ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 8, 2022, 3:07 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেক মহাৰাষ্ট্ৰৰ ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা কিৰিট সোমাইয়াৰ

মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক উত্থান পতনৰ (Maharashtra political crisis) মাজতে শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেক মহাৰাষ্ট্ৰৰ ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা দিলে বিজেপি নেতা কিৰিট সোমাইয়াই (BJP leader meets CM Eknath Shinde calls Uddhav 'Mafia CM') ।

ডিব্ৰুগড়ত যুৱকৰ আত্মহত্যা: মৃত্যুৰ পূৰ্বে কৰা এটা ভিডিঅ'ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা । পশুপ্ৰেমী হিচাপে পৰিচিত এজন যুৱকে আত্মহত্যা কৰিলে (Dibrugarh youth commits suicide)। আত্মহত্যাৰ পূৰ্বে এটা ভিডিঅ'ত আত্মহত্যাৰ কাৰণ উল্লেখ কৰিলে যুৱকজনে । আচলতে কিহৰ বাবে চৰম পথ বাছি ল'লে যুৱকজনে ?

ঘৰৰ সন্মুখৰ পৰাই চোৰে নিলে বলেৰ'

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ(Narayanpur police station) অন্তৰ্গত বিভিন্ন ঠাইত বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে সংঘটিত হৈছে চুৰিকাণ্ড(Theft in Bihpuria) । নাৰায়ণপুৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ।

ব্যৱহাৰৰ পূর্বেই জৰাজীৰ্ণ ৰূপ ললে পশু চিকিৎসা কেন্দ্রই

নিৰ্মাণৰ পাছতে চিকিৎসালয়ে জৰাজীৰ্ণ ৰূপ লোৱাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ এখন পশু চিকিৎসা কেন্দ্রই চকু কঁপালত তুলিছে সকলোৰে । ২০১৪ চনতে লাখ লাখ টকা ব্য়য় কৰি নিৰ্মাণ কৰা পশু চিকিৎসা কেন্দ্রটো ব্যৱহাৰৰ পূৰ্বেই ললে জৰাজীৰ্ণ ৰূপ(Bad condition of veterinary centre) ।

Artificial Flood in Nazira: ৰাইজে বাঁহ দি বন্ধ কৰিলে পথ

কৃত্ৰিম বানত নাজিৰা নগৰৰ বিভিন্ন অঞ্চল ৷ নাজিৰা-নমাতিৰ ৰাজপথটোৰ ওপৰেদি বৈছে পানী ৷ ক্ষুদ্ধ লোকে বাঁহ বান্ধি বন্ধ কৰে পথটো ৷ প্ৰশাসনৰ লোক উপস্থিত হৈ মুকলি কৰে পথ ৷

এজাক বৰষুণতে বুৰিল শিৱসাগৰ নগৰ

এজাক বৰষুণত উটি গ'ল শিৱসাগৰ নগৰবাসীৰ আভিজাত্য । শিৱসাগৰ পৌৰসভাৰ নাকত চূণ সানি প্ৰকৃতিয়ে অচল কৰি তুলিলে জনজীৱন । কৃত্ৰিম বানত বুৰ গ'ল অএনজিচি কলনি,মুক্তিনাথ চাৰিআলি,কেন্দ্ৰীয় বজাৰ ইত্যাদি(Artificial floods in Sivasagar) ।

বদৰপুৰত বানাক্ৰান্তৰ খবৰ ল’লে ভূপেন বৰাই

ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam) ক্ৰমাৎ উন্নত হোৱাৰ সময়তে শুকুৰবাৰে কৰিমগঞ্জত উপস্থিত হৈ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora visited flood affected area of Karimganj) ৷ লগতে বদৰপুৰৰ দুটাকৈ আশ্ৰয় শিবিৰত কিছু সাহাৰ্য প্ৰদান কৰে সভাপতিগৰাকীয়ে (Bhupen Bora distributed flood relief at Badarpur) ৷

পলিথিন বিক্ৰী কৰা প্ৰতিষ্ঠানত অভিযান নাজিৰা মহকুমা প্ৰশাসনৰ

এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ বেগ আৰু পলিথিন বিক্ৰী তথা ব্যৱহাৰৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে সষ্টম হৈ পৰিছে নাজিৰা মহকুমা প্ৰশাসন ৷ চৰকাৰী নিৰ্দেশনাক আওকান কৰি এতিয়াও বজাৰত প্লাষ্টিক-পলিথিন বেগ আদি বিক্ৰী কৰি থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে আজি শিমলুগুৰি নগৰ পৌৰসভা আৰু নাজিৰা মহকুমা প্ৰশাসনে এক অভিযান চলায় (Raids on shops selling plastic polythene by subdivision administration )৷

নলবাৰীত ঈদ উপলক্ষে অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ

নলবাৰী জিলাৰ লাউতোলাত স্বামীহাৰা তথা অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ স্বেচ্ছাসেৱী সংগঠন শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিৰ । বানৰ সময়তো দুৰ্গতজনক সাহায্য আগবঢ়াইছিল সংস্থাটোৱে ।

ৰাজ্যত ক’ভিড-জাপানী এনকেফেলাইটিছ-ডেংগুৰ আতংক

ৰাজ্যত এতিয়া ক’ভিড, জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক । জাপানী এনকেফেলাইটিছত এতিয়ালৈকে ছয়জন ৰোগীৰ মৃত্যু হৈছে ৷ লগতে কেবাজনো ডেংগুত আক্ৰান্ত হৈছে । ইফালে দৈনিক ক’ভিডত আক্ৰান্তৰ হাৰ উদ্বেগজনকভাৱে ১০ শতাংশতকৈ অধিক হাৰত বৃদ্ধি পাইছে (Covid infection increases in Assam) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.