ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল 3 টা বাসগৃহ

By

Published : Dec 25, 2021, 5:16 PM IST

thumbnail

শনিবাৰে শনি লাগিল ডিব্ৰুগড়ত ৷ শনিবাৰে ডিব্ৰুগড়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire incident in Dibrugrah) । নিমিষতে একেলগে জুইত জাহ গ'ল তিনিটাকৈ বাসগৃহ । ডিব্ৰুগড় চহৰৰ উপকন্ঠ হাতীমূৰাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটো (Fire incident in Dibrugrah) । স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডটো সংঘটিত হৈছে ৷ অগ্নিকাণ্ডৰ ফলত যতীন দাস, অভিজিৎ বৈদ্য আৰু অজয় কৈৰীৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইক জাহ যায় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী তথা অগ্নিনিৰ্বাপন বাহিনীৰ লোক উপস্থিত হৈ নিৰ্বাপন কৰে জুই । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.