাৰ্থপ্ৰতিম বৰাৰ কংগ্ৰেছ দল ত্যাগ

বৰাই ইতিমধ্যে তেওঁৰ পদত্যাগ পত্ৰ কংগ্ৰেছী নেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছে । লগতে পদত্যাগৰ প্ৰতিলিপি পঠিয়াইছে জিতেন্দ্ৰ সিং আৰু ভূপেন বৰালৈকো । অৱশ্যে কংগ্ৰেছ দল ত্যাগ কৰি কোন দলত তেওঁ যোগদান কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । কিন্তু পাৰ্থপ্ৰতিম বৰাৰ পদত্যাগে যে উত্তৰ পাৰৰ কংগ্ৰেছৰ সাংগঠনিক ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পেলাব সেয়া একপ্ৰকাৰে নিশ্চিত ।

Partha pratim Bora resign Congress party
পাৰ্থপ্ৰতিম বৰাৰ কংগ্ৰেছ দল ত্যাগ

এইদৰে ইজনৰ পিছত সিজনকৈ নেতা, সাংসদ, বিধায়কে দল এৰি থৈ যোৱা ঘটনাক সাধাৰণ ঘটনা বুলি ভাবি থাকি নাঁও বুৰিলেও টিঙৰ পৰা ননমা কংগ্ৰেছৰ বৰ্তমানৰ শীৰ্ষ নেতৃত্ব ব্যস্ত এতিয়া কেৱল নিজৰ ৰাজনৈতিক অভিপ্সা পূৰণ কৰাত ।

লগতে পঢ়ক : Rajya Sabha election: কংগ্ৰেছে থ্ৰি লাইন হুইপ দিলেও জিকিম আমিয়েই: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.