ETV Bharat / bharat

Spice Jet flight delayed by 12 hours : ১২ ঘণ্টা পলমকৈ উৰিল বিমান, বিমানবন্দৰত যাত্ৰীৰ প্ৰতিবাদ

author img

By

Published : Dec 9, 2022, 2:55 PM IST

একাংশ যাত্ৰীৰ প্ৰতিবাদত উত্তাল হ'ল বাৰাণসী বিমানবন্দৰ (Passengers protest at Varanasi airport)। মুম্বাই অভিমুখী স্পাইচ জেট বিমানৰ যাত্ৰা ১২ ঘণ্টা পলম হোৱাৰ বাবেই ক্ষোভিত যাত্ৰী । পুৱা ১০:৩০ বজাত যাবলগীয়া বিমান অৱশেষত উৰা মাৰিলে নিশা ১০.৩০ বজাত ।

Airport
বিমানবন্দৰত যাত্ৰীৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ বাৰাণসী বিমান বন্দৰত হুলস্থূলীয়া পৰিৱেশ (Tense situation in Varanasi Airport)। বিমান পৰিচালনা কৰা কোম্পানী স্পাইচ জেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ যাত্ৰীয়ে । বিমান উৰণৰ সময় ১২ ঘণ্টা পলম হোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে যাত্ৰীসকল । ফলস্বৰূপে বিমানবন্দৰত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে ।

Airport
বিমানবন্দৰত যাত্ৰীৰ প্ৰতিবাদ

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুম্বাই অভিমুখী এখন বিমানখন ১২ ঘণ্টাতকৈও অধিক পলম হোৱাৰ বাবে যাত্ৰীসকলৰ মাজত হুলস্থূল লাগে । বিমানবন্দৰত মুম্বাইলৈ যাবলগীয়া যাত্ৰীসকলে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । ১২ ঘণ্টা পলম হোৱাৰ পাছত নিশা ১০:৩০ বজাত বিমানখন মুম্বাইলৈ উৰা মাৰিছিল (Spice Jet flight delayed by 12 hours)। তাৰ পাছত হে বিমানবন্দৰৰ পৰিস্থিতি শান্ত হয় ।

উল্লেখ্য যে স্পাইচ জেটৰ বিমান এছজি-২০১ বৃহস্পতিবাৰে পুৱা ৭:৪৫ বজাত মুম্বাইৰ পৰা উৰা মাৰিব আৰু পুৱা ১০ বজাত বাৰাণসী বিমানবন্দৰত উপস্থিত হ'ব । একেখন বিমানে পুৱা ১০:৩০ বজাত বাৰাণসী বিমানবন্দৰৰ পৰা উৰা মাৰিব আৰু দুপৰীয়া ১২:৩০ বজাত মুম্বাইত অৱতৰণ কৰিব । যাৰ বাবে মুম্বাইলৈ যাবলগীয়া বিমানখনৰ যাত্ৰীসকল পুৱা ৮ বজাৰ পৰা ৯ বজাৰ ভিতৰত বাৰাণসী বিমানবন্দৰত উপস্থিত হৈছিল ।

যেতিয়া বিমানখন বিমানবন্দৰত সময়মতে উপস্থিত হোৱা নাছিল, যাত্ৰীসকলে স্পাইচজেট এয়াৰলাইনছৰ কৰ্মচাৰীসকলক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰিছিল । অভিযোগ অনুসৰি এয়াৰলাইনৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক সান্ত্বনা দি আছিল যে বিমানখন আহি আছে । কিন্তু নিশালৈ কোনো খবৰ নাছিল ।

ইফালে বিমানৰ যাত্ৰা পলম হোৱা স্বত্ত্বেও এয়াৰলাইনৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ কোৱা নাছিল । যাৰ বাবে ক্ষোভিত হৈ পৰে যাত্ৰীসকল । বিমানবন্দৰৰ মুখ্য টাৰ্মিনেল ভৱনত অৱশেষত প্ৰতিবাদত বহে যাত্ৰীসকল (Protest at Varanasi Airport)। ইফালে মুম্বাইৰ পৰা বিমানখন সন্ধিয়া ৮ বজাতহে বাৰাণসীত উপস্থিত হয় আৰু নিশা ১০.৩০ বজাত পুনৰ মুম্বাই অভিমুখে ৰাওনা হয় ।

স্পাইচ জেটৰ স্থানীয় মেনেজাৰ ৰাজেশ সিঙে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে বিমানখনৰ যাত্ৰা পলম হোৱা সম্পৰ্কে যাত্ৰীসকলক ই-মেইল আৰু ফোনৰ জৰিয়তে কোৱা হৈছিল । কিন্তু ইয়াৰ পাছতো, একাংশ যাত্ৰী বিমানবন্দৰলৈ আহিছিল । যাত্ৰীসকলৰ বাবে পুৱাৰ আহাৰৰো ব্যৱস্থা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.