Leptospirosis infection in Puranigudam : পুৰণিগুদামত লেপ্ট'স্পাইৰ'ছিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু

By

Published : Dec 25, 2021, 6:44 PM IST

thumbnail

অসম তথা সমগ্ৰ দেশতে বৰ্তমান ক'ভিডৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সময়তে নগাঁও জিলাৰ পুৰণিগুদামত লেপ্ট'স্পাইৰ'ছিছ ৰোগত আক্ৰান্তৰ ঘটনা । জুন'টিক ৰোগ লেপ্ট'স্পাইৰ'ছিছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে মিকিৰহাট আলিছিঙাৰ ৰঞ্জিত কলিতা নামৰ এজন লোকে(Man died of Leptospirosis in Mikirhat Alisinga) । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছিল । যোৱা ১১ ডিচেম্বৰত ৰঞ্জিত কলিতাৰ মৃত্যু হয় । আনহাতে, বেক্টেৰিয়াজনিত ৰোগবিধত আক্ৰান্ত হৈছে ৰঞ্জিত কলিতাৰ পত্নী মণিকা কলিতাও । অৱশ্যে তেওঁৰ শৰীৰত বিশেষ লক্ষণ পৰিলক্ষিত হোৱা নাই । পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীসকলে এতিয়া ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । সকলোকে ঘৰৰ বাহিৰ-ভিতৰ পৰিষ্কাৰ কৰি ৰাখিবলৈও আহ্বান জনাইছে স্বাস্থ্যকৰ্মীসকলে ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.