ETV Bharat / city

Artificial Flood in Nazira: ৰাইজে বাঁহ দি বন্ধ কৰিলে পথ

author img

By

Published : Jul 8, 2022, 2:03 PM IST

কৃত্ৰিম বানত নাজিৰা নগৰৰ বিভিন্ন অঞ্চল ৷ নাজিৰা-নমাতিৰ ৰাজপথটোৰ ওপৰেদি বৈছে পানী ৷ ক্ষুদ্ধ লোকে বাঁহ বান্ধি বন্ধ কৰে পথটো ৷ প্ৰশাসনৰ লোক উপস্থিত হৈ মুকলি কৰে পথ ৷

Artificial Flood in Nazira
ৰাইজে বাঁহ দি বন্ধ কৰিলে পথ

নাজিৰা, 8 জুলাই : পুৱা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত শুকুৰবাৰে নাজিৰা নগৰৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত ডুব যায়(Artificial Flood in Nazira) ৷ নগৰখনৰ বহুকেইটা ৱাৰ্ডত মানুহৰ ঘৰৰ ভিতৰত পানী সোমোৱাৰ লগতে নাজিৰা-নমাতিৰ ৰাজপথটোৰ ওপৰেদি বৈছে পানী ৷ যাৰবাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰী ৷

ৰাইজে বাঁহ দি বন্ধ কৰিলে পথ

নাজিৰা-নমাতিৰ পথটোৰে পানী যাব পৰা কালভাৰ্টতোত অঞ্চলটোৰ দুজন গাঁওবুঢ়াই মাটি ভৰাই পুতি পেলোৱাত অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ যাৰবাবে আজি পুৱা স্থানীয় লোকে বাঁহ বান্ধি পথটো বন্ধ কৰি দিয়ে ৷ পাছত উক্ত স্থানত প্ৰশাসনৰ লোক উপস্থিত হৈ পথটো পুনৰ মুকলি কৰি দিয়ে ৷ ইফালে বৰ্তমানো পথটোৰ ওপৰেদি বাগৰি আছে পানী ৷

লগতে পঢ়ক : প্ৰচণ্ড বৰষুণকো নেওচি সোণাৰিত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.