ETV Bharat / city

নলবাৰীত ঈদ উপলক্ষে অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ

author img

By

Published : Jul 8, 2022, 1:28 PM IST

নলবাৰী জিলাৰ লাউতোলাত স্বামীহাৰা তথা অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ স্বেচ্ছাসেৱী সংগঠন শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিৰ । বানৰ সময়তো দুৰ্গতজনক সাহায্য আগবঢ়াইছিল সংস্থাটোৱে ।

Cloths Distributing Among the Guardainless Woman & Child in Nalbari
নলবাৰীত ঈদৰ উপলক্ষ্যে অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ

নলবাৰী, ৮ জুলাই : নলবাৰী জিলাৰ লাউতোলাত শুকুৰবাৰে স্বেচ্ছাসেৱী সংগঠন শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিয়ে স্বামীহাৰা তথা অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ কৰে । শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিয়ে সময়ে সময়ে বিভিন্ন সমাজ কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ বিগত বানৰ সময়চোৱাতো সংস্থাটোৱে দুৰ্গতজনক সাহায্য আগবঢ়াইছিল ।

Cloths Distributing Among the Guardainless Woman & Child in Nalbari
নলবাৰীত ঈদৰ উপলক্ষ্যে অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ

শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিয়ে(Shantipriya Development Society) এইবাৰ ঈদ উপলক্ষে স্বামীহাৰা বিধবা মহিলাসকলক শাৰী আৰু অভিভাৱকহীন কণ কণ ল’ৰা ছোৱালীৰ মাজত চাৰ্ট বিতৰণ কৰে । এই ছ’চাইটিখন ২০২১-২২ চনত পজ্ঞীয়ন কৰা হৈছিল ৷ তেওঁলোকে আগন্তুক সময়তো এনে ধৰণৰ কাম কৰি যোৱাৰ কথা জানিবলৈ দিয়ে ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি আব্দুল মজিদ, সম্পাদক তফিকুৰ ৰহমানৰ লগতে এই কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক মোস্তাফা আলী ৷

নলবাৰীত ঈদৰ উপলক্ষ্যে অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ

উল্লেখ্য যে, দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ ৷ ঈদ উপলক্ষে এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷ বজাৰত দেখা গৈছে ব্যাপক ভিৰ ৷ কিন্তু ৰাজ্যৰ শেহতীয়া বানত ঘৰ-বাৰী সকলো হেৰুৱাই দিশহাৰা হৈ পৰা একাংশ লোকৰ মাজত এতিয়া নাই ঈদ পালনৰ কোনো উৎসাহ উদ্দীপনা ৷ একেদৰে আৰ্থিকভাৱে দুৰ্বল তথা স্বামীহাৰা, অভিভাৱকহীন একাংশ লোকৰ বাবে ঈদ পালন কৰাতো এক প্ৰকাৰৰ সপোনহে ৷ এনে পৰিস্থিতিত শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিৰ এই পদক্ষেপক শলাগ লৈছে একাংশ লোকে ৷

লগতে পঢ়ক : 30 জুলাইত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ব 'জোঙালবলহু'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.