New SOP in Assam : ৰাজ্যত নিশা ১১:৩০ বজাৰ পৰা কাৰ্ফিউ

By

Published : Dec 25, 2021, 5:35 PM IST

Updated : Dec 25, 2021, 6:35 PM IST

thumbnail

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কলিয়াবৰত সংবাদ মেল (Assam health minister press meet) ৷ ৰাজ্যত অ’মিক্ৰণৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেনেদৰে সাজু হৈছে, সেই বিষয় লৈ কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰিলে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ১২–১৮ বছৰ বয়সৰ চেমনীয়াক প্ৰদান কৰা হ'ব ভেকচিন ৷ অমিক্ৰন সংক্ৰমণ ৰোধিবলৈ সকলো প্ৰকাৰে ৰাজ্য চৰকাৰ সাজু (Assam is ready to fight OMICRON) বুলিও মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে শনিবাৰে ক’ভিডৰ এখন নতুন SOP(New covid SOP in Assam) ঘোষণা কৰে ৷ সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি ২৬ ডিচেম্বৰৰ পৰা ৰাজ্যত নতুন সিদ্ধান্ত বলবৎ কৰা হ’ব ৷ এই অনুসৰি ব্যৱসায়ীসকলে নিশা ১০.৩০ বজাৰ ভিতৰত দোকান-পোহাৰ বন্ধ কৰিব লাগিব । হোটেল-ধাবাসমূহো বন্ধ কৰিব লাগিব ।

Last Updated : Dec 25, 2021, 6:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.