ETV Bharat / international

One for the ages: মৃত্যুৱে ৰোধিব নোৱাৰা এক প্ৰেম কাহিনী

author img

By

Published : Dec 9, 2022, 5:21 PM IST

সৰগীয় প্ৰেমৰ অনুপম কাহিনী অলেখ । কেতিয়াবা মৃত্যুৱেও হাৰ মানে প্ৰেমৰ ওচৰত । কেতিয়াবা আকৌ মৃত্যুৰ পাছতো জীৱন্ত হৈ থাকে কিছু প্ৰেম কাহিনী । বৰ্তমান চৰ্চাত এনে এক প্ৰেমৰ বান্ধোন যাক চিঙিব নোৱাৰিলে মৃত্যুৱেও(One for the ages) ।

US couple who were both 100 and married for 79 years die hours apart
মৃত্যুৱে ৰোধিব নোৱাৰা এক প্ৰেম কাহিনী

ইন্টাৰনেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ: বহুতেই কথা দিয়ে আজীৱন একেলগে থকাৰ, বহুতেই প্ৰতিশ্ৰুতি দিয়ে মৃত্যুৰ সময়লৈ হাতে হাত ধৰি থকাৰ । কিন্তু বৰ্তমান সময়ত সেয়া সম্ভৱ হৈ নুঠে । কিন্তু এনে সময়তো এক বিৰল প্ৰেমৰ নিদৰ্শন দেখা গৈছে আমেৰিকাৰ ওহাইঅ'ত(American couple eternal love) । যি একেটা বছৰতে একেটা মাহতে জন্মলাভ কৰি শতায়ু গৰকি একেটা দিনতে মাত্ৰ কেইঘন্টামানৰ ব্যৱধানত সাৱটিলে মৃত্যুক । এয়া আমেৰিকাৰ ওহাইঅ’ৰ বাসিন্দা জুন মেলিকট আৰু হুবাৰ্ট মেলিকটৰ প্ৰেম কাহিনী(Hubert and June Malicote) ।

US couple who were both 100 and married for 79 years die hours apart
মৃত্যুৱে ৰোধিব নোৱাৰা এক প্ৰেম কাহিনী

১৯২২ চনৰ ১৩ জুলাইত জন্মলাভ কৰিছিল জুন মেলিকটে আৰু সেই একেটা মাহৰে ২৩ তাৰিখে জন্মলাভ কৰিছিল হুবাৰ্ট মেলিকটে । তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ ভৰপক সময় । তেনে সময়তে অৰ্থাৎ ১৯৪১ চনত সাক্ষাৎ হৈছিল দুয়োৰে । দুয়োৰে লগ হৈছিল ইয়েটন ৰোড চাৰ্চত । দুয়ো নিজৰ বন্ধুবৰ্গৰ সৈতে আইচক্ৰীম খাবলৈ যাওতেই চাৰিচকুৰ মিলন ঘটিছিল । তাৰ পাছত প্ৰেম আৰু তাৰপাছত বিবাহ । ১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধত(2nd World War in 1942) যুঁজিবলৈ হুবাৰ্টে নৌসেনাত যোগদান কৰে । প্ৰশিক্ষণ সম্পূৰ্ণ কৰি যুদ্ধলৈ যোৱাৰ পূৰ্বে দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ১৯৪৩ চনত প্ৰেমৰ সেই মধুৰ সম্পৰ্কই আন এক নাম পালে ।

জুন আৰু হুবাৰ্টৰ মুঠ তিনিটা সন্তান । তিনি পুত্ৰ-কন্যাৰ ঘৰত মুঠ সাতজন নাতি-নাতিনী । ইফালে নাতি-নাতিনীৰ মুঠ ১১টা সন্তানৰ মুখ দেখিলে জুন আৰু হুবাৰ্টে । চলিত বৰ্ষতে অতি ধুমধামেৰে দুয়োৰে শতবাৰ্ষিকী উদযাপন কৰা হয় । সেই অনুষ্ঠানতে দম্পতীহালে উল্লেখ কৰিছিল যে দুয়ো একেলগে আৰু খুব সুখৰে জীৱন কটাইছে । জীৱনৰ প্ৰতিটো সুখ-দুখৰ মুহূৰ্ততে তেওঁলোক ইজনে-সিজনৰ কাষত আছিল । কিন্তু লাহে লাহে নামি আহিল অমানিশা । কিছুদিন পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল জুন ।

জুনক ভৰ্তিত কৰোৱা হৈছিল চিকিৎসালয়ত । আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি পূৰাবলৈকে যেন ২৫ নৱেম্বৰত অসুস্থ পত্নীৰ খবৰ ল'বলৈ চিকিৎসালয়ত উপস্থিত হৈছিল হুবাৰ্ট মেলিকট । অসুস্থ পত্নীক দেখা পায় হুবাৰ্টো চিকিৎসালয়তে অসুস্থ হৈ পৰে । দুয়োকে ৰখা হ'ল একেটা কোঠাতে । ৩০ নৱেম্বৰত হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত হৈ মৃত্যুক সাবটে হুবাৰ্টে । আচৰিতভাৱে প্ৰায় ২০ ঘন্টাৰ পাছত চিকিৎসালয়তে মৃত্যু হয় জুন মেলিকটৰ । অমিয়া প্ৰেমক সৰগী কৰি দুয়ো গুছি গ'ল অজান মুলুকলৈ(Couple die hours apart after 79 years of marriage) ।

যোৱা ৬ ডিচেম্বৰত এই প্ৰেমিক দম্পতিৰ স্মৃতিত পৰিয়ালটোৱে এখন স্মৃতিচাৰণ সভা আয়োজন কৰে । সেই সভাত জুন আৰু হুবাৰ্টৰ পুত্ৰ ছেমে কয় য়ে তেওঁলোকৰ পিতৃ-মাতৃয়ে ইজনে-সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰিলে । মৃত্যুৱেও তেওঁলোকৰ বান্ধোন ভাঙিব নোৱাৰিলে । ফেচীবাদৰ পতনৰ পৰা ভিয়েটনাম যুদ্ধলৈকে বৰ্তমানৰ ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতলৈকে দুয়োজন সাক্ষী হৈ ৰৈছিল । এই বছৰ তেওঁলোকৰ পিতৃ-মাতৃয়ে বিবাহিত জীৱনৰ ৭৯টা বৰ্ষ সম্পূৰ্ণ কৰে । এই দম্পত্তিৰ খবৰ শুনি আজি একেমুখে বিশ্বই কৈছে প্ৰেম সঁচাই অনন্য ।

লগতে পঢ়ক: New York Times : নিউয়ৰ্ক টাইমছৰ 24 ঘণ্টীয়া নিউজৰুম ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.