ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Dec 25, 2021, 7:04 PM IST

7 বজাৰ শীৰ্ষ 10 বাতৰি
7 বজাৰ শীৰ্ষ 10 বাতৰি

7 বজাৰ শীৰ্ষ 10 বাতৰি

New SOP in Assam : ৰাজ্যত নিশা ১১:৩০ বজাৰ পৰা কাৰ্ফিউ

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কলিয়াবৰত সংবাদ মেল (Assam health minister press meet) ৷ ৰাজ্যত অ’মিক্ৰণৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেনেদৰে সাজু হৈছে, সেই বিষয় লৈ কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰিলে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ১২–১৮ বছৰ বয়সৰ চেমনীয়াক প্ৰদান কৰা হ'ব ভেকচিন ৷

Birth anniversary of Atal Bihari Vajpayee: কিহৰ বাবে তেওঁৰ ব্যক্তিত্বক আজিও স্মৰণ কৰে ভাৰতীয়ই ?

ভাৰতীয় ৰাজনীতিৰ এক উজ্জ্বল নক্ষত্ৰ অটল বিহাৰী বাজপেয়ী । কেৱল ৰাজনৈতিক হিচাপেই নহয়, ব্যক্তিগতভাৱে তেওঁ সকলোৰে মাজত পৰিচিত । তেওঁৰ ৯৭ সংখ্যক জন্মজয়ন্তীত (Atal Bihari Vajpayee's 97th birth anniversary) আজি দেশবাসীয়ে স্মৰণ কৰিছে মহান নেতাগৰাকীক । তেওঁ ব্যক্তিত্ব আৰু ৰাজনৈতিক কেৰিয়াৰ সম্পৰ্কে ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

SOP in Assam: অসমত পুনৰ জাৰি কৰা হ’ল সান্ধ্য আইন

ৰাজ্যত পুনৰ জাৰি কৰা হৈছে নতুন SOP ৷ ক’ভিডৰ নতুন প্ৰকৰণ অ’মিক্ৰণৰ দ্ৰুত সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ দেওবাৰৰ পৰা কাৰ্যকৰী হ’ব নতুন SOP ৷

পুঁজিৰ অভাৱত নিশকতীয়া হৈ পৰিছে উত্তৰ পূব পৰিষদ

কেন্দ্রীয় চৰকাৰে বিগত কিছু বছৰৰ পৰা উত্তৰ-পূব পৰিষদক প্রদান কৰি অহা পুঁজিৰ পৰিমাণ ক্ৰমাৎ হ্রাস কৰি আনিছে (Union government reduces funding to NEC) । যাৰ ফলত এক প্ৰকাৰ নিশকতীয়া হৈ পৰিছে ১৯৭১ চনতে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ বাবে গঠন কৰা পৰিষদখন ।

Truck driver kidnapped : মেঘালয়ৰ পৰা কোনে ক’লৈ লৈ গ’ল অসমৰ ট্ৰাক চালকক ?

গোৱালপাৰাৰ লক্ষীপুৰৰ ট্ৰাক চালকক মেঘালয়ৰ দামালত অপহৰণ ( Goalpara truck driver kidnapped in Meghayalya) । পাঁচ দিনে সুংসূত্ৰ নাই চালকজনৰ ৷ নীৰৱ ভূমিকাত মেঘালয় আৰক্ষী ।

ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল 3 টা বাসগৃহ

শনিবাৰে শনি লাগিল ডিব্ৰুগড়ত ৷ শনিবাৰে ডিব্ৰুগড়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire incident in Dibrugrah) । নিমিষতে একেলগে জুইত জাহ গ'ল তিনিটাকৈ বাসগৃহ । ডিব্ৰুগড় চহৰৰ উপকন্ঠ হাতীমূৰাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটো (Fire incident in Dibrugrah) । স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডটো সংঘটিত হৈছে ৷

কলগাছিয়াত দেৱান মিউজিক একাডেমীৰ শুভ উদ্বোধন

প্ৰয়াত সংগীত শিল্পী মহম্মদ তাজউদ্দিন আহমেদৰ স্মৃতিত কলগাছিয়াত স্থাপন কৰা হৈছে দেৱান মিউজিক একাডেমী নামৰ এখন সংগীত শিক্ষানুষ্ঠান । শনিবাৰে এই মিউজিক একাডেমীখন উদ্বোধন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে(Dewan music academy inaugurated by MP Abdul Khalek) ।

Leptospirosis infection in Puranigudam : পুৰণিগুদামত লেপ্ট'স্পাইৰ'ছিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু

অসম তথা সমগ্ৰ দেশতে বৰ্তমান ক'ভিডৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সময়তে নগাঁও জিলাৰ পুৰণিগুদামত লেপ্ট'স্পাইৰ'ছিছ ৰোগত আক্ৰান্তৰ ঘটনা । জুন'টিক ৰোগ লেপ্ট'স্পাইৰ'ছিছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে মিকিৰহাট আলিছিঙাৰ ৰঞ্জিত কলিতা নামৰ এজন লোকে(Man died of Leptospirosis in Mikirhat Alisinga) ।

Leopard attack in Nakachari : নকছাৰীত নাহৰফুটুকীৰ আক্ৰমণত ৭ জন লোক আহত

মৰিয়নীৰ নকছাৰীৰ বুধবৰীয়াত নাহৰফুটুকী বাঘৰ ত্ৰাস(Leopard terror in Budhboria village) । নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল ৭ জন লোক(7 person injured in leopard attack in Nakachari) । আহত লোককেইজন সুৰেশ কালান্দি, ৰাহুল কালান্দি, ভুটকা মাঝি, জিতেন টুডু, বগাই মুৰমুৰ আৰু দেবাৰাম হেমৰণ । আহত লোকেইজন বৰ্তমান কাকজান আৰু নকছাৰী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

NASA ৰ বৰদিনৰ দিনাই উৎক্ষেপণ বিশ্বৰ সৰ্ববৃহৎ মহাকাশ দূৰবীক্ষণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই ২৫ ডিচেম্বৰত পৃথিৱীৰ সৰ্ববৃহৎ আৰু শক্তিশালী জেমছ ৱেব স্পেচ টেলিস্কোপ উৎক্ষেপণ কৰিব (NASA to launch world's largest telescope)। এই মহাকাশ দূৰবীক্ষণৰ নিৰ্মাণত প্ৰায় দহ বিলিয়ন ডলাৰ খৰচ হৈছে । ১৪ খন দেশৰ হাজাৰ হাজাৰ বিজ্ঞানী আৰু অভিযন্তাই ইয়াক নিৰ্মাণ কৰিবলৈ ৪০ নিযুত ঘণ্টা কাম কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.