ETV Bharat / sports

FIFA World Cup 2022 : আজিৰে পৰা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল: ব্ৰাজিল-আৰ্জেণ্টিনাৰ অগ্নিপৰীক্ষা

author img

By

Published : Dec 9, 2022, 6:38 PM IST

FIFA
FIFA

ব্ৰাজিল এই বিশ্বকাপৰ শ্ৰেষ্ঠ দল । ছাম্বাৰ দেশৰ দলটোৱে এটা বেলেগ ব্ৰেণ্ডৰ ফুটবল খেলে । ব্ৰাজিল হৈছে এটা বিপজ্জনক দল (FIFA World Cup 2022) । ব্ৰাজিলিয়ান দলটো কেৱল নেইমাৰ আৰু ভিনিচিয়াছ জুনিয়ৰৰ ওপৰত নিৰ্ভৰশীল নহয় । বহুকেইজন তাৰকা আছে, যিয়ে খেলৰ গতি যিকোনো মুহূৰ্তত সলনি কৰি দিব পাৰে ।

স্পৰ্টছ ডেস্ক, ৯ ডিচেম্বৰ : শুকুৰবাৰৰ পৰা আৰম্ভ বিশ্বকাপ ফুটবলৰ কোৱাৰ্টাৰ ফাইনেল খেল (FIFA World Cup 2022 quarter finals) । আজি দুখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব । প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল মেচত ব্ৰাজিলৰ প্ৰতিপক্ষ হৈছে ক্ৰোৱেছিয়া (Brazil vs Croatia quarter final) । আনহাতে, দ্বিতীয়খন মেচত আৰ্জেণ্টিনাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নেদাৰলেণ্ডৰ বিৰুদ্ধে (Arjentina vs Natherlands quarter final) ।

কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে ক্ৰোৱেছিয়াৰ মুখ্য প্ৰশিক্ষক জলাটকো ডালিকে ব্ৰাজিলক এই বিশ্বকাপৰ আটাইতকৈ প্ৰভাৱশালী দল হিচাপে অভিহিত কৰিছে । ক্ৰোৱেছিয়াই অন্তিম ১৬-ত জাপানক পেনাল্টিত পৰাস্ত কৰি অন্তিম আঠলৈ যোগ্যতা অৰ্জন কৰে । আনহাতে, ব্ৰাজিলে দক্ষিণ কোৰিয়াক ৪-১ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হয় ।

ইফালে নেদাৰলেণ্ডে অন্তিম ১৬-ত আমেৰিকাক ৩-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে আৰ্জেণ্টিনাই অষ্ট্ৰেলিয়াক ২-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । প্ৰথমখন মেচত ব্ৰাজিল আৰু ক্ৰোৱেছিয়া এডুকেচন চিটী ষ্টেডিয়ামত নিশা ৮ বজাত পৰস্পৰৰ মুখামুখী হ'ব । আনহাতে, আনখন কোৱাৰ্টাৰ ফাইনেলত নিশা ১২ বজাত কাটাৰৰ লুছাইল ষ্টেডিয়ামত আৰ্জেণ্টিনা আৰু নেদাৰলেণ্ডে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব (Qatar world cup foot ball) ।

উল্লেখ্য, সংবাদ সংস্থা ছিনহুয়াই ডালিকৰ উদ্ধৃতি দি কয় যে তেওঁ বিশ্বাস কৰে যে ব্ৰাজিল এই বিশ্বকাপৰ শ্ৰেষ্ঠ দল । দেশখনে এক বেলেগ ব্ৰেণ্ডৰ ফুটবল খেলে । তেওঁলোক এটা বিপজ্জনক দল । ব্ৰাজিলিয়ান দলটো কেৱল নেইমাৰ আৰু ভিনিচিয়াছ জুনিয়ৰৰ ওপৰত নিৰ্ভৰশীল নহয় । দলটোত বহুতো তাৰকা খেলুৱৈ আছে, যিয়ে খেলৰ গতি যিকোনো মুহূৰ্তত সলনি কৰি দিব পাৰে ।

ক্ৰোৱেছিয়াৰ মুখ্য প্ৰশিক্ষক জলাটকো ডালিকে কয়, "আমাৰ বিৰুদ্ধে খেলখনত ব্ৰাজিলৰ ডাঙৰ তাৰকা খেলুৱৈসকলক আমি বেছি সুযোগ দিব নোৱাৰোঁ । আমি তেওঁলোকক চাপত ৰাখিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যে বিপক্ষই বলটো অত্যধিক নিয়ন্ত্ৰণ নকৰে । আমি সম্পূৰ্ণ মনোনিবেশ কৰি খেলিব লাগিব । কিয়নো যদি বিপক্ষই বলটো নিয়ন্ত্ৰণ কৰিবলৈ সময় পায়, ই আমাৰ বাবে কঠিন হ'ব পাৰে ।"

আনহাতে, জাপানৰ বিৰুদ্ধে মেচত জয়লাভৰ চাৰি দিনৰ পিছতো ডালিক আত্মবিশ্বাসী যে তেওঁৰ খেলুৱৈসকল এডুকেচন চিটী ষ্টেডিয়ামত মেচখনৰ বাবে সতেজ হৈ আহিব । মুখ্য প্ৰশিক্ষক জলাটকো ডালিকে কয়, "আমি এই খেলখনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত । জাপানৰ খেলখনৰ পিছত আমি বিশেষ পৰিৱৰ্তন অবিহনে ভাল খেলিবলৈ জোৰ দিব লাগিব । এতিয়ালৈকে ব্ৰাজিলৰ দলটোৱেও যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে । এতিয়া আমি আন এটা ভাল দলৰ মুখামুখী হ'বলৈ গৈ আছোঁ । আমি আমাৰ সৰ্বশ্ৰেষ্ঠ খেলখন খেলিবলৈ চেষ্টা কৰিম ।"

৫৬ বছৰীয়া ডালিকে কয় যে ফিফা বিশ্বকাপ, ২০২২-ৰ আগন্তুক সকলো খেল আমাৰ বাবে কঠিন হ'ব । বিশ্বকাপৰ এই কঠিন খেলবোৰ উপভোগ কৰক । তেওঁ এই মেচখন চাৰি বছৰ পূৰ্বে ফ্ৰান্সৰ বিৰুদ্ধে খেলা চূড়ান্ত খেলখনৰ সৈতে তুলনা কৰি কয়, একে ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি মেচত অৱতীৰ্ণ হ'ব লাগিব ।

আনহাতে, নেদাৰলেণ্ডৰ প্ৰশিক্ষক অভিজ্ঞ লুইচ ফান হালক গুৰুত্ব সহকাৰে লৈছেআর্জেণ্টিনা শিবিৰে । তেওঁৰ ৰণকৌশলে চিন্তাত ৰাখিছে লিঅ'নেল মেছিক । দল হিচাবেও যথেষ্ট শক্তিশালী নেদাৰলেণ্ড । সেয়ে আক্রমণ গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিছে আর্জেণ্টিনা শিবিৰে । সপক্ষে গ'ল নোহোৱাটোৱেই প্রথম লক্ষ্য মেছি বাহিনীৰ । লগতে প্রতি আক্রমণেৰে প্রতিপক্ষৰ ৰক্ষণ বিভাগক পৰাস্ত কৰিবও বিচাৰে তেওঁলোকে ।

ইফালে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক মেক এলিষ্টাৰে কয়, ‘‘আমি জানো, নেদাৰলেণ্ডৰ কেইবাজনো ভাল ফুটবলাৰ আছে । খেল আৰু নিজৰ সম্পর্কে তেওঁলোৰ ধাৰণাও অতি স্বচ্ছ । আমাৰো কিছু পৰিকল্পনা আছে । কেনেদৰে তেওঁলোকক ৰুধিব পৰা যায়, তাক লৈও আমি বিগত কেইবা দিনো ধৰি কাম কৰিছোঁ । একাধিক পৰিকল্পনা আমাৰ আছে ।

মেচৰ পূৰ্বে হাতত আৰু অলপ সময় আছে । অৱশ্যেই নিজৰ পৰিকল্পনাবোৰ পুনৰ এবাৰ জুকিয়াই চাম । যাতে খেলপথাৰত নামোতে সমস্যা নহয় । সাধাৰণতে আমি নিজৰ খেল আৰু পৰিকল্পনাৰ কথায়েই ভাবোঁ । আমি কি কৰিব পাৰোঁ জানো । চাপমুক্তভাৱে খেলিব বিচাৰোঁ । নিজৰ কাম সঠিকভাৱে কৰিব পাৰিলে সকলো ঠিকেই থাকিব ।’’

লগতে পঢ়ক :India-Sri Lanka match in Guwahati: ১০ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.