ETV Bharat / state

পুঁজিৰ অভাৱত নিশকতীয়া হৈ পৰিছে উত্তৰ পূব পৰিষদ

author img

By

Published : Dec 25, 2021, 4:27 PM IST

কেন্দ্রীয় চৰকাৰে বিগত কিছু বছৰৰ পৰা উত্তৰ-পূব পৰিষদক প্রদান কৰি অহা পুঁজিৰ পৰিমাণ ক্ৰমাৎ হ্রাস কৰি আনিছে (Union government reduces funding to NEC) । যাৰ ফলত এক প্ৰকাৰ নিশকতীয়া হৈ পৰিছে ১৯৭১ চনতে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ বাবে গঠন কৰা পৰিষদখন । সবিশেষ জানো আহক ৷

North Eastern Council is in weak state over lack of funds by Union government
পুঁজিৰ অভাৱত নিশকতীয়া হৈ পৰিছে উত্তৰ পূব পৰিষদ

গুৱাহাটী, ২৫ ডিচেম্বৰ : কেন্দ্ৰৰ অবহেলাৰ বাবেই উত্তৰ-পূব পৰিষদৰ বহু আঁচনিৰ ক্ষেত্রত স্থবিৰতাই দেখা দিছে । উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা উত্তৰ-পূব পৰিষদ(North Eastern Council)ক সম্প্ৰতি কেন্দ্ৰই গুৰুত্বহীন কৰি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, কেন্দ্রীয় চৰকাৰে বিগত কিছু বছৰৰ পৰা উত্তৰ-পূব পৰিষদক প্রদান কৰি অহা পুঁজিৰ পৰিমাণ ক্ৰমাৎ হ্রাস কৰি আনিছে (Union government reduces NEC fund) । যাৰ ফলত এক প্ৰকাৰ নিশকতীয়া হৈ পৰিছে ১৯৭১ চনতে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ বাবে গঠন কৰা পৰিষদখন।

প্রতি বছৰে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব পৰিষদৰ বাবে বৃহৎ পৰিমাণৰ ধন বাজেটত ধার্য কৰা হয় যদিও বাস্তৱত কিন্তু সেই পৰিমাণৰ ধন মুকলি কৰি দিয়া নহয়। আনকি বাজেটত ঘােষণা কৰাৰ পাছত সংশােধিত বাজেটতে ধন হ্রাস কৰে উত্তৰ-পূবক অষ্টলক্ষ্মীৰ সৈতে তুলনা কৰা মােদী চৰকাৰখনে । উদাহৰণ স্বৰূপে বিগত পাঁচটা বিত্তীয় বৰ্ষত উত্তৰ-পূব পৰিষদৰ বাবে বাজেটত ধার্য কৰা ধনৰ পৰিমাণ আছিল ৬৩৪২.১৮ কোটি টকা । কিন্তু ঘােষণাৰ কেইদিন মানৰ পাছতে সংশােধিত বাজেটত কেন্দ্রীয় চৰকাৰে এই ধন হ্রাস কৰে ৫৫৬৫.৭৭ কোটি টকালৈ ।

কিন্তু এই ধনৰাে সমুদায় ধন ব্যয় নকৰি এই সময়ছােৱাত ব্যয় কৰিলে মাত্র ৫০৭৪,৭৯ কোটি টকাহে । আনকি ২০২০-২১ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত কেন্দ্রীয় চৰকাৰে বাজেটত উত্তৰ-পূব পৰিষদৰ বাবে ১৪৭৪.৪৯ কোটিকৈ টকা ধার্য কৰি সকলােৰে প্ৰশংসা লােৱাৰ পাছত সংশােধিত বাজেটত ২০২০-২১ বৰ্ষত এই ধন অভাৱনীয়ভাৱে ৮৫২.৫২ কোটি আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত ১২৪৩.২৮ কোটি টকালৈ হ্রাস কৰিছিল ।

আনহাতে ২০১৮-১৯ বিত্তীয় বর্ষত কেন্দ্রীয় চৰকাৰে বাজেটত ধার্য কৰা ১৪৮৫ কোটি টকা সংশােধিত বাজেটত ১২২৫.৬৭ কোটি টকালৈ হ্ৰাস কৰিও পাছত মােকলাই দিয়ে মাত্র ৮৮৮.৫২ কোটি টকাহে । উল্লেখ্য যে, বর্তমান একমাত্র অসমতে উত্তৰ-পূব পৰিষদৰ দ্বাৰা অনুদানপ্রাপ্ত ২৭টা প্রকল্পৰ কাম চলি আছে । ইয়াৰে ভিতৰত বহুকেইটা প্ৰকল্পৰ কাম নির্দিষ্ট সময়তকৈ বহু পলমকৈ চলি আছে ।

উত্তৰ-পূব পৰিষদৰ এটা বিশ্বস্ত সূত্রই জনোৱা মতে দেশৰ প্রধানমন্ত্রী হিচাপে ২০১৪ চনত দায়িত্ব গ্রহণ কৰাৰ পাছতে নৰেন্দ্ৰ মােদীয়ে যিদৰে পৰিকল্পনা আয়ােগ ভংগ কৰি নিটি আয়ােগ (National Institution for Transforming India)গঠন কৰিছিল, ঠিক সেইদৰেই উত্তৰ-পূব পৰিষদ ভংগ কৰাৰ বাবেও চিন্তা কৰিছিল । কিন্তু সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনাে ৰাজ্যই এই ক্ষেত্ৰত তীব্র বিৰােধিতা কৰাৰ পাছত মােদী চৰকাৰে উত্তৰ-পূব পৰিষদ ভংগ কৰাৰ চিন্তা পৰিহাৰ কৰি কিছু সংশােধনী আনি নতুনকৈ পৰিষদখন গঠন কৰিছিল ।

কিন্তু নতুনকৈ গঠন কৰিলেও যােৱা কেইবছৰ মানৰ পৰা কেন্দ্রীয় চৰকাৰে উত্তৰ-পূব পৰিষদক প্রদান কৰা ধনৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস কৰি আনিবলৈ ধৰিছে। যাৰ ফলত এতিয়া পৰিষদৰ বহু কাম-কাজ আধৰুৱা হৈয়ে ৰৈছে । আনকি পৰিষদক প্রদান কৰা ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে জনােৱা অনুৰােধকো গুৰুত্ব দিয়া নাই মােদী চৰকাৰে । স্বাভাৱিকতেই এতিয়া ইয়াৰ পৰাই মােদী চৰকাৰৰ উত্তৰ-পূব প্রেমৰ প্রকৃত ছবিখন প্ৰকাশ পাইছে বুলিও হৈছে আলোচনা ৷

লগতে পঢ়ক : Atal Bihari Vajpayee's Birth Anniversary : অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.