ETV Bharat / state

APCC Expells ZPC member Shahjahan Ali: আজমলৰ চুমাৰ বাবেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ হ'ল এজন নেতা

author img

By

Published : Dec 9, 2022, 4:13 PM IST

বদৰুদ্দিন আজমলৰ চুম্বনেই কাল হ’ল এগৰাকী কংগ্ৰেছ নেতাৰ(Expelled from party’s primary membership ) ৷ জনসমাৱেশত অংশগ্ৰহণৰ বাবে যোৱা আজমলে সোণতলীস্থিত শ্বাহজাহান আলীৰ ঘৰত উপস্থিত হৈ আলীৰ কপালত মৰমতে খাইছিল চুমা ৷ এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই জোকৰণিৰ সৃষ্টি হৈছিল সমগ্ৰ কংগ্ৰেছ মহলত ।

APCC Expells ZPC member Shahjahan Ali
আজমলৰ মৰমৰ চুমাৰ বাবেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ হ'ল এজন নেতা

গুৱাহাটী, ৯ ডিচেম্বৰ: সাংসদ বদৰুদ্দিন আজমলৰ চুমাই কাল হ’ল এজন কংগ্ৰেছ নেতাৰ(AIUDF Chief Badruddin Ajmal) । বদৰুদ্দিন আজমলৰ এটা চুমাৰ বাবেই দলৰ পৰা নিলম্বিত হ’বলগীয়া হ’ল কংগ্ৰেছৰ নেতাজন(Expelled from party’s primary membership ) । কামৰূপ(গ্ৰাম্য) জিলাৰ সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলীক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে । প্ৰদেশ কংগ্ৰেছৰ পৰা শ্বাহজাহান আলীলৈ ৬ বছৰৰ বাবে বহিষ্কাৰৰ জাননী প্ৰেৰণ কৰা হৈছে ।

APCC Expells ZPC member Shahjahan Ali
আজমলৰ মৰমৰ চুমাৰ বাবেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ হ'ল এজন নেতা

জানিব পৰা মতে ৭ ডিচেম্বৰত বদৰুদ্দিন আজমলে কাছুমাৰাত আয়োজিত জনসমাৱেশত অংশগ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়ত সোণতলীস্থিত শ্বাহজাহান আলীৰ ঘৰত উপস্থিত হৈ চাহ-জলপান খাই আলীৰ সৈতে এক বিশেষ বৈঠকত বহিছিল । বৈঠকৰ অন্তক শ্বাহজাহান আলীৰ কপালত মৰমতে চুমা খাইছিল বদৰুদ্দিন আজমলে ।

শ্বাহজাহান আলীৰ কপালত বদৰুদ্দিন আজমলে চুমা খোৱা দৃশ্য ভাইৰেল হোৱাৰ পিছতেই জোকৰণিৰ সৃষ্টি হৈছিল সমগ্ৰ কংগ্ৰেছ মহলত । পিছত প্ৰদেশ কংগ্ৰেছে জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰে । অৱশ্যে কি কাৰণত কংগ্ৰেছী নেতাজনক নিলম্বন কৰা হৈছে সেই সম্পৰ্কে জাননীখনত উল্লেখ নাই । কেৱল দলীয় অনুশাসন তথা দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে নিলম্বন কৰাৰ কথা উল্লেখ কৰা হৈছে জাননীখনত ।

লগতে পঢ়ক : Drugs mafia arrested : আৰক্ষীৰ জালত MOST WANTED ড্ৰাগছ মাফিয়া বিল্লাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.