ETV Bharat / state

Gujrat election 2022: আপ চলি আছে বিজেপিৰ এজেণ্ডাত

author img

By

Published : Dec 9, 2022, 4:40 PM IST

Pradesh congress allegation on AAP for election result
Gujrat election 2022: আপ চলি আছে বিজেপিৰ এজেণ্ডাত

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদমেল সম্বোধন । বিজেপি আৰু আপৰ গোপন বুজাবুজিৰ বাবে গুজৰাটত কংগ্ৰেছে বিপৰ্যয়ৰ সন্মূখীন হ'বলগীয়া হ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন । হিন্দুত্বৰ কথা কোৱা বিজেপি শোচনীয় পৰাজয়ৰ সন্মূখীন হ'ল হিমাচলত(Himachal pradesh election 2022)।

গুৱাহাটী,৯ ডিচেম্বৰ: আম আদমী পাৰ্টী চমুকৈ আপৰ বাবে গুজৰাটত কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল ৷ এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা আৰু সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে (APCC press meet)।

Gujrat election 2022: আপ চলি আছে বিজেপিৰ এজেণ্ডাত

সংবাদমেলত উপ-সভাপতি দ্বিজেন শৰ্মাই কয় যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত কেতবোৰ ভুল প্ৰচাৰ চলোৱা হৈছে । তেওঁ কয় যে প্ৰকৃততে বিজেপি আৰু আপৰ গোপন বুজাবুজিৰ বাবেহে গুজৰাটত কংগ্ৰেছে বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হ'ল । গুজৰাট আৰু হিমাচল প্ৰদেশ বিজেপিৰ দুজন প্ৰভাৱশালী নেতাৰ ৰাজ্য হোৱাৰ বাবে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিল(Himachal pradesh election 2022) ।

গুজৰাটত জয়ী হ'ল যদিও হিমাচল প্ৰদেশত বিধ্বস্ত হ'ল বিজেপি দল । দ্বিজেন শৰ্মাই আপ আৰু বিজেপিৰ গোপন বুজাবুজি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গুজৰাটত আপে চৰকাৰ কৰিব বুলি প্ৰচাৰ চলাইছিল । অৰবিন্দ কেজৰিৱালে ৯০ আসনত জয়ী হ'ম বুলি নিশ্চিতি প্ৰদান কৰিছিল । কিন্তু বাস্তৱত তেনে হোৱা পৰিলক্ষিত নহ’ল(Gujrat election 2022) ।

আপৰ বাবে গুজৰাটত কংগ্ৰেছে পৰাজয়ৰ মুখামুখি হ'বলগীয়া হ'ল বুলি স্পষ্টকৈ উল্লেখ কৰে । দ্বিজেন শৰ্মাই লগতে কয় যে অভিযোগ অনুসৰি আপে আৰ এছ এছৰ সৈতে গোপন বুজাবুজি কৰিহে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । বিজেপিক সহায় কৰাৰ বাবেই আপে বিজেপিৰে গোপন বুজাবুজি কৰিছিল বুলি অভিযোগ তোলে দ্বিজেন শৰ্মাই ।

সাংসদ বদৰুদ্দিন আজমলৰ দৰে অৰবিন্দ কেজৰিৱালে বিজেপিক গোপনে সহযোগ কৰাৰ সন্দেহ ব্যক্ত কৰি শৰ্মাই কয় যে আজমল আৰু আছাদউদ্দিন ওৱেছিয়ে সাম্প্ৰদায়িক মন্তব্যৰে মেৰু বিভাজনৰ ৰাজনীতি কৰি বিজেপিক সহায় কৰি আহিছে । ইয়াৰ বাবেই কংগ্ৰেছে আজমলক ত্যাগ কৰিছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে কয় যে কোনো কাৰণতে আৰু এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্রতা নহয় ।

হিমাচল প্ৰদেশৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে কয় যে হিমাচল প্ৰদেশৰ ৯৮ শতাংশ লোক হিন্দু । কিন্তু হিন্দুত্বৰ কথা কোৱা বিজেপি দলে তাত শোচনীয় পৰাজয়ৰ সন্মুখীন হ'ল । ৰাজ্যখনৰ জনতাই কংগ্ৰেছক আঁকোৱালি ল'লে ।

ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণিত হ’ল যে সাম্প্ৰদায়িক বিজেপি দলক দেশৰ জনতাই প্ৰত্যাখ্যান কৰিছে । আনহাতে ৬ টা সমষ্টিৰ উপ নিৰ্বাচনতো বিজেপি পৰাজিত হ'ল । ক’তো মোডী মেজিক চলা পৰিলক্ষিত নহ’ল । দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনটো বিজেপি ধৰাশায়ী হ'ল(2022 Delhi Municipal Corporation election) ।

সংবাদমেলখনত শৰ্মাই কয় যে বিজেপিৰ বিৰুদ্ধে দেশৰ জনতাৰ ক্ষোভ আছে । এতিয়া আৰু মোডী মেজিক নাই । ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে লাহে লাহে এনে এটা সময় আহিব যে বিজেপি গুজৰাটৰ বাহিৰে আন কতোৱেই থকাটো কষ্টকৰ হ’ব । বিজেপিৰ ভৰিৰ তলৰ মাটি লাহে লাহে খহিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় শৰ্মাই ।

তেওঁ লগতে কয় যে গোপন বুজাবুজিৰ দ্বাৰা বিজেপিয়ে দিল্লী পৌৰ নিগম আপক এৰি দি গুজৰাটত আপক ব্যৱহাৰ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । সংবাদমেলত মনজিৎ মহন্তই কয় যে কেজৰিৱালে গুজৰাটত আপৰ চৰকাৰ হ'ব কৈছিল যদিও পালে মাত্র ৫ খন আসন । কংগ্ৰেছৰ অস্তিত্বশূণ্য কৰাৰ বাবেই বিজেপি আৰু আপৰ মাজত গোপন বুজাবুজি হৈছিল বুলিও অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছে । আপ বিজেপিৰ এজেণ্ডাত চলি আছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক: Literary Pension 2022 : সাহিত্যিক পেঞ্চনাৰ মনোমতী কুৰ্মীৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.