ETV Bharat / state

এজাক বৰষুণতে বুৰিল শিৱসাগৰ নগৰ

author img

By

Published : Jul 8, 2022, 2:02 PM IST

এজাক বৰষুণত উটি গ'ল শিৱসাগৰ নগৰবাসীৰ আভিজাত্য । শিৱসাগৰ পৌৰসভাৰ নাকত চূণ সানি প্ৰকৃতিয়ে অচল কৰি তুলিলে জনজীৱন । কৃত্ৰিম বানত বুৰ গ'ল অএনজিচি কলনি,মুক্তিনাথ চাৰিআলি,কেন্দ্ৰীয় বজাৰ ইত্যাদি(Artificial floods in Sivasagar) ।

sivasagar city has been rocked by artificial floods
এজাক বৰষুণতে বুৰিল শিৱসাগৰ নগৰ

শিৱসাগৰ,৮ জুলাই: এজাক বৰষুণত বুৰ গ'ল শিৱসাগৰ নগৰ । শুকুৰবাৰে পুৱা প্ৰায় এঘণ্টা সময় ধাৰাষাৰে বৰষুণ দিয়াৰ ফলত শিৱসাগৰ নগৰৰ অধিকাংশ ঠাই পানীত বুৰ যায় । এশ বছৰ পাৰ কৰা শিৱসাগৰ পৌৰসভাৰ নাকত চূণ সানি প্ৰকৃতিয়ে অচল কৰি তুলিলে জনজীৱন(Artificial floods in Sivasagar) । নগৰৰ ONGC কলনি,মুক্তিনাথ চাৰিআলি,কেন্দ্ৰীয় বজাৰ, বৰ্ডিং ৰোড,হস্পিতাল ৰোড,দলমুখ চাৰিআলি, টেম্পল ৰোড,ৰেডক্ৰচ ৰোড,হেমচন্দ্ৰ বৰুৱা ৰোড,দৰবৰ ৰোড আদিকে ধৰি এক বৃহৎ অঞ্চল পানীৰ তলত বুৰ যায়(Daily public life of Sivasagars stunned by artificial floods) ।

এজাক বৰষুণতে বুৰিল শিৱসাগৰ নগৰ

বৰষুণৰ সময়ছোৱাত প্ৰায় দুঘণ্টা ধৰি বুৰ যায় ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান । এই সময়ছোৱাত পুৱাৰ সকলো বাছৰ চলাচল বন্ধ হৈ পৰে । আনহাতে বৰ্ডিং ৰোড আৰু দৰবাৰ ৰোডত পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত বহু কেইখন বাহন পানীত আৱদ্ধ হৈ পৰাৰ লগতে বিকল হৈ পৰে । ইয়াৰ লগতে পথৰ দাঁতিত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত পানী সোমাই পৰাৰ ফলত এক হাঁহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ।

শিৱসাগৰ পৌৰসভাই সময় অনুসৰি নলা-নৰ্দমা সমূহ পৰিষ্কাৰ নকৰাৰ ফলত এইদৰে বৰষুণৰ পানীয়ে অসুবিধাত পেলোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । আনহাতে শিৱসাগৰ পৌৰসভাই ৰাইজৰ সজাগতাৰ অভাৱৰ কথা দোহাৰি কয় যে প্লাষ্টিকৰ বটল,জাৱৰ আদি ৰাইজে নৰ্দমা সমূহত পেলোৱাৰ ফলত নগৰৰ পানী নিষ্কাষণৰ মূল নলা সমূহ বন্ধ হৈ পৰিছে । পৌৰসভাই ৰাইজক নলাত জাৱৰ নিক্ষেপ নকৰিবলৈ আহবান জনাই ।

লগতে পঢ়ক: জোনাইত ধুমুহাৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.