ETV Bharat / state

Bhupen Bora react on Gujarat election: আপৰ বাবেহে গুজৰাটত কংগ্ৰেছে কম আসন পালে: ভূপেন বৰা

author img

By

Published : Dec 9, 2022, 6:35 PM IST

গুজৰাটৰ পৰাজয়ক লৈ প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ গুজৰাটত আপৰ চৰকাৰ হ'ব বুলি কংগ্ৰেছৰ ভোটাৰসকলেও আপকে ভোট দিলে বুলি মন্তব্য বৰাৰ । আনহাতে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাবলৈ বদৰুদ্দিন আজমলে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে আৰু ভবিষ্যতেও হ'ব বুলি কটাক্ষ বৰাৰ(Bhupen Borah comment on Badruddin Ajmal) ।

apcc-president-bhupen-borah-reacts-on-gujarat-election
প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ডিব্ৰুগড়, 9 ডিচেম্বৰ: গুজৰাট নিৰ্বাচনত এইবাৰ বিজেপিয়ে ইতিহাস সৃষ্টি কৰি বিৰোধীক বিধ্বস্ত কৰিলে । কিন্তু এই নিৰ্বাচনে কংগ্ৰেছক আৰু অধিক দুৰ্বল কৰিলে গুজৰাটত । কংগ্ৰেছৰ আসন হ্ৰাস পোৱাৰ আঁৰত মূলতঃ গুজৰাটত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা আপ আৰু এআইএমআইএমক ধৰা হৈছে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও(Assam Congress President Bhupen Borah) গুজৰাটত কংগ্ৰেছৰ পৰাজয়ৰ মূলতে আপ থকাৰ কথা ব্যক্ত কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

উল্লেখ্য যে কংগ্ৰেছ দলক ৰাইজৰ মাজত পুনৰ জনপ্ৰিয় কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশৰ লগত অসমতো ধুবুৰীৰ পৰা আৰম্ভ হৈছে প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra) । ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা শুকুৰবাৰে চৰাইদেউ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত মৰাণ খটখটিৰ পৰা আৰম্ভ কৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বৰডবা খেলপথাৰলৈ অনুষ্ঠিত হয় ।

শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ লোৱা এই ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰি শেহতীয়া গুজৰাটৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(APCC President Bhupen Borah on Gujrat Election) ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "গুজৰাটত কংগ্ৰেছৰ পৰাজয়ৰ মূলতে হ'ল আপ । গুজৰাটত আপৰ কোনো সাংগঠনিক ভেঁটি নাছিল । কংগ্ৰেছৰ ভোট বেংক আপে কাঢ়ি ল'লে ।"

তেওঁ লগতে কয় যে সংবাদ মাধ্যমেও আপৰ চৰকাৰ হ'ব বুলি প্ৰচাৰ কৰিলে সকলোৱে ভাবিলে যে আপৰ চৰকাৰ হ'ব ৷ সেয়ে কংগ্ৰেছৰ ভোটাৰসকলেও আপক ভোট দিলে । আনহাতে AIUDF প্ৰধান বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে ভূপেন বৰাই(Bhupen Borah comment on Badruddin Ajmal) । অসমত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো আজমলে আগৰ পৰাই বিচাৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাবলৈ বদৰুদ্দিন আজমলে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে আৰু ভবিষ্যতেও হ'ব ।

লগতে পঢ়ক: APCC Expells ZPC member Shahjahan Ali: আজমলৰ চুমাৰ বাবেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ হ'ল এজন নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.