ETV Bharat / state

ব্যৱহাৰৰ পূর্বেই জৰাজীৰ্ণ ৰূপ ললে পশু চিকিৎসা কেন্দ্রই

author img

By

Published : Jul 8, 2022, 2:12 PM IST

নিৰ্মাণৰ পাছতে চিকিৎসালয়ে জৰাজীৰ্ণ ৰূপ লোৱাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ এখন পশু চিকিৎসা কেন্দ্রই চকু কঁপালত তুলিছে সকলোৰে । ২০১৪ চনতে লাখ লাখ টকা ব্য়য় কৰি নিৰ্মাণ কৰা পশু চিকিৎসা কেন্দ্রটো ব্যৱহাৰৰ পূৰ্বেই ললে জৰাজীৰ্ণ ৰূপ(Bad condition of veterinary centre) ।

veterinary centre was slaughtered before use in jonait
জোনাইত ব্যৱহাৰৰ পূর্বেই জৰাজীৰ্ণ ৰূপ ললে পশু চিকিৎসা কেন্দ্রই

জোনাই,৮ জুলাই: ব্যৱহাৰৰ পূর্বেই জহি-খহি গ'ল ধেমাজি জিলাৰ জোনাইৰ অকলেণ্ডত ২০১৪ চনতে লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এখন পশু চিকিৎসা কেন্দ্র(Bad condition of veterinary centre) । পশু চিকিৎসা বিভাগ তথা অসম চৰকাৰৰ চৰম হেমাহিত জোনাইৰ অকলেণ্ডত নির্মাণ কৰা এইখন পশু চিকিৎসা কেন্দ্ৰলৈ কোনো দিনেই কোনোধৰণৰ পশু চিকিৎসক কিম্বা কৰ্মচাৰী নিয়োগ নকৰাত পশু চিকিৎসা কেন্দ্ৰ খনৰ লগতে পশু চিকিৎসক, কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা চৰকাৰী আবাস গৃহবোৰৰৰ দূৱাৰ, খিৰিকি, চিলিং আদি জহিখহি যোৱাৰ লগতে হাবি-জংঘলে আগুৰি পৰিণত হলগৈ ভূতবাংলালৈ ।

জোনাইত ব্যৱহাৰৰ পূর্বেই জৰাজীৰ্ণ ৰূপ ললে পশু চিকিৎসা কেন্দ্রই

উল্লেখ্য যে জোনাইৰ বানবিধ্বস্ত বেৰা চাপৰি অঞ্চলৰ তথা এশ শতাংশ লোকে কৃষি-কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰা অঞ্চলটোৰ ৰাইজৰ একমাত্ৰ পশু চিকিৎসা কেন্দ্ৰখনৰো এনে দুৰৱস্থা হোৱাত কৃষিজীৱি ৰাইজৰ গৰু, ছাগলী, গাহৰি, কুকুৰা, হাঁহ আদি বেমাৰ হলে উপযুক্ত চিকিৎসা নোপোৱাত বা সুদূৰ জোনাইলৈ আহি চিকিৎসা কৰিব নোৱাৰাত বহু সময়ত মৃত্যু হয় পশুধনৰ ।

পশু চিকিৎসা কেন্দ্ৰটোক মেৰামতি কৰি পশু চিকিৎসক, কর্মচাৰী নিয়োগৰ বাবে বাৰম্বাৰ বিভাগীয় কর্তৃপক্ষ তথা চৰকাৰৰ ওচৰত আবেদন কৰি অহাৰ পিচতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে অঞ্চলটোৰ কৃষিজীৱি ৰাইজে । সেয়ে জোনাই অকলেণ্ডত থকা উক্ত জৰাজীৰ্ণ পশু চিকিৎসা কেন্দ্রখনক শীঘ্ৰে পুনৰ মেৰামতি কৰাৰ লগতে চিকিৎসক-কৰ্মচাৰী নিয়োগ কৰি পশুধনৰ চিকিৎসাৰ বাবে উপযুক্ত কৰি তুলিবলৈ দাবী জনাইছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ।

লগতে পঢ়ক: প্ৰচণ্ড বৰষুণকো নেওচি সোণাৰিত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.