ETV Bharat / international

হাৰ নামানে: নিজৰ স্থিতিত অচল-অটল জেলেনস্কি

author img

By

Published : Mar 17, 2022, 5:26 PM IST

ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইন ৷ যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই কৰা আক্ৰমণৰ পিছৰে পৰা দেশখনৰ শেহতীয়া পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে, এতিয়া সৰ্বসাধাৰণৰ জীৱন কোনো পধ্যেই সুৰক্ষিত বুলিব নোৱাৰি ৷ পিছে অলৰ-অচল-অটল স্থিতিত এতিয়াও আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধান ভলোডিমিৰ জেলেনস্কি (Zelensky giving tough fight to Russia ) ৷

zelensky-giving-tough-fight-to-russia
হাৰ নামানে: নিজৰ স্থিতিত অচল-অটল জেলেনস্কি

নিউজ ডেস্ক, 17 মাৰ্চ : যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই কৰা আক্ৰমণৰ পিছৰে পৰা ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইন (Russian invasion of Ukraine) ৷ দেশখনৰ অসামৰিক লোক সকলে সমুখীন হোৱা ভয়াৱহ সময়বোৰৰ ছবিয়ে বিশ্ববাসীক আৱেগিক কৰি তুলিছে ৷ এই সময়ত দুয়োপক্ষৰ শীৰ্ষ নেতৃত্বই অভিযোগ প্ৰতি অভিযোগত ব্যস্ত হৈ পৰা দেখা গৈছে । এই যুদ্ধখনৰ সময়চোৱাত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক ৷ সমগ্ৰ বিশ্বতে যোৱা এটা মাহে জেলেনস্কিক লৈ চলিছে সৰৱ চৰ্চা, কোনোৱে যদি তেওঁৰ সাহসিকতাৰ প্ৰশংসা কৰিছে, কোনোৱে আকৌ কৈছে জেলেনস্কিৰ কুটনৈতিক অপৰিপক্কতাৰ কথা (Zelensky being criticized) ৷

সৌ সিদিনালৈ এগৰাকী কৌতুক অভিনেতা ৰূপে জনপ্ৰিয় জেলনস্কিয়ে এতিয়া দেশৰ অস্তিত্বক লৈ কৌতুক বা ধেমালি কৰা বুলিও তেওঁক কঠোৰভাৱে সমালোচনা কৰিছে বহুজনে ৷ পিছে অলৰ, অচল, অটল স্থিতিত এতিয়াও আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধান গৰাকী ৷ ইউক্ৰেইনৰ শুভাকাঙ্খী শক্তিয়ে ইতিমধ্যে তেওঁক পলায়ন কৰাৰ আহ্বান জনাইছে ; কিন্তু সেই সুযোগ গ্ৰহণ নকৰি তেওঁ এতিয়াও দেশবাসীৰ বিপদৰ এই সময়চোৱাত আছে তেওলোকৰ সৈতে ৷

দেশখনৰ শেহতীয়া পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে, এতিয়া সৰ্বসাধাৰণৰ জীৱন কোনো পধ্যেই সুৰক্ষিত বুলিব নোৱাৰি ৷ শেহতীয়াকৈ ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে ৰাছিয়াৰ সৈন্য বাহিনীয়ে মাৰিয়পোলৰ এটা ছবিগৃহত বোমা বিস্ফোৰণ সংঘটিত কৰিছে য'ত শ-শ ইউক্ৰেইনিয়ান নাগৰিকে আশ্ৰয় লৈ আছিল (Russia strikes Mariupol theatre) । অৱশ্যে ৰাছিয়াই এই আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে ।

ইপিনে, শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে উল্লেখ কৰিছে, তেওঁলোকে ইতিমধ্যে উপলব্ধি কৰিবলৈ সক্ষম হৈছে যে ইউক্ৰেইন হয়তো আৰু NATO বাহিনীৰ অংশ হ’ব নোৱাৰিব ৷ সামৰিক বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সৰ সময়ত জেলেনস্কিয়ে কয় "ইউক্ৰেইন নাটোৰ সদস্য নহয়, আমি সেইটো বুজি পাওঁ । আমি বহু বছৰ ধৰি শুনি আহিছো যে আমাৰ বাবে দুৱাৰবোৰ খোলা আছিল; কিন্তু আমি এইটোও শুনিছো যে আমি যোগদান কৰিব নোৱাৰো আৰু এয়াই সত্য ৷ আমি ইয়াক মানি ল’বই লাগিব " ।

ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলৰ তৰফৰ পৰা খবৰ আহিছে যে, ৰাছিয়াৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনত তিনি সপ্তাহৰ আক্ৰমণত ৭,০০০ তকৈও অধিক সৈন্য হেৰুৱাইছে । ইপিনে, ৰাছিয়াৰ ইটোৰ পিছত সিটো প্ৰচেষ্টাৰ মাজতো ইউক্ৰেইনে ৰাছিয়াৰ সৈতে যুদ্ধত শক্তিশালীৰূপত অৱতীৰ্ণ হোৱা দেখা গৈছে ৷ ইউক্ৰেইনৰ পুৰণি বায়ু প্ৰতিৰক্ষা ব্যৱস্থা এই যুদ্ধত অপ্ৰত্যাশিতভাৱে সফল প্ৰমাণিত হৈছে ৷

ইউক্ৰেইনৰ ফালৰ পৰা আশা কৰা হৈছে যে, লাহে লাহে এতিয়া ৰাছিয়াৰ সেনাই মনোবল হেৰুৱাব ৷ এই সময়ত এতিয়া ৰাছিয়াৰ সেনাক আত্মসমৰ্পন কৰিবলৈকো আহ্বান জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰ প্ৰধান গৰাকীয়ে ৷

লগতে পঢ়ক : আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীক আত্মৰক্ষাৰ অৰ্থে অস্ত্ৰ প্ৰদান কৰিব : বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.