ETV Bharat / international

NASA ৰ বৰদিনৰ দিনাই উৎক্ষেপণ বিশ্বৰ সৰ্ববৃহৎ মহাকাশ দূৰবীক্ষণ

author img

By

Published : Dec 25, 2021, 6:55 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই ২৫ ডিচেম্বৰত পৃথিৱীৰ সৰ্ববৃহৎ আৰু শক্তিশালী জেমছ ৱেব স্পেচ টেলিস্কোপ উৎক্ষেপণ কৰিব (NASA to launch world's largest telescope)। এই মহাকাশ দূৰবীক্ষণৰ নিৰ্মাণত প্ৰায় দহ বিলিয়ন ডলাৰ খৰচ হৈছে । ১৪ খন দেশৰ হাজাৰ হাজাৰ বিজ্ঞানী আৰু অভিযন্তাই ইয়াক নিৰ্মাণ কৰিবলৈ ৪০ নিযুত ঘণ্টা কাম কৰিছে ।

Worlds most powerful space telescope
বৰদিনৰ দিনাই উৎক্ষেপণ বিশ্বৰ সৰ্ববৃহৎ মহাকাশ দূৰবীক্ষণ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : বিশ্বৰ বিজ্ঞানজগতত আন এক নতুন উদ্ভাৱন । নাছাই নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ আৰু শক্তিশালী জেমছ ৱেব স্পেচ টেলিস্কোপ । বৰদিনৰ পবিত্ৰ দিনটোতে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব এই সৰ্ববৃহৎ দূৰবীক্ষণ যন্ত্ৰটো (NASA to launch world's largest telescope)। ফ্ৰাঞ্চৰ গুয়ানাস্থিত কোৰৌ উৎক্ষেপণ কেন্দ্ৰৰ পৰা এই সৰ্ববৃহৎ দূৰবীক্ষণ যন্ত্ৰটো (Worlds most powerful space telescope) মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ।

নাছাৰ প্ৰশাসক বিল নেলছনে ব্যাখ্যা কৰা মতে এইটো হৈছে এটা অসাধাৰণ অভিযান । ইয়াক এৰিয়ান-৫ ইচিএ ৰকেটৰ সহায়ত মহাকাশলৈ প্ৰেৰণ কৰা হ'ব । পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ উচ্চতাত এখন ট্ৰাকৰ আকৃতিৰ এই দূৰবীক্ষণ যন্ত্ৰটো স্থাপন কৰাৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড নিৰীক্ষণ কৰা ।

ই হাজাৰ হাজাৰ মাইল দূৰত থকা আকাশগঙ্গা, গ্ৰহাণু, কৃষ্ণগহ্বৰ বা ব্লেক হ'ল আৰু এলিয়েনৰ দাবীবোৰৰ সন্ধানত সহায় কৰিব । ই আমাক আমাৰ সৌৰজগতৰ কাষত চন্দ্ৰত থকা হিমায়িত মহাসাগৰৰ অধ্যয়নতো সহায় কৰিব ।

দূৰবীক্ষণটোৰ নিৰ্মাণ কাৰ্য ২০০৪ চনতে আৰম্ভ হৈছিল : জেমছ ৱেব স্পেচ টেলিস্কোপ হৈছে কেইবা দশকৰ পূৰ্বে প্ৰেৰণ কৰা হাবল টেলিস্কোপৰ উত্তৰাধিকাৰী । ইয়াক নাছা, ইউৰোপীয় মহাকাশ সংস্থা আৰু কানাডিয়ান মহাকাশ সংস্থাৰ দ্বাৰা যুটীয়াভাৱে নিৰ্মাণ কৰা হৈছে । ইয়াৰ নিৰ্মাণ কাৰ্য ২০০৪ চনত আৰম্ভ হৈছিল ।

১৪ খন দেশৰ হাজাৰ হাজাৰ বিজ্ঞানী আৰু অভিযন্তাই মহাকাশ দূৰবীক্ষণ নিৰ্মাণৰ বাবে ৪০ নিযুত ঘণ্টা কাম কৰিছে । নতুন দূৰবীক্ষণটোত এটা গোল্ডেন মিৰ'ৰ আছে, যাক প্ৰায় ২১.৪ ফুট (৬.৫ মিটাৰ) লৈ সম্প্ৰসাৰিত কৰিব পাৰি । ইয়াক দাপোনৰ বেৰিলিয়ামৰ দ্বাৰা নিৰ্মিত ১৮ টা ষড়ভুজ টুকুৰা যোগ কৰি তৈয়াৰ কৰা হৈছে । প্ৰতিটো টুকুৰা ৪৮.২ গ্ৰাম সোণৰ স্তৰেৰে আবৃত ।

২৯ দিনৰ ভিতৰত যেতিয়া দূৰবীক্ষণটোৱে ইয়াৰ আইনাখন সম্পূৰ্ণৰূপে খুলিব তেতিয়া ইয়াৰ আকাৰ টেনিছ কোৰ্টৰ সমান হ'ব । নাছাই দাবী কৰিছে যে জেমছ ৱেব স্পেচ টেলিস্কোপে ইনফ্ৰাৰেড পৰিসৰত পোহৰ চিনাক্ত কৰিব পাৰিব । ইয়াৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞানীসকলে মহাকাশত ধূলি আৰু গেছৰ ডাৱৰৰ ওপৰেৰে চোৱাৰ লগতে স্পষ্ট ছবি পাবলৈ সক্ষম হ'ব ।

শক্তিশালী দূৰবীক্ষণটোৰ নাম কোনে দিছিল : জেমছ ৱেব নাছাৰ দ্বিতীয়গৰাকী সঞ্চালক আছিল । তেওঁ ১৯৬১ চনৰ পৰা ১৯৬৮ লৈ নাছাৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তাৰ পূৰ্বে, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেট ডিপাৰ্টমেণ্টত আণ্ডাৰ-চেক্ৰেটেৰী হিচাপে কাম কৰিছিল । নাছাই তেতিয়াৰ প্ৰশাসক জেমছ ৱেবৰ স্মৃতিত দূৰবীক্ষণটোৰ নাম দিছে । ইয়াক পূৰ্বে নেক্সট জেনাৰেশ্যন স্পেচ টেলিস্কোপ নাম দিয়া হৈছিল ।

লগতে পঢ়ক :SpaceX launches 52 Starlink satellites : মহাকাশলৈ প্ৰেৰণ ৫২ টা ষ্টাৰলিংক ইণ্টাৰনেট উপগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.