নাছাই ২০২৫ চনলৈকে পিছুৱালে চন্দ্ৰত মহাকাশচাৰী অৱতৰণৰ সময়সূচী

author img

By

Published : Nov 10, 2021, 12:25 PM IST

astronauts

স্পেচএক্সক (SpaceX) চন্দ্ৰ লেণ্ডাৰ নিৰ্মাণৰ বাবে প্ৰদান কৰা একক উৎসৰ চুক্তিক লৈ হোৱা প্ৰতিবাদৰ ফলত নাছাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । পলম হোৱাৰ আন এটা কাৰণ ট্ৰাম্প প্ৰশাসনে নিৰ্ধাৰণ কৰা ২০২৪ চনৰ সময়সীমা, যিটো কাৰিকৰী সম্ভাৱ্যতাৰ ওপৰত আধাৰিত নাছিল ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ : নাছাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা । চন্দ্ৰত মহাকাশচাৰীসকলক অৱতৰণ কৰাৰ সময়সূচী এবছৰ পিছুৱাই দিলে নাছাই । প্ৰশাসক বিল নেলছনে (Bill Nelson) মঙলবাৰে জনোৱা মতে স্পেচএক্সক (SpaceX) চন্দ্ৰ লেণ্ডাৰ নিৰ্মাণৰ বাবে প্ৰদান কৰা একক উৎসৰ চুক্তিক লৈ হোৱা প্ৰতিবাদৰ ফলত নাছাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । নেলছনে সংবাদমাধ্যমৰ আগত জনোৱা মতে তেওঁলোকে মোকৰ্দমাত ৭ মাহ হেৰুৱাইছে যাৰ বাবে চন্দ্ৰত প্ৰথম মানৱ অৱতৰণ ২০২৫ চনৰ পূৰ্বে হোৱাৰ কোনো সম্ভাৱনা নাই ।

নেলছনে যোৱা সপ্তাহত চন্দ্ৰ লেণ্ডাৰ (lunar lander) চুক্তি হেৰুওৱাৰ বাবে স্পেচএক্সৰ প্ৰতিদ্বন্দী ব্লু অৰিজিনৰ (Blue Origin) প্ৰতিবাদ নাকচ কৰি আদালতৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছিল । আনহাতে, পলম হোৱাৰ আন এটা কাৰণ উল্লেখ কৰি নেলছনে কয় যে সেয়া হ'ল ট্ৰাম্প প্ৰশাসনে নিৰ্ধাৰণ কৰা ২০২৪ চনৰ সময়সীমা যিটো কাৰিকৰী সম্ভাৱ্যতাৰ ওপৰত আধাৰিত নাছিল । ইয়াৰ পূৰ্বে নেলছনে পূৰ্বৰ বাজেটত চন্দ্ৰ লেণ্ডাৰ নিৰ্মাণ কৰিবলৈ পৰ্যাপ্ত পুঁজি প্ৰদান কৰাত কংগ্ৰেছৰ ব্যৰ্থতাৰ কথাও উল্লেখ কৰিছিল ।

নেলছনে লগতে কয় যে, নাছাৰ নতুন অনুসূচীত মানৱক ২০২১ চনৰ মে মাহত চন্দ্ৰৰ এক দীঘলীয়া পথত প্ৰদক্ষিণ কৰিবলৈ আহ্বান জনাইছে । যাৰ দ্বাৰা পৃথিৱীলৈ উভতি আহিবলৈ চন্দ্ৰৰ পৰা এক অভিলেখ দূৰত্ব ৪০,০০০ মাইল দূৰত্ব অতিক্ৰম কৰিব লাগিব ।

ইয়াৰ উপৰিও, ২০২৫ চনৰ মানৱ অভিযানৰ পূৰ্বে এক অবিচলিত চন্দ্ৰ অৱতৰণ কৰা হ'ব, যাৰ উদ্দেশ্য হৈছে দুজন মহাকাশচাৰীক চন্দ্ৰৰ দক্ষিণ মেৰুত ৰখা হ'ব । যদিও নতুন অনুসূচীয়ে পৰৱৰ্তী আমেৰিকা যুক্তৰাষ্ট্ৰৰ চন্দ্ৰ অভিযানক প্ৰভাৱিত নকৰে কিন্তু নেলছনে সতৰ্ক কৰি দিয়ে যে ১৯৭২ চনৰ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তিম এপ'ল' অৱতৰণৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমবাৰৰ বাবে চন্দ্ৰত মানুহ ঘূৰাই অনাৰ বাবে চীনৰ সৈতে প্ৰতিযোগিতা অব্যাহত ৰাখিছে ।

নেলছনে লগতে কয় যে চীনা মহাকাশ কাৰ্যসূচীয়ে চীনা টাইকোনাউটসমূহ (taikonauts) আগতীয়াকৈ অৱতৰণ কৰিবলৈ ক্ৰমান্বয়ে সক্ষম হৈছে । কিন্তু যিয়েই নহওঁক, চন্দ্ৰত অৱতৰণৰ ক্ষেত্ৰত প্ৰতিযোগীসকলক পৰাস্ত কৰাৰ বাবে সুৰক্ষিত আৰু কাৰিকৰীভাৱে উন্নত উপায় ল'বলৈ চেষ্টা অব্যাহত ৰাখিছে বুলিও নেলছনে উল্লেখ কৰে ।

লগতে পঢ়ক :বিবাহপাশত আৱদ্ধ হ'ল শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.