Kiren Rijiju slams Rahul Gandhi: ভাৰতীয় সেনাক অপমান কৰিছে ৰাহুল গান্ধীয়ে: কিৰেন ৰিজিজু

author img

By

Published : Dec 17, 2022, 2:45 PM IST

Kiren Rijiju slams Rahul Gandhi

জয়পুৰত অনুষ্ঠিত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে অৰুণাচল প্ৰদেশৰ টাৱাঙত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ(indo China border clash) সন্দৰ্ভত আগবঢ়াইছিল এক বিতৰ্কিত মন্তব্য(Rahul Gandhi in PC On Tawang) । সেই মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ।

নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ: পুনৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰি জনতাৰ ৰোষত ৰাহুল গান্ধী । শুকুৰবাৰে জয়পুৰত ভাৰত জোড়ো যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণ হোৱা (Bharat Jodo yatra In Rajasthan) সন্দৰ্ভত অনুষ্ঠিত এখন সংবাদমেলত ৰাহুল গান্ধীৰ বক্তব্যই এতিয়া ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে (Rahul Gandhi in PC On Tawang) । ৰাহুল গান্ধীয়ে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ টাৱাঙত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ (indo China border clash) সন্দৰ্ভত এক বিবৃতি দি কয় যে ভাৰতীয় সৈন্যসকলক চীনা সৈন্যই প্ৰহাৰ কৰিছে ।

  • "Yangtse area in Tawang, Arunachal Pradesh is fully secured now due to adequate deployment of the brave jawans of Indian Army," tweets Union minister Kiren Rijiju. pic.twitter.com/Zq3IzjJVCm

    — ANI (@ANI) December 17, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাহুল গান্ধীৰ বক্তব্যৰ পাছতে এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহু ৰাজনৈতিক নেতায়ো । ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে(Kiren Rijiju slams Rahul Gandhi) । শনিবাৰে আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক চীন আৰু সেনাসন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে তেওঁ কেৱল ভাৰতীয় সেনাক অপমান কৰাই নহয়, দেশৰ ভাবমূৰ্তিও কলুষিত কৰিছে(Kiren Rijiju meet jawans of Indian Army) ।

গান্ধীয়ে অভিযোগ কৰিছিল যে ভাৰত চৰকাৰে শুই থকা অৱস্থাত চীনে যুদ্ধৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু ভাবুকিক উপেক্ষা কৰিবলৈ চেষ্টা কৰিছিল । তেওঁ লগতে অভিযোগ কৰিছিল যে চীনে ২,০০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূখণ্ড কাঢ়ি লৈছে, ২০ জন ভাৰতীয় সৈনিকক হত্যা কৰিছে আৰু অৰুণাচল প্ৰদেশত আমাৰ সৈনিকসকলক প্ৰহাৰ কৰিছে । ৰিজিজুৱে লগতে উল্লেখ কৰে যে ৰাহুল গান্ধী কেৱল কংগ্ৰেছ দলৰ বাবেই সমস্যা নহয়, দেশৰ বাবেও এক ডাঙৰ অস্বস্তিৰ কাৰণ হৈ পৰিছে ।

লগতে সাংসদ ৰিজিজুৱে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীক লৈ ভাৰতৰ জনসাধাৰণ গৌৰৱান্বিত । চীনা সৈন্যৰ সৈতে সংঘৰ্ষৰ পিছত আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ য়াংজি অঞ্চল পৰিদৰ্শন কৰি আগবঢ়াই এই মন্তব্য(Kiren Rijiju visit Yangtse area in Tawang) । টাৱাঙৰ য়াংজি অঞ্চল পৰিদৰ্শনৰ সময়চোৱাত ৰিজিজুৱে উল্লেখ কৰে যে ভাৰতীয় সেনাৰ সাহসী সৈনিকৰ পৰ্যাপ্ত নিযুক্তিৰ বাবে অৰুণাচল প্ৰদেশৰ টাৱাং সম্পূৰ্ণৰূপে সুৰক্ষিত ।

লগতে পঢ়ক: Reaction on Rahul Gandhi statement: ৰাহুল গান্ধীক প্ৰত্যুত্তৰ টাৱাংবাসীৰ: ভাৰতীয় সেনাইহে চীনা সৈন্যক পিটিছিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.