ETV Bharat / city

ৰাজ্যত ক’ভিড-জাপানী এনকেফেলাইটিছ-ডেংগুৰ আতংক

author img

By

Published : Jul 8, 2022, 1:15 PM IST

Updated : Jul 8, 2022, 2:13 PM IST

after-worst-floods-there-has-been-a-steep-rise-in-cases-of-japanese-encephalitis-covid-19-dengue-at-assam
ৰাজ্যত ক’ভিড-জাপানী এনকেফেলাইটিছ-ডেংগুৰ আতংক

ৰাজ্যত এতিয়া ক’ভিড, জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক । জাপানী এনকেফেলাইটিছত এতিয়ালৈকে ছয়জন ৰোগীৰ মৃত্যু হৈছে ৷ লগতে কেবাজনো ডেংগুত আক্ৰান্ত হৈছে । ইফালে দৈনিক ক’ভিডত আক্ৰান্তৰ হাৰ উদ্বেগজনকভাৱে ১০ শতাংশতকৈ অধিক হাৰত বৃদ্ধি পাইছে (Covid infection increases in Assam) ।

গুৱাহাটী, 8 জুলাই: ৰাজ্যত এতিয়া ক’ভিডৰ লগতে জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক । ৰাজ্যজুৰি প্ৰলয়ংকৰী বানৰ (Flood in Assam) পাছত এতিয়া আৰম্ভ হৈছে জাপানী এনকেফেলাইটিছ, ডেংগু আৰু ক’ভিড ৰোগৰ প্ৰাদুৰ্ভাৱ । জাপানী এনকেফেলাইটিছত এতিয়ালৈকে ছয়জন ৰোগীৰ মৃত্যু হৈছে (Japanese Encephalitis Outbreak in Assam) ৷ লগতে কেবাজনো ডেংগুত আক্ৰান্ত হৈছে ।

ইফালে ৰাজ্যত ক’ভিডৰ সংক্ৰমণো দ্ৰুতগতিত বাঢ়ি আহিছে (Rise in cases of Covid 19) ৷ দৈনিক ক’ভিডত আক্ৰান্তৰ হাৰ উদ্বেগজনকভাৱে ১০ শতাংশতকৈ অধিক হাৰত বৃদ্ধি পাইছে (New covid cases in Assam) । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত এপ্ৰিলৰ পৰা 7 জুলাই পর্যন্ত অসমত ৪৮ জন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে (Rise in cases of Japanese encephalitis) ৷ ইয়াৰে 6 জনৰ মৃত্যু হৈছে । মৃত্যু হোৱা কেইজনৰ ভিতৰত দুজন যোৰহাটৰ, এজন লখিমপুৰৰ, এজন কামৰূপৰ আৰু এজন ধেমাজিৰ আছিল ৷

ইপিনে 7 জুলাই পর্যন্ত ১৪৩ জনৰ দেহত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগ ধৰা পৰিছে । ইয়াৰে ১৬ জনৰ মৃত্যু হৈছে । অর্থাৎ বিগত এপ্ৰিলৰ পৰা আজি পর্যন্ত জাপানী এনকেফেলাইটিছ আৰু জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত মুঠ ২২ জন লোকৰ মৃত্যু হৈছে । আনহাতে, এতিয়ালৈকে ৰাজ্যত ১৯ জন লোকৰ দেহত ডেংগু ধৰা পৰিছে (Rise in cases of Dengue) ৷

after-worst-floods-there-has-been-a-steep-rise-in-cases-of-japanese-encephalitis-covid-19-dengue-at-assam
ৰাজ্যত ক’ভিড-জাপানী এনকেফেলাইটিছ-ডেংগুৰ আতংক

সম্প্ৰতি ৰাজ্যত পানীৰ পৰা হোৱা আৰু ভেক্টৰজনিত ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে (National Health Mission) বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক সূত্ৰই জনায় । বান কমি অহাৰ ফলত আশ্ৰয় শিবিৰৰপৰা ঘৰলৈ উভতি যোৱা বন্যাক্ৰান্তসকলে দূষিত পানী সেৱন কৰাৰ ফলত কেইবাখনো জিলাৰ নিৰ্দিষ্ট কিছুমান অঞ্চলত সৃষ্টি হোৱা স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাযালয়ত পর্যালোচনা কৰা হৈছে ।

এই পর্যালোচনাৰ জৰিয়তে জিলাৰ স্বাস্থ্য দলসমূহক নিৰীক্ষণ প্ৰক্ৰিয়া অধিক উন্নত কৰিবলৈ আৰু জ্বৰত আক্ৰান্ত ৰোগীৰ বিষয়ে সময়মতে কর্তৃপক্ষক অৱগত কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ড৹ লক্ষ্মীপ্ৰিয়াই নিৰ্দেশ দিছে । আনহাতে, ৰাজ্যত দৈনিক ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । বৃস্পতিবাৰে ৰাজ্যত সম্পন্ন কৰা ২৬৩৭ ক’ভিড পৰীক্ষাৰ ভিতৰত ২৩৭ জনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে (Covid 19 update in Assam) ।

পজিটিভিটীৰ হাৰ ১০.৩৪ শতাংশ । ক’ভিড পজিটিভ ধৰা পৰা ৰোগীৰ ভিতৰত ১০০ জন কামৰূপ মহানগৰ, ৪৬ জন কামৰূপ, ৩৪ জন ডিব্ৰুগড় আৰু ১৭ জন দৰং জিলাৰ বুলি জানিব পৰা গৈছে । বৃস্পতিবাৰ পর্যন্ত অসমত মুঠ ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা হৈছে ১১৩৮ জন (Covid infection increases in Assam) । উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাও শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈছে (GMCH Superintendent Abhijit Sarma tests positive for Covid 19) ।

লগতে পঢ়ক: প্ৰতিদিনে ১০ লাখ স্পাম একাউণ্ট বন্ধ টুইটাৰৰ

Last Updated :Jul 8, 2022, 2:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.