ETV Bharat / city

বালিপৰা সংৰক্ষিত বনাঞ্চলত অগ্নিকাণ্ড

author img

By

Published : Mar 14, 2022, 4:33 PM IST

devastating-fire-at-balipara-reserve-forest
বালিপৰা সংৰক্ষিত বনাঞ্চলত অগ্নিকাণ্ড

সোমবাৰে শোণিতপুৰ জিলাৰ উত্তৰ পাৰে থকা বালিপৰা সংৰক্ষিত বনাঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Devastating fire at Balipara Reserve Forest) ৷ বনাঞ্চলখনত সংঘটিত এই অগ্নিকাণ্ড ক্ৰমান্বয়ে বিয়পি পৰিছে বনাঞ্চলৰ ভিতৰলৈ ।

তেজপুৰ,14 ফেব্ৰুৱাৰী : সোমবাৰে শোণিতপুৰ জিলাৰ উত্তৰ পাৰে থকা বালিপৰা সংৰক্ষিত বনাঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Devastating fire at Balipara Reserve Forest) ৷ হঠাৎ সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ জাহ গৈছে বহু মূল্যৱান গছ-গছনি ৷

বালিপৰা ভালুকপুং সংযোগী পথৰ দাঁতিৰ পৰা আৰম্ভ কৰি বালিপৰা সংৰক্ষিত বনাঞ্চলত সংঘটিত এই অগ্নিকাণ্ড ক্ৰমান্বয়ে বিয়পি পৰিছে বনাঞ্চলৰ ভিতৰলৈ । কোনো দুৰ্বৃত্তই এই অগ্নিকাণ্ড সংঘটিত কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, বালিপৰা সংৰক্ষিত বনাঞ্চলখন মুঠ 44,068.02 বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত হৈ আছে ।

বালিপৰা সংৰক্ষিত বনাঞ্চলত অগ্নিকাণ্ড

তাৰোপৰি বনাঞ্চলখনৰ কাষতে আছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান ও ব্যঘ্ৰ প্ৰকল্প (Nameri National Park And Forest Reserve) । তেজপুৰ পশ্চিম বন সংমণ্ডলৰ অধীনস্থ এই বালিপৰা বনাঞ্চলক ইতিমধ্যে জীয়া ভৰলী নদীৰ সংগম স্থলৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯ম সংযোজনৰ লগত সংযোগ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে সোমবাৰে এনেধৰণৰ অগ্নিকাণ্ড সংঘতিত হোৱা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ।

লগতে পঢ়ক : The Kashmir Files: কাইলৈ সদলবলে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.