ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 17, 2022, 2:59 PM IST

3 বজাৰ 10 টা শীৰ্ষ বাতৰি
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

SC rejects bilkis bano plea : উচ্চতম ন্যায়ালয়ত খাৰিজ হ’ল বিলকিছ বানুৰ আবেদন

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে খাৰিজ কৰিলে বিলকিছ বানুৰ আবেদন (SC rejects bilkis bano plea) ৷ জঘন্য অপৰাধটো যিহেতু গুজৰাটত সংঘটিত হৈছিল গতিকে ৰাজ্যখনত প্ৰচলিত শাস্তি লাঘৱ নীতি অনুসৰিয়েই অপৰাধীয়ে শাস্তি ভুগিব অথবা শাস্তি লাঘৱ কৰা হ’ব (Gujarat government remission to 11 convicts) বুলি ভুক্তভোগীৰ আবেদন সন্দৰ্ভত বিচাৰপীঠে আজি এই তাৎপৰ্যপূৰ্ণ ৰায় প্ৰদান কৰে ৷

AJP Foundation Day : যুঁজি যুঁজি জাতীয়তাবাদৰ ধ্বজা উৰুওৱাৰ সংকল্প লুৰীণজ্যোতি গগৈৰ

আজি অসম জাতীয় পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস (AJP 2nd Foundation Day)৷ শনিবাৰে অজাপৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত, সোণাৰি নাজিৰা সমষ্টি সমিতি আৰু নিমনাগড় আঞ্চলিক সমিতিৰ সহযোগত চৰাইদেউ জিলাৰ মথুৰাপুৰত আয়োজন কৰা হৈছে দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (AJP Foundation Day celebrated in Charaideo)৷

Kiren Rijiju slams Rahul Gandhi: ভাৰতীয় সেনাক অপমান কৰিছে ৰাহুল গান্ধীয়ে: কিৰেন ৰিজিজু

জয়পুৰত অনুষ্ঠিত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে অৰুণাচল প্ৰদেশৰ টাৱাঙত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ(indo China border clash) সন্দৰ্ভত আগবঢ়াইছিল এক বিতৰ্কিত মন্তব্য(Rahul Gandhi in PC On Tawang) । সেই মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ।

APCC Internal Conflict: ৰকিবুল হুছেইনৰ কোপদৃষ্টিত পৰিল নেকি যুৱনেত্ৰী অংকিতা দত্ত !

এইবাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক লৈ দলটোৰ অসমৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতিয়ে প্ৰদেশ কংগ্ৰেছত তোলপাৰ লগাইছে (APCC senior leader politics with Ankita Dutta) ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অজ্ঞাতে হঠাতে যুৱ কংগ্ৰেছৰ নিৰ্বাচন ঘোষণা কৰে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ নেতৃত্বই ৷ ইয়াকে লৈ দলটোৰ ভিতৰচ’ৰাত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হোৱা বুলিলেও ভুল কোৱা নহ’ব ৷

Ghost In School: বিদ্যালয়ত ভূতৰ তাণ্ডৱ !

মধ্যপ্ৰদেশৰ শ্বাহডোল জিলাত পোহৰলৈ আহিছে ভূতৰ অবিশ্বাস্য ঘটনা (ghost in shahdol school)৷ শ্বাহডোল জিলাৰ অন্তিম প্ৰান্তৰ বিলতিকুৰীৰ ঝিংকবিজুৰী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়া ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে হঠাতে তেওঁলোকে অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰে (students start dancing as soon as enter in school) ৷

FIFA World cup 2022 : তৃতীয় স্থানৰ বাবে আজি অৱৰ্তীণ হ’ব মৰক্কো-ক্ৰোৱেছিয়া

ফিফা বিশ্বকাপ ২০২২ত আজি তৃতীয় স্থানৰ বাবে মুখামুখি হ’ব মৰক্কো আৰু ক্ৰোৱেছিয়া । চলিত বিশ্বকাপত দুয়োটা দলৰ মাজত হোৱা প্ৰথমখন খেল ০-০ গ’লত অমীমাংসিতভাৱে সমাপ্ত হৈছিল ।

Assam Govt Recruitment : তৃতীয়বৰ্গৰ ১৩,৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা

ৰাজ্য চৰকাৰৰ ১৩,৩০০ টা পদৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হ'ব ২৬,৬০০ গৰাকী প্ৰাৰ্থী । ছেবাৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে এডমিট কার্ড । তৃতীয়বৰ্গৰ দক্ষতা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতেই চতুৰ্থবৰ্গৰ ১৩,৩৪১ টা পদৰ বাবে ২৬,৬৮২গৰাকী প্ৰাৰ্থীৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব । আগন্তুক ৩-৪ মাহৰ ভিতৰত ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ লক্ষ্য চৰকাৰৰ (Assam Govt recruitment) ।

Groom got bulldozer as dowry: যৌতুকত বুলড'জাৰ দিলে কইনাৰ পিতৃয়ে

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশতে ৰাজ্যখনৰ বুলড'জাৰৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ আকৌ এবাৰ চৰ্চাত আহিছে বুলড'জাৰৰ বিষয়টো ৷ কিন্তু এইবাৰ কোনো নিৰ্বাচন বা ৰাজনীতিৰ বিষয়ক নহয়, এক বিবাহ অনুষ্ঠানক লৈহে চৰ্চাত আহিছে এই বিষয়টো (Groom got bulldozer as dowry) ৷

Raktsey Karpo apricots get GI tagging: লাডাখৰ ৰাক্তচি কাৰ্পো এপ্ৰিকটতলৈ GI টেগ

অসমৰ গামোচাৰ পাছত এইবাৰ লাডাকৰ সুস্বাদু ৰাক্তচি কাৰ্পো এপ্ৰিকটতে লাভ কৰিছে GI টেগ(Gi tagging of Ladakh apricot) । ইয়াৰ পাছতে উৎফুল্লিত হৈ পৰিছে লাডাখৰ জনতা । এই স্বীকৃতিয়ে এপ্ৰিকটৰ জনপ্ৰিয়তা আৰু উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ।

Kharge Targets Modi Govt : ডোকলাম-শিলিগুৰি কৰিডৰক লৈ মোদী চৰকাৰক লক্ষ্য খাৰ্গেৰ

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ভাৰত-চীন সংঘাতৰ বিষয়টোত পুনৰ এবাৰ প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি কয় যে এই বিষয়টো আমাৰ দেশৰ নিৰাপত্তাৰ সৈতে সম্পৰ্কিত (Kharge Targets Modi Govt on Arunachal issue) । দেশত চীনৰ বিষয়ে কেতিয়া আলোচনা কৰা হ'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.