ETV Bharat / state

Rajya Sabha election: কংগ্ৰেছে থ্ৰি লাইন হুইপ দিলেও জিকিম আমিয়েই: পীযুষ হাজৰিকা

author img

By

Published : Mar 17, 2022, 7:06 PM IST

সমাগত ৰাজ্যসভা নিৰ্বাচনকলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহ(Political parties are gearing up for upcoming Rajya Sabha elections) ৷ ইতিমধ্যে কংগ্ৰেছৰ দুই নেতাই সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ ৷ লগতে জাৰি কৰিব থ্ৰি লাইন হুইপ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika reacts to three line whip) ৷

pijush-hazarika-reacts-to-congress-three-line-whip-issue
কংগ্ৰেছে থ্ৰি লাইন হুইপ দিলেও জিকিম আমিয়েই : পীযুষ হাজৰিকা

গুৱাহাটী, ১৭ মাৰ্চ: "কংগ্ৰেছে থ্ৰি লাইন হুইপ জাৰি কৰক বা আন কিবাই কৰক, ৰাজ্যসভাৰ দুয়োখন আসনতে জিকিম আমিয়েই" । সমাগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে থ্ৰি লাইন হুইপ জাৰি কৰাৰ লৈ বৃহস্পতিবাৰে দৃঢ়তাৰে এই দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika reacts to three line whip) ।

তাৎপৰ্যপূৰ্ণ যে, সংখ্যাৰ ফালৰ পৰা ৰাজ্যসভাৰ দুয়োখন আসনতে বিজয় সাব্যস্ত কৰিব পৰাকৈ আজিৰ তাৰিখত বিজেপিৰ হাতত পৰ্যাপ্ত বিধায়ক নাই । তৎস্বত্বেও কিন্তু বিজেপি নেতৃত্বই দৃঢ়তাৰে দাবী কৰি আহিছে যে দুয়োখন আসন বিজেপিৰ হাততেই থাকিব । কিন্তু কেনেকৈ ? বৰ্তমান সময়ত এয়া এক ডাঙৰ ৰাজনৈতিক সাথৰ ।

কংগ্ৰেছে থ্ৰি লাইন হুইপ দিলেও জিকিম আমিয়েই : পীযুষ হাজৰিকা

পৰ্যাপ্ত ভোট বা বিধায়ক লগত নথকাৰ পিছতো কেনেকৈ বিজেপি দুয়োখন আসনৰ গৰাকী হ'ব পাৰিব বুলি এক প্ৰশ্নৰ উত্তৰত ইংগিতপূৰ্ণ আৰু কৌশলী উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে এনেদৰে, " যদি ভোটটো দিওঁতে কোনো এজন বিধায়কেও ভুল কৰে তেন্তে সেই ভোট নাকচ হ'ব । অৱশ্যে শ্বেৰমান আলীৰ ভোট আমাক নালাগে ।"

উল্লেখযোগ্য যে, ভোটৰ দিনা বিৰোধীৰ এজন বিধায়কো যদি ভোটদানৰ পৰা বিৰত থাকে তেন্তে বিজেপিৰ বাবে দুয়োখন আসনতে জয়ী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিব ।

আনহাতে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৰাজ্যসভাৰ নিৰ্বাচনৰ নামত মিত্ৰতাৰ পাশত আৱদ্ধ হোৱা বিষয়ক লৈ তীক্ষ্ণ সমালোচনা কৰি পীযুষ হাজৰিকাই কয় যে, " কংগ্ৰেছৰ বিধায়ক সকলে নিজেই নিজকে সোধকচোন এ আই ইউ ডি এফৰ সৈতে হোৱা এই মিত্ৰতা তেওঁলোকে ভাল পাইছেনে নাই । আচলতে কংগ্ৰেছৰ দুই এজন নেতাইহে এ আই ইউ ডি এফৰে মিত্ৰতা বিচাৰিছে । বিধায়ক সকলে নহয় । "

লগতে পঢ়ক : Rajya Sabha election: কংগ্ৰেছে সংগ্ৰহ কৰিলে মনোনয়ন, জাৰি কৰিব থ্ৰি লাইন হুইপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.