ETV Bharat / bharat

Cyclone Mandus: দক্ষিণৰ উপকূলত ঘূৰ্ণী বতাহ মাণ্ডুছ

author img

By

Published : Dec 9, 2022, 2:53 PM IST

Updated : Dec 9, 2022, 7:05 PM IST

বংগোপ সাগৰৰ দক্ষিণ-পূব উপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ মাণ্ডুছ দক্ষিণ উপকূলীয় অন্ধ্ৰ আৰু তামিলনাডুৰ উপকূলৰ কাষ চাপিছে (Cyclone Mandus news)। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে, ই ঘণ্টাত ৬ কিলোমিটাৰ বেগত পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে ।

Cyclone Mandus
Cyclone Mandus

নিউজ ডেস্ক, 9 ডিচেম্বৰ: ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, বংগোপ সাগৰৰ দক্ষিণ-পূব উপসাগৰত গঠিত ঘূৰ্ণীবতাহ মাণ্ডুছ দক্ষিণ উপকূলীয় অন্ধ্ৰ আৰু তামিলনাডুৰ উপকূলৰ কাষ চাপিছে (Cyclone Mandus news)। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে, ই ঘণ্টাত ৬ কিলোমিটাৰ বেগত পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে । বৰ্তমান ই তামিলনাডুৰ কৰাইকালৰ পৰা ৫০০ কিলোমিটাৰ আৰু চেন্নাইৰ পৰা ৫৮০ কিলোমিটাৰ দূৰত্বত কেন্দ্ৰীভূত হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ।

এই পৰিপ্ৰেক্ষিতত অন্ধ্ৰপ্ৰদেশ চৰকাৰে দক্ষিণ উপকূলীয় অঞ্চল আৰু ৰায়ালাছিমাৰ জিলাসমূহত সজাগ হৈ থকাৰ পৰামৰ্শ দিয়ে (Cyclone in South India) । ভেলাগাপুড়ীৰ সচিবালয়ৰ পৰা তিৰুপতি, নেল্লুৰ, প্ৰকাশম, চিত্তুৰ, অন্নমাইয়া, আৰু কদাপা জিলাৰ সংগ্ৰাহকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক পৰ্যালোচনা কৰা হয় ৷

আজি মাজনিশা পুডুচেৰী, মহাবালিপুৰম আৰু শ্ৰীহৰিকোটাৰ মাজৰ উপকূলত ঘূৰ্ণীবতাহ মাণ্ডুছৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে । এই প্ৰভাৱৰ বাবে চলিত মাহৰ 10 তাৰিখলৈকে ৰায়ালাসীমা আৰু দক্ষিণ উপকূলীয় অন্ধ্ৰ জিলাত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে । নিজ নিজ জিলাৰ উপায়ুক্তসকলক সকলো প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যসচিবে ।

সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে প্ৰকাশম জিলাত এটা, নেল্লুৰ জিলাত ২টা, তিৰুপতি জিলাত এটা আৰু চিট্টুৰত এটা মুঠ ৫টা এন ডি আৰ এফৰ দল মোতায়েন কৰিব লাগিব । ধাৰাসাৰ বৰষুণৰ ফলত যদি পথ আৰু অন্যান্য যোগাযোগ ব্যৱস্থাত সমস্যা হয়, তেন্তে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব লাগে । জিলাসমূহৰ নিয়ন্ত্ৰণ কক্ষসমূহে যাতে অবিৰতভাৱে কাম কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে (Cyclone Mandus hits South cost) ৷

চেন্নাইৰ পৰা ২৭০ কিলোমিটাৰ দক্ষিণ-পূৱত অৱস্থান কৰিছে ঘূৰ্ণীবতাহ মাণ্ডুছে । অহা ২ ঘণ্টাত ই দুৰ্বল হ’ব পাৰে । এইক্ষেত্ৰত চেন্নাইৰ বেছিভাগ উপকূল বিশেষকৈ মেৰিনা, এননোৰ, কট্টুপল্লী, বেছান্ত নগৰকে ধৰি সাগৰীয় জোৱাৰৰ সৃষ্টি হৈছে । মেৰিনা উপকুল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু আৰক্ষীয়ে জনসাধাৰণক আঁতৰাই পঠিয়াইছে । ঘূৰ্ণীবতাহ মাণ্ডুছৰ বাবে উপকূলীয় জিলাসমূহত প্ৰচণ্ড বৰষুণ হৈছে ।

Mandous Cyclone ৰ বাবে মহাবলীপুৰম আৰু কল্পকামৰ উপকূলত সাগৰত প্ৰচণ্ড জোৱাৰ উঠে । উপকূলীয় অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে ৷ কাৰণ সাগৰ অতি উগ্ৰ হৈ পৰিছে ঘূৰ্ণী বতাহৰ বাবে ।

লগতে পঢ়ক: Drugs mafia arrested : আৰক্ষীৰ জালত MOST WANTED ড্ৰাগছ মাফিয়া বিল্লাল

Last Updated :Dec 9, 2022, 7:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.