ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 9, 2022, 7:05 PM IST

TOP 10 AT 7 PM
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Bhupen Bora react on Gujarat election: আপৰ বাবেহে গুজৰাটত কংগ্ৰেছে কম আসন পালে: ভূপেন বৰা

গুজৰাটৰ পৰাজয়ক লৈ প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ গুজৰাটত আপৰ চৰকাৰ হ'ব বুলি কংগ্ৰেছৰ ভোটাৰসকলেও আপকে ভোট দিলে বুলি মন্তব্য বৰাৰ । আনহাতে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাবলৈ বদৰুদ্দিন আজমলে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে আৰু ভবিষ্যতেও হ'ব বুলি কটাক্ষ বৰাৰ(Bhupen Borah comment on Badruddin Ajmal) ।

Gujrat election 2022: আপ চলি আছে বিজেপিৰ এজেণ্ডাত

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদমেল সম্বোধন । বিজেপি আৰু আপৰ গোপন বুজাবুজিৰ বাবে গুজৰাটত কংগ্ৰেছে বিপৰ্যয়ৰ সন্মূখীন হ'বলগীয়া হ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন । হিন্দুত্বৰ কথা কোৱা বিজেপি শোচনীয় পৰাজয়ৰ সন্মূখীন হ'ল হিমাচলত(Himachal pradesh election 2022)।

APCC Expells ZPC member Shahjahan Ali: আজমলৰ চুমাৰ বাবেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ হ'ল এজন নেতা

বদৰুদ্দিন আজমলৰ চুম্বনেই কাল হ’ল এগৰাকী কংগ্ৰেছ নেতাৰ(Expelled from party’s primary membership ) ৷ জনসমাৱেশত অংশগ্ৰহণৰ বাবে যোৱা আজমলে সোণতলীস্থিত শ্বাহজাহান আলীৰ ঘৰত উপস্থিত হৈ আলীৰ কপালত মৰমতে খাইছিল চুমা ৷ এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই জোকৰণিৰ সৃষ্টি হৈছিল সমগ্ৰ কংগ্ৰেছ মহলত ।

Fraud financial company: ভূৱা বিত্তীয় কোম্পানীৰ CEO সহ দুজনক গ্ৰেপ্তাৰ

ৰাজ্যত ক্ৰমান্বয়ে বৃ্দ্ধি পাইছে ভূৱা বিত্তীয় কোম্পানীৰ সংখ্যা । ব্যতিক্ৰম নহয় মহানগৰীও । মহানগৰীৰ বিভিন্ন প্ৰান্ততো ৰঘূমলাৰ দৰে বৃদ্ধি পাইছে ভূৱা বিত্তীয় কোম্পানী । এনে কোম্পানীক নাকী লগাবলৈ অভিযান আৰম্ভ কৰিছে অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই(Economic Offences Investigation Agency) ।

FIFA World Cup 2022 : আজিৰে পৰা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল: ব্ৰাজিল-আৰ্জেণ্টিনাৰ অগ্নিপৰীক্ষা

ব্ৰাজিল এই বিশ্বকাপৰ শ্ৰেষ্ঠ দল । ছাম্বাৰ দেশৰ দলটোৱে এটা বেলেগ ব্ৰেণ্ডৰ ফুটবল খেলে । ব্ৰাজিল হৈছে এটা বিপজ্জনক দল (FIFA World Cup 2022) । ব্ৰাজিলিয়ান দলটো কেৱল নেইমাৰ আৰু ভিনিচিয়াছ জুনিয়ৰৰ ওপৰত নিৰ্ভৰশীল নহয় । বহুকেইজন তাৰকা আছে, যিয়ে খেলৰ গতি যিকোনো মুহূৰ্তত সলনি কৰি দিব পাৰে ।

Helath condition of Shivnath Barman : গুৰুতৰভাবে অসুস্থ বিশিষ্ট সাহিত্যিক ড৹ শিৱনাথ বর্মন

যোৱা ৩ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছে বিশিষ্ট সাহিত্যিক ড৹ শিৱনাথ বৰ্মন । বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁৰ চিকিৎসা চলাই থকা হৈছে (Helath condition of Shivnath Barman)। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

One for the ages: মৃত্যুৱে ৰোধিব নোৱাৰা এক প্ৰেম কাহিনী

সৰগীয় প্ৰেমৰ অনুপম কাহিনী অলেখ । কেতিয়াবা মৃত্যুৱেও হাৰ মানে প্ৰেমৰ ওচৰত । কেতিয়াবা আকৌ মৃত্যুৰ পাছতো জীৱন্ত হৈ থাকে কিছু প্ৰেম কাহিনী । বৰ্তমান চৰ্চাত এনে এক প্ৰেমৰ বান্ধোন যাক চিঙিব নোৱাৰিলে মৃত্যুৱেও(One for the ages) ।

Cyclone Mandus: দক্ষিণৰ উপকূলত ঘূৰ্ণী বতাহ মাণ্ডুছৰ প্ৰাদুৰ্ভৱ

বংগোপ সাগৰৰ দক্ষিণ-পূব উপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ মাণ্ডুছ দক্ষিণ উপকূলীয় অন্ধ্ৰ আৰু তামিলনাডুৰ উপকূলৰ কাষ চাপিছে (Cyclone Mandus news)। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে, ই ঘণ্টাত ৬ কিলোমিটাৰ বেগত পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে ।

Spice Jet flight delayed by 12 hours : ১২ ঘণ্টা পলমকৈ উৰিল বিমান, বিমানবন্দৰত যাত্ৰীৰ প্ৰতিবাদ

একাংশ যাত্ৰীৰ প্ৰতিবাদত উত্তাল হ'ল বাৰাণসী বিমানবন্দৰ (Passengers protest at Varanasi airport)। মুম্বাই অভিমুখী স্পাইচ জেট বিমানৰ যাত্ৰা ১২ ঘণ্টা পলম হোৱাৰ বাবেই ক্ষোভিত যাত্ৰী । পুৱা ১০:৩০ বজাত যাবলগীয়া বিমান অৱশেষত উৰা মাৰিলে নিশা ১০.৩০ বজাত ।

Rashmika Mandanna: নিষেধাজ্ঞা জাৰি কৰা সন্দৰ্ভত মুখ খুলিলে ৰশ্মিকাই

কানাড়া চলচ্চিত্ৰ জগতে তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা বুলি প্ৰচাৰ হৈ থকা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰী ৰশ্মিকা মান্দানাই (Rashmika Mandanna news) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.