SpaceX launches 52 Starlink satellites : মহাকাশলৈ প্ৰেৰণ ৫২ টা ষ্টাৰলিংক ইণ্টাৰনেট উপগ্ৰহ

author img

By

Published : Dec 19, 2021, 2:01 PM IST

SpaceX new launches

স্পেচ এক্স ৰকেটৰ আন এক সফল অভিযান । কেলিফ’ৰ্ণিয়াৰ পৰা SpaceX rocket ৰ জৰিয়তে ৫২ টা ষ্টাৰলিংক ইণ্টাৰনেট উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হয় (SpaceX launches 52 Starlink satellites from California)। ভাণ্ডেনবাৰ্গ মহাকাশ বাহিনীৰ ঘাটিৰ পৰা দেওবাৰে পুৱা ৪.৪১ বজাত উৰা মাৰে ষ্টাৰলিংক উপগ্ৰহ ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : কেলিফ’ৰ্ণিয়া ঘাটিৰ পৰা শনিবাৰে ৫২ টা ষ্টাৰলিংক ইণ্টাৰনেট উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হয় (SpaceX launches 52 Starlink satellites from California) । স্পেচএক্স ৰকেটৰ সহায়ত এই উপগ্ৰহসমূহ প্ৰেৰণ কৰা হয় । দুটা পৰ্যায়ৰ ফালকন ৯ ৰকেটে (Falcon 9 rocket) ভাণ্ডেনবাৰ্গ মহাকাশ বাহিনীৰ ঘাটিৰ পৰা দেওবাৰে পুৱা ৪.৪১ বজাত প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে উৰা মাৰে ।

প্ৰথম অংশ ফালকন উভতি আহে আৰু সাগৰত স্পেচএক্স ড্ৰোণশ্বিপত অৱতৰণ কৰে । এয়া হৈছে ফালকনৰ প্ৰথম অংশটোৰ ১১ তম উৎক্ষেপণ । কেলিফ’ৰ্ণিয়াৰ হথৰ্ণত স্পেচএক্সৰ মুখ্য কাৰ্যালয়ত উৎক্ষেপণ দলৰ অন্যতম সদস্য ইউমেই ঝৌয়ে জনোৱা মতে ফালকনৰ দ্বিতীয় অংশটো কক্ষপথলৈ গতি কৰে আৰু উপগ্ৰহসমূহৰ উৎক্ষেপণ নিশ্চিত কৰিব ।

উল্লেখ্য যে, ষ্টাৰলিংক হৈছে উপগ্ৰহৰ সৈতে জড়িত এক গোলকীয় ইণ্টাৰনেট প্ৰণালী ৷ যাক স্পেচএক্সে বিশ্বৰ একাংশ অঞ্চললৈ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে বছৰ বছৰ ধৰি নিৰ্মাণ কৰি আহিছে ।

শনিবাৰৰ এই অভিযানৰ লগে লগে ষ্টাৰলিংকৰ ৩৪ সংখ্যক উৎক্ষেপণ সম্পূৰ্ণ হয় । ইয়াৰ জৰিয়তে পৃথিৱীৰ নিম্ন কক্ষপথত প্ৰায় ২,০০০ উপগ্ৰহ স্থাপন কৰা হৈছে । স্পেচএক্সে শনিবাৰে নিশা ১০.৫৮ বজাত ফ্ল’ৰিডাৰ পৰা এটা তুৰ্কীৰ যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰাৰ কথা আছিল ।

লগতে পঢ়ক : নাছাই ২০২৫ চনলৈকে পিছুৱালে চন্দ্ৰত মহাকাশচাৰী অৱতৰণৰ সময়সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.