ETV Bharat / bharat

শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেক মহাৰাষ্ট্ৰৰ ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা কিৰিট সোমাইয়াৰ

author img

By

Published : Jul 8, 2022, 2:06 PM IST

BJP leader meets CM Eknath Shinde, calls Uddhav 'Mafia CM'
শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেক মহাৰাষ্ট্ৰৰ ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা কিৰিট সোমাইয়াৰ

মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক উত্থান পতনৰ (Maharashtra political crisis) মাজতে শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেক মহাৰাষ্ট্ৰৰ ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা দিলে বিজেপি নেতা কিৰিট সোমাইয়াই (BJP leader meets CM Eknath Shinde calls Uddhav 'Mafia CM') ।

নিউজ ডেস্ক, 8 জুলাই : মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক উত্থান পতনৰ(Maharashtra political crisis) মাজতে শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেক মহাৰাষ্ট্ৰৰ ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা দিলে বিজেপি নেতা কিৰিট সোমাইয়াই (BJP leader meets CM Eknath Shinde calls Uddhav 'Mafia CM') । বৃহস্পতিবাৰে মাৰাঠী আৰু ইংৰাজী ভাষাত টুইট কৰি সোমাইয়াই নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী একনাথ সিন্দেক (Rebel Sena Eknath Shinde) ধন্যবাদ জ্ঞাপন কৰে ৷

বিজেপি নেতাগৰাকীৰ এই পোষ্টটোৱে সম্প্ৰতি শিৱসেনাৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে ৷ ইফালে, শিৱসেনাৰ নেত্ৰী দীপালী ছায়েদে (Shiv Sena leader Deepali Sayed) বিদ্ৰোহী বিধায়কক তীব্ৰভাৱে সমালোচনা কৰে । লগতে "শিৱসেনাৰ বিধায়কসকলে মৃত মাতৃৰ গাখীৰ খাই ক্ষমতালৈ আহিছিল নেকি ? কিৰিট সোমাইয়াই উদ্ধৱ চাহেবৰ বিৰুদ্ধে কথা পাতিব আৰু আপোনালোকে শুনিব" বুলি প্ৰশ্ন কৰি শিৱসেনাৰ নেত্ৰীগৰাকীয়ে টুইট কৰে ৷

আনহাতে, শিৱসেনাৰ অধ্যক্ষগৰাকীক ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা দিয়াৰ ফলত গুজৰি উঠিছে শিৱসেনা ৷ ফলত ছোমাইয়া আৰু সিন্দে দলৰ লগত শিৱসেনাৰ মাৰপিটৰ দৰে ঘটনাৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, বিগত বছৰৰ অক্টোবৰ মাহত ছোমাইয়াই তেতিয়াৰ এমভিএ চৰকাৰে তেতিয়াৰ শাসকীয় মিত্ৰজোঁটৰ নেতা আৰু মন্ত্ৰীসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ সময়তে ‘মাফিয়াৰ দৰে আৰক্ষীক ব্যৱহাৰ কৰিছিল’ (Using the police like a mafia) বুলি অভিযোগ উত্থাপন কৰিছিল ৷

এই অভিযোগৰ পাছতে প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ (Former Home Minister Anil Deshmukh) , পৰিবহণ মন্ত্ৰী অনিল পৰব (Transport Minister Anil Parab) আৰু সংসদ সদস্য ভৱনা গোৱালীৰ (Member of Parliament Bhavana Gawali ) বিৰুদ্ধে তদন্ত চলি আছে ।

লগতে পঢ়ক: UN Report: ভাৰতৰ ৭১ শতাংশ লোক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.