ETV Bharat / state

Truck driver kidnapped : মেঘালয়ৰ পৰা কোনে ক’লৈ লৈ গ’ল অসমৰ ট্ৰাক চালকক ?

author img

By

Published : Dec 25, 2021, 5:07 PM IST

goalpara-truck-driver-kidnapped-in-meghayalya
মেঘালয়ৰ পৰা কোনে ক’লৈ লৈ গ’ল অসমৰ ট্ৰাক চালকক ?

গোৱালপাৰাৰ লক্ষীপুৰৰ ট্ৰাক চালকক মেঘালয়ৰ দামালত অপহৰণ ( Goalpara truck driver kidnapped in Meghayalya) । পাঁচ দিনে সুংসূত্ৰ নাই চালকজনৰ ৷ নীৰৱ ভূমিকাত মেঘালয় আৰক্ষী ।

গোৱালপাৰা, 25 ডিচেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ কলাবাৰীৰ ট্ৰাক চালক এগৰাকীক মেঘালয়ৰ দামালত কোনো দূৰ্বৃত্তই অপহৰণ কৰা বুলি জানিব পৰা গৈছে (Assam truck driver kidnapped in Meghalaya) ৷ ঘটনা অনুসৰি, গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গৌৰনগৰ কলাবাৰীৰ ওমৰ আলীৰ পুত্ৰ আফজাল আলীয়ে (৪০) যোৱা ২০/১২/২০২১ তাৰিখে শিমলাবাৰীৰ লোকমান আলী নামৰ ব্যাক্তি এগৰাকীৰ ট্ৰাক লৈ মেঘালয়লৈ সামগ্ৰী আনিবলৈ গৈছিল ।

ইয়াৰ পিছত, আফজাল আলীয়ে এম এল-১৩-২৭৬৩ নম্বৰৰ ট্ৰাকখনেৰে সামগ্ৰী কঢ়িয়াই অনাৰ সময়ত দামাল নামৰ নিৰ্জন ঠাই টুকুৰাত এটা ৫/৬ জনীয়া অজ্ঞাত দূৰ্বৃত্তৰ দলে পথ আগচি ধৰি ট্ৰাকখন ৰাখিবলৈ দিয়ে । পিছত দূৰ্বৃত্তৰ দলটো চালক আফজাল আলীক গাড়ীৰ পৰা চোঁচৰাইন নমাই আনি মাৰপিট কৰি অপহৰণ কৰে ।

মেঘালয়ৰ পৰা কোনে ক’লৈ লৈ গ’ল অসমৰ ট্ৰাক চালকক ?

সেই সুযোগতে ট্ৰাকত থকা দুজন শ্ৰমিক সাহাবুদ্দিন আৰু ইউচুফ আলীয়ে গাড়ীৰ পৰা নামি পলাই যাবলৈ সক্ষম হয় ।

এই সন্দৰ্ভত যোৱা ২১ ডিচেম্বৰত ট্ৰাকৰ মালিক লোকমান আলীয়ে দামাল থানাত এটি গোচৰ ৰুজু কৰিছে যদিও মেঘালয় আৰক্ষীয়ে আজিলৈ আফজাল আলীৰ কোনো ধৰণৰ সুংসূত্ৰ উলিয়াব পৰা নাই (Truck driver from Assam missing in Meghalaya) । ইপিনে, আফজাল আলীৰ দৰিদ্ৰ পৰিয়ালটোৰ সদস্যসকলে অতি শীঘ্ৰেই বিনা চৰ্তত আফজালক মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে । লগতে মেঘালয় আৰু অসম চৰকাৰক বিষয়টোক গুৰুত্ব সহকাৰে লবলৈ আফজালৰ পত্নী আৰু তিনি গৰাকী কণমানি সন্তানে কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক : Isha Thapa death case : নৌ সেনাৰ বিষয়াৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.