আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীক আত্মৰক্ষাৰ অৰ্থে অস্ত্ৰ প্ৰদান কৰিব : বাইডেন

author img

By

Published : Mar 15, 2022, 9:03 AM IST

US to allow Ukrainian refugees, provide weapons to defend against invading Russian force: Biden

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সোমবাৰে ইউক্ৰেইনক (US to allow Ukrainian refugees) ৰাছিয়াৰ সামৰিক অভিযানৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । টুইটাৰৰ জৰিয়তে ঘোষণা কৰা হৈছিল এই কথা ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 15 মাৰ্চ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সোমবাৰে ইউক্ৰেইনক ৰাছিয়াৰ সামৰিক অভিযানৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । টুইটাৰযোগে ৰাষ্ট্ৰপতিয়ে লগতে কয় যে, আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীসকলক দেশখনত বসতি স্থাপনৰ বাবে অনুমতি (US to allow Ukrainian refugees) প্ৰদান কৰিব ৷ কেৱল এয়াই নহয়, কিয়েভলৈ আৰ্থিক সাহায্য, খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সাহায্য প্ৰেৰণ কৰিব ।

"আক্ৰমণকাৰী ৰাছিয়ান বাহিনীৰ বিৰুদ্ধে প্ৰতিৰক্ষা অটুট ৰখাৰ বাবে ইউক্ৰেইনৰ ওচৰত অস্ত্ৰ আছে । আমি ইউক্ৰেইনৰ জীৱন ৰক্ষা কৰিবলৈ আৰ্থিক সাহায্যৰ লগতে খাদ্য আৰু অন্যান্য আৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিম ৷ আমি ইউক্ৰেইনৰ শৰণাৰ্থীসকলক স্বাগতম জনাইছো" বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে পূৰ্বে ইউক্ৰেইনলৈ অতিৰিক্ত অস্ত্ৰ আৰু সঁজুলিৰ বাবে 200 নিযুত আমেৰিকান ডলাৰ প্ৰদান কৰিছিল ৷ ৰাষ্ট্ৰপতিগৰাকীৰ হৈ হোৱাইট হাউছে শনিবাৰে এই কথা সদৰী কৰে ৷

লগতে চাওক: Barack Obama tests positive for COVID-19 : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ দেহত ক’ভিড 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.