ETV Bharat / state

Assam Govt Recruitment : তৃতীয়বৰ্গৰ ১৩,৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা

author img

By

Published : Dec 17, 2022, 1:23 PM IST

ৰাজ্য চৰকাৰৰ ১৩,৩০০ টা পদৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হ'ব ২৬,৬০০ গৰাকী প্ৰাৰ্থী । ছেবাৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে এডমিট কার্ড । তৃতীয়বৰ্গৰ দক্ষতা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতেই চতুৰ্থবৰ্গৰ ১৩,৩৪১ টা পদৰ বাবে ২৬,৬৮২গৰাকী প্ৰাৰ্থীৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব । আগন্তুক ৩-৪ মাহৰ ভিতৰত ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ লক্ষ্য চৰকাৰৰ (Assam Govt recruitment) ।

recruitment
recruitment

গুৱাহাটী, ১৭ ডিচেম্বৰ : নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এক লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ আৰু এটা সবল খোজ (Assam govt target to 1 lakh recruitment) । ২১ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব তৃতীয়বৰ্গৰ ১৩,৩০০ টা খালী পদ পূৰণৰ বাবে দক্ষতা পৰীক্ষা (skill test) ।

তৃতীয়বৰ্গৰ ১৩৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা
তৃতীয়বৰ্গৰ ১৩৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা

ইতিমধ্যে ছেবাৰ ৱেবছাইট www.sebaonline.org যোগে প্রার্থীসকলৰ এডমিট কার্ড দিয়া আৰম্ভ কৰা হৈছে । উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা তৃতীয়বর্গৰ ১৩,৩০০ টা আৰু চতুৰ্থবৰ্গৰ ১৩,৩৪১ টা পদ পূৰণৰ বাবে যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল (recruitment test for 3rd grade and 4th grade) । এই লিখিত পৰীক্ষা যাতে সম্পূর্ণ সুকলমে অনুষ্ঠিত হয় তাৰ বাবে পৰীক্ষাৰ দিনটোত ৰাজ্যত ইণ্টাৰনেট সেৱা পৰ্যন্ত কৰ্তন কৰা হৈছিল ।

তৃতীয়বৰ্গৰ ১৩৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা
তৃতীয়বৰ্গৰ ১৩৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা

১৭ অক্টোবৰত চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল আৰু ৬ নৱেম্বৰত তৃতীয়বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় (Assam Govt recruitment) । এই লিখিত পৰীক্ষাৰ ফলাফলত এটা খালী পদৰ বিপৰীতে দুগৰাকীকৈ প্ৰাৰ্থী বাছনি কৰা হয় । সেই অনুসৰি, তৃতীয়বৰ্গৰ খালী পদৰ বাবে মুঠ ২৬,৬০০ গৰাকী প্ৰাৰ্থী আৰু চতুৰ্থবৰ্গৰ খালী পদৰ বাবে ২৬,৬৮২ গৰাকী প্ৰাৰ্থী বাছনি কৰা হয় ।

জানিব পৰা মতে, অহা ২১ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ তৃতীয়বৰ্গৰ পদৰ বাবে হ’বলগীয়া দক্ষতা পৰীক্ষাত প্ৰাৰ্থীসকলে কম্পিউটাৰ চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব (Assam Govt 3rd grade skill test) । অৱশ্যে ষ্টেনোগ্ৰাফাৰ আৰু গাড়ীচালকৰ দক্ষতা পৰীক্ষাৰ দিন এই মুহূৰ্তলৈ ঘোষণা কৰা নাই । অচিৰেই উক্ত পৰীক্ষাৰো দিন ছেবাই ঘোষণা কৰিব । তৃতীয়বৰ্গৰ দক্ষতা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতেই চতুৰ্থবৰ্গৰ পদসমূহ পূৰণৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিব ।

তৃতীয়বৰ্গৰ ১৩৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা
তৃতীয়বৰ্গৰ ১৩৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা

এই তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদসমূহৰ নিযুক্তি প্রক্রিয়া সম্পূৰ্ণ হ'লে প্ৰায় ২৭ হাজাৰ যুৱক-যুৱতীয়ে নতুনকৈ চাকৰি লাভ কৰিব (Assam Govt 4th grade skill test) । উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সদৰী কৰিছিল যে ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ ভিতৰত ইতিমধ্যে ৮০ হাজাৰৰ নিযুক্তি সম্পূৰ্ণ হৈছে (CM Himanta Biswa Sarma) । শীঘ্ৰেই ২০ হাজাৰ পদত নিযুক্তি দিয়া হ'ব । আগন্তুক ৩-৪ মাহৰ ভিতৰত শেষ হ'ব ১ লাখ নিযুক্তি ।

১০ হাজাৰ পদৰ বাবে নতুনকৈ ফৰেষ্ট বেটেলিয়নকে ধৰি কেইবাটাও বিভাগ গঠন কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে । উল্লেখ্য যে বিজেপিৰ চৰকাৰ হ'লে এবছৰৰ ভিতৰত এক লাখ নিযুক্তি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ । সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বিগত এবছৰত নহ'ল । দুবছৰৰ ভিতৰত হয়তো চৰকাৰখনে এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক :Groom got bulldozer as dowry: যৌতুকত বুলড'জাৰ দিলে কইনাৰ পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.