Leopard attack in Nakachari : নকছাৰীত নাহৰফুটুকীৰ আক্ৰমণত ৭ জন লোক আহত

By

Published : Dec 25, 2021, 4:59 PM IST

thumbnail

মৰিয়নীৰ নকছাৰীৰ বুধবৰীয়াত নাহৰফুটুকী বাঘৰ ত্ৰাস(Leopard terror in Budhboria village) । নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল ৭ জন লোক(7 person injured in leopard attack in Nakachari) । আহত লোককেইজন সুৰেশ কালান্দি, ৰাহুল কালান্দি, ভুটকা মাঝি, জিতেন টুডু, বগাই মুৰমুৰ আৰু দেবাৰাম হেমৰণ । আহত লোকেইজন বৰ্তমান কাকজান আৰু নকছাৰী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে, বাঘৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে নকছাৰী থানাৰ এগৰাকী আৰক্ষী বিষয়াৰ । উল্লেখ্য যে, নকছাৰীত পূৰ্বেও নাহৰফুটুকীৰ আক্ৰমণত ৮ জন লোক আহত হৈছিল । একেটা বাঘেই এইবাৰো আক্ৰমণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । আনহাতে, নাহৰফুটুকীটো জনাঞ্চলৰ পৰা খেদি পঠিওৱাত বন বিভাগ ব্যৰ্থ হোৱা বুলি অভিযোগ তুলিছে নকছাৰীবাসীয়ে । বাৰে বাৰে অঞ্চলটোৰ লোকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে । শীঘ্ৰে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰিবলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.