ETV Bharat / city

SOP in Assam: অসমত পুনৰ জাৰি কৰা হ’ল সান্ধ্য আইন

author img

By

Published : Dec 25, 2021, 4:03 PM IST

Updated : Dec 25, 2021, 7:29 PM IST

New covid SOP in Assam
ৰাজ্যত পুনৰ বাহাল সান্ধ্য আইন

16:00 December 25

ৰাজ্যত পুনৰ জাৰি কৰা হৈছে নতুন SOP ৷ ক’ভিডৰ নতুন প্ৰকৰণ অ’মিক্ৰণৰ দ্ৰুত সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ দেওবাৰৰ পৰা কাৰ্যকৰী হ’ব নতুন SOP ৷

কলিয়াবৰ, 25 ডিচেম্বৰ : ৰাজ্যত পুনৰ বাহাল সান্ধ্য আইন(Night curfew in assam) ৷ দেওবাৰে নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন ৷ অৱশ্যে ৩১ ডিচেম্বৰত নাথাকিব এই সান্ধ্য আইন ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে ঘোষণা কৰে এই কথা ৷ ক’ভিডৰ নতুন প্ৰকৰণ অ’মিক্ৰণ(Covid new Variant Omicron)ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health Minister Keshab Mahanta)ই শনিবাৰে কলিয়াবৰত সংবাদমেলৰ আয়োজন কৰি ক’ভিডৰ নতুন SOP(New covid SOP in Assam)খন ঘোষণা কৰে ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰি কৰা অনুসৰি ২৬ ডিচেম্বৰৰ পৰা ৰাজ্যত নতুন সিদ্ধান্ত বলবৎ কৰা হ’ব ৷ এই অনুসৰি ব্যৱসায়ীসকলে নিশা ১০.৩০ বজাৰ ভিতৰত দোকান-পোহাৰ বন্ধ কৰিব লাগিব । হোটেল-ধাবাসমূহো বন্ধ কৰিব লাগিব ।

চিনেমা হলৰ ক্ষেত্ৰতো ৫০ শতাংশ আসনৰ লগতে নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব । অৱশ্যে অসমত এতিয়ালৈকে অ’মিক্ৰণ নহাৰ কথা স্বীকাৰ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে মাস্ক নিপিন্ধা লোকক দেওবাৰৰ পৰা প্ৰশাসনে জৰিমনা বিহিব পাৰিব । সভা-সমিতিৰ ক্ষেত্ৰতো ৫০ শতাংশ আসনৰ লগতে দুয়োপালি ভেকচিন লোৱা মানুহে অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত অমিক্ৰ’ন ভেৰিয়েন্টৰ লগত মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগ প্ৰস্তুত বুলি জানিবলৈ দিয়ে । তেওঁ দুয়োপালি ভেকচিন নোলোৱা ব্যক্তিক চৰকাৰৰ তৰফৰ পৰা ভেকচিন লোৱাৰ আহ্বান জনায় । অন্যথা দণ্ডাধীশক কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি ৰাজ্যত এতিয়াও ৫০ লাখ ভেকচিন মজুত আছে ।

শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত আগতে দিয়া নিয়মাৱলী বাহাল থাকিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে । বিমান বন্দৰৰ ক্ষেত্ৰত সকলো যাত্ৰীৰ ষ্টেট কৰাৰ লগতে সাতদিনৰ বাবে ঘৰত থকাৰ পৰামৰ্শ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Omicron tally rises to 415 in India : আক্ৰান্তৰ অধিকাংশৰে সম্পন্ন হৈছিল সম্পূৰ্ণ টীকাকৰণ

Last Updated :Dec 25, 2021, 7:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.