ETV Bharat / state

Isha Thapa death case : নৌ সেনাৰ বিষয়াৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ

author img

By

Published : Dec 24, 2021, 10:32 AM IST

হত্যা নে আত্মহত্যা ! ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ইশা থাপাৰ মৃত্যুৰ ঘটনা 9Isha Thapa death case)৷ শ্ৰীলংকাত কেনেকৈ মৃত্যু হ’ল ইশাৰ ? স্বামীগৃহৰ মতে আত্মহত্যা আৰু পিতৃগৃহৰ মতে পৰিকল্পিত হত্যা ৷ ইশাৰ লগতে হেৰাই গ’ল নেকি প্ৰকৃত সত্য ৷

navy-officer-accused-of-killing-his-wife
চৰাইদেউত ভাৰতীয় নৌ সেনাৰ বিৰুদ্ধে পত্নীক হত্য়া কৰাৰ অভিযোগ

মৰাণ, 24 ডিচেম্বৰ : ভাৰতীয় নৌ সেনাৰ এগৰাকী কেপ্টেইনৰ বিৰুদ্ধে অভিযোগ উঠিছে পত্নীক হত্যা কৰাৰ (Navy officer accused of killing wife) ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ জলহা বেটিজানত ইয়াকে লৈ সৃষ্টি হৈছে উত্তেজনাৰ ৷ হৰিশ থাপা নামৰ নৌ সেনাৰ বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে পত্নী ইশা থাপাক হত্যা কৰাৰ অভিযোগ ৷

শ্ৰীলংকাত কৰ্মৰত ভাৰতীয় নৌ সেনাৰ বিষয়া হৰিশৰ পত্নীৰ মৃত্যু হৈছিল তেওঁৰ কৰ্মস্থলীতে (Isha Thapa died in Sri Lanka)৷ যোৱা শুকুৰবাৰেই মৃত্যু হৈছিল ইশাৰ ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচত, বুধবাৰে সোণাৰিৰ জলহাৰ বেটিজানৰ হৰিশ থাপাৰ ঘৰত আহি উপস্থিত হয় ইশাৰ পৰিয়াল ৷

চৰাইদেউত ভাৰতীয় নৌ সেনাৰ বিৰুদ্ধে পত্নীক হত্য়া কৰাৰ অভিযোগ

স্বামীৰ পৰিয়ালে ইশাই আত্মহত্যা কৰা বুলি সদৰী কৰাৰ বিপৰীতে ইশাৰ পিতৃৰ পৰিয়ালে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে ৷

প্ৰায় দুবছৰ পূৰ্বে হৰিশৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ইশা থাপা ৷ ইশাই কেতিয়াও আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিব নোৱাৰে বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷ ইশাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি স্বামী গৃহৰ চোতালতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ হুংকাৰ দিয়ে উত্তেজিত লোক সকলে ৷

ইতিমধ্যে এই ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ ইশাৰ মৃত্যু কেনেকৈ হ’ল ? এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াই সঠিককৈ ক’ব পৰা হোৱা নাই ৷ স্বামীৰ পৰিয়ালেও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আৰক্ষীক ৷ ইতিমধ্যে ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী ৷

লগতে পঢ়ক : Morigaon police firing: ৰজনীকান্তক গুলীওৱাৰ বিৱৰণ দিলে আৰক্ষী অধীক্ষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.