ETV Bharat / bharat

Reaction on Rahul Gandhi statement: ৰাহুল গান্ধীক প্ৰত্যুত্তৰ টাৱাংবাসীৰ: ভাৰতীয় সেনাইহে চীনা সৈন্যক পিটিছিল

author img

By

Published : Dec 17, 2022, 12:19 PM IST

Reaction on Rahul Gandhi statement
ভাৰতীয় সেনাইহে চীনা সৈন্যক পিটিছিল: টাৱাংবাসী

জয়পুৰত অনুষ্ঠিত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে অৰুণাচল প্ৰদেশৰ টাৱাঙত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ(indo China border clash) সন্দৰ্ভত আগবঢ়াইছিল এক বিতৰ্কিত মন্তব্য(Rahul Gandhi in PC On Tawang) । সেই মন্তব্যৰ পাছতে চ'ছিয়েল মিডিয়াত লাগিছে যথেষ্ট তোলপাৰ । ভাৰতীয় সৈন্যসকলক চীনা সৈন্যই প্ৰহাৰ কৰিছে বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে টাৱাঙৰ যুৱপ্ৰজন্মই ।

ভাৰতীয় সেনাইহে চীনা সৈন্যক পিটিছিল: টাৱাংবাসী

নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ: পুনৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰি জনতাৰ ৰোষত ৰাহুল গান্ধী । শুকুৰবাৰে জয়পুৰত ভাৰত জোড়ো যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণ হোৱা (Bharat Jodo yatra In Rajasthan) সন্দৰ্ভত অনুষ্ঠিত এখন সংবাদমেলত ৰাহুল গান্ধীৰ বক্তব্যই এতিয়া ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে (Rahul Gandhi in PC On Tawang) । ৰাহুল গান্ধীয়ে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ টাৱাঙত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ (indo China border clash) সন্দৰ্ভত এক বিবৃতি দি কয় যে ভাৰতীয় সৈন্যসকলক চীনা সৈন্যই প্ৰহাৰ কৰিছে ।

  • राहुल गाँधी के भारतीय सैनिकों पर दिए ओछे बयान पर चीन सीमा पर स्थित तवांग के नागरिकों की प्रतिक्रिया pic.twitter.com/ejVJT5vMzW

    — Laxmikant bhardwaj (@lkantbhardwaj) December 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাহুল গান্ধীৰ বক্তব্যৰ পাছতে এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু জয়পুৰ গ্ৰাম্য সাংসদ কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাঠোৰে তেওঁৰ বক্তব্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । ইফালে ৰাজস্থানৰ বিজেপি নেতা লক্ষ্মীকান্ত ভৰদ্বাজেও তেওঁৰ টুইটাৰত টাৱাঙৰ জনসাধাৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে যে অৰুণাচল প্ৰদেশৰ মানুহে ৰাহুল গান্ধীক এখন সঁচা ছবি দেখুৱাইছে(Reaction on Rahul Gandhi statement) ।

কংগ্ৰেছৰ সাংসদ ৰাজ্যবৰ্ধন সিং ৰাঠোৰে টুইট কৰি কয় যে সমগ্ৰ দেশে টাৱাঙত ভাৰতীয় সেনাৰ বীৰত্বক প্ৰশংসাৰে ওপচাই তুলিছে । তেনে সময়ত ৰাহুল গান্ধীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক । তেওঁ লগতে কয় যে ৰাহুল গান্ধীয়ে ব্যাখ্যা কৰা উচিত যে তেওঁৰ প্ৰপিতামহে কিয় দেশৰ ৩৭,০০০ বৰ্গ কিলোমিটাৰ মাটি চীনৰ হাতত হেৰুৱাইছিল । তেওঁ ৰাহুল গান্ধীৰ মন্তব্যক গৰিহণাৰ যোগ্য বুলি অভিহিত কৰে(Chinese soldiers were beaten up by Indian soldiers) ।

ইফালে কপিল মিশ্ৰাই লগতে লিখিছিল যে যেতিয়াই চীনক ঘেৰাও কৰা হয় তেতিয়াই ৰাহুল গান্ধীক বিতৰ্কৰ মাজলৈ অনাহয় । একে সময়তে, লক্ষ্মীকান্ত ভৰদ্বাজে টুইটাৰত ৰাহুলৰ শেহতীয়া মন্তব্যক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰে আৰু কয় যে অৰুণাচল প্ৰদেশৰ ৰাইজে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Auction of Nataraj Idol: তামিলনাডু আৰক্ষীৰ হস্তক্ষেপ, ফ্ৰান্সত নটৰাজ মূৰ্তি নিলাম স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.