ETV Bharat / state

30 জুলাইত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ব 'জোঙালবলহু'

author img

By

Published : Jul 8, 2022, 12:22 PM IST

30 জুলাইত মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হ’ব 'জোঙালবলহু' (Zongalbalhu drama will be staged at Rabindra Bhawan) ৷ কলং নাট্যগোষ্ঠীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱ আৰু জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত মঞ্চায়ন হ'ব নাটখন ।

Zongalbalhu drama will be staged at Rabindra Bhawan
30 জুলাইত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ব জোঙালবলহু নাটক

গুৱাহাটী, 8 জুলাই: 30 জুলাইত মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হ’ব জোঙালবলহু (Zongalbalhu drama will be staged at Rabindra Bhawan) ৷ কলং নাট্যগোষ্ঠীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱ আৰু জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত মঞ্চায়ন কৰিবলৈ আগবঢ়া জোঙালবলহু নাটকখনৰ শুভ মহুৰত কৰা হয়।

30 জুলাইত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ব জোঙালবলহু নাটক

গুৱাহাটী প্ৰেছ ক্লাৱত (Guwahati Press Club) আয়োজিত উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি নাটকখনৰ শুভ মহুৰত কৰা হয় । মুনমী বৰদলৈৰ ৰচনা আৰু অসীম কুমাৰ নাথৰ পৰিচালনাৰে জোঙালবলহু নাটকখনত অভিনয় কৰিব সাংবাদিকসকলে । এই বুৰঞ্জীমুলক নাটকখনৰ ব্যৱস্থাপনা সহযোগী তিৱা স্বায়ত্ব পৰিষদ (Historical drama Zongalbalahu)।

উক্ত অনুষ্ঠানত পৰিচালক অসীম কুমাৰ নাথ (Director Ahim Kumar Nath), জ্যেষ্ঠ সাংবাদিক শিবানু বৰা, প্ৰণয় বৰদলৈ, প্ৰাণজিৎ শইকীয়া, ধনীৰাম কলিতা, তিৱা সাহিত্য সভাৰ প্ৰধান সম্পাদক বিদ্যুত বিকাশ সেনাপতি, পৰাগজ্যোতি দত্তকে আদি কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: নাজিৰা নাট্য মন্দিৰত গ্ৰীষ্মকালীন নাট কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.