ETV Bharat / city

Wild fire in Balipara reserve forest: বালিপৰা সংৰক্ষিত বনাঞ্চলত নিৰ্বাপিত হোৱা নাই জুই

author img

By

Published : Mar 17, 2022, 10:38 PM IST

Devastating fire at Balipara Reserve Forest
বালিপৰা সংৰক্ষিত বনাঞ্চলত নিৰ্বাপিত হোৱা নাই জুই

পুনৰ দাওদাওকৈ জ্বলিছে বালিপৰা সংৰক্ষিত বনাঞ্চল । চতুৰ্থ দিনা আকৌ ভয়ংকৰ ৰূপ লৈছে এই অগ্নিকাণ্ডই (Devastating wild fire in Balipara reserve forest)।

তেজপুৰ, ১৭ মাৰ্চ: বালিপৰা সংৰক্ষিত বনাঞ্চলৰ অগ্নিকাণ্ডই বৃহস্পতিবাৰলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে(Devastating wild fire in Balipara reserve forest) ৷ বন বিভাগে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ মাজতে এই বনজুই ক্ৰমে নতুন নতুন ঠাইলৈ সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে ৷ বনাঞ্চলখনৰ বিস্তৃত অঞ্চলৰ বহু মূল্যৱান গছ-গছনি ইতিমধ্যে জুইত জাহ গৈছে ।

বালিপৰা সংৰক্ষিত বনাঞ্চলৰ এই জুইৰ সূত্ৰপাত হৈছিল ১৪ মাৰ্চত ৷ তাৰ পিছৰে পৰা বন বিভাগে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই জুই ক্ৰমে নতুন নতুন স্থানলৈ সম্প্ৰসাৰিত হোৱাহে পৰিলক্ষিত হৈছে ৷ বনাঞ্চলখনত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ড কোনো দুস্কৃতিকাৰীয়ে লগাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । ইয়াৰ পূৰ্বে এই বনাঞ্চলত সংঘটিত হোৱা নাছিল এনে ধৰণৰ অগ্নিকাণ্ড ।

বালিপৰা সংৰক্ষিত বনাঞ্চলত নিৰ্বাপিত হোৱা নাই জুই

বালিপৰা ভালুকপুং সংযোগী পথৰ দাঁতিৰ পৰা বালিপৰা সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই অগ্নিকাণ্ড । বালিপৰা সংৰক্ষিত বনাঞ্চল আকৌ নামেৰীৰ(Nameri National Park And Forest Reserve) লগত সংলগ্ন ৷ জুই ক্ৰমান্বয়ে বনাঞ্চলৰ ভিতৰলৈ বিয়পি পৰিছে ৷ এনে পৰিস্থিতিত জুই সোনকালে নিৰ্বাপিত নকৰিলে এই জুইৰ দ্বাৰা যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানো প্ৰভাৱাম্বিত নহ’ব, সেই সম্ভাৱনাও নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক : বালিপৰা সংৰক্ষিত বনাঞ্চলত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.